ভাৰতে কি চিন্তা কৰে, আজি বিশ্বই জানিব বিচাৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 11 Months ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী

তিনিখন দেশৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা দিল্লীত উপস্থিত হয়। দেশলৈ উভতি তেওঁ কয় যে  ভাৰতে কি চিন্তা কৰে, আজি বিশ্বই জানিব বিচাৰিছে।
 
তেওঁক আদৰণি জনাবলৈ সমবেত হোৱা জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিদেশ ভ্ৰমণৰ সময়ত সেই দেশসমূহৰ জনসাধাৰণে মোক সুধিছিল যে মই কিয় ক'ভিড ভেকচিন সমগ্ৰ বিশ্বক আগবঢ়ালো। তেতিয়া মই তেওঁলোকক কও যে এইখন বুদ্ধৰ দেশ, এইখন গান্ধীৰ দেশ। আমি আনকি আমাৰ শত্ৰুকো সমানে যত্ন লওঁ। প্ৰকৃতাৰ্থত আজি বিশ্বই জানিব বিচাৰিছে ভাৰতে কি ভাবিছে, কি চিন্তা কৰিছে।"
"যেতিয়া মই মোৰ দেশৰ সংস্কৃতিৰ কথা কওঁ তেতিয়া মই বিশ্বৰ চকুলৈ চাওঁ। এই আত্মবিশ্বাস এই কাৰণেই আহিছে যে আপুনি দেশত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছে। ইয়ালৈ অহাসকল ভাৰতক ভালপোৱা মানুহ, প্ৰধানমন্ত্ৰী মোদীক নহয়।" তেওঁ কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে পাপুৱা নিউ গিনিত 'থিৰুক্কুৰাল' নামৰ গ্ৰন্থখনৰ টক পিচিন অনুবাদ প্ৰকাশৰ কথা উল্লেখ কৰি কয়, "তামিল ভাষা আমাৰ ভাষা। ই প্ৰতিজন ভাৰতীয়ৰ ভাষা। ই বিশ্বৰ আটাইতকৈ পুৰণি ভাষা। মই 'থিৰুক্কুৰাল' কিতাপখনৰ টক পিচিন অনুবাদ পাপুয়া নিউ গিনিত উন্মোচন কৰাৰ সুযোগ পাইছিলো।"
উল্লেখ্য যে, প্রধানমন্ত্রী মোদীয়ে জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্রেলিয়া ভ্রমণ সমাপ্ত কৰি আজি পুৱা দিল্লীৰ পালাম বিমানবন্দৰত উপস্থিত হয়৷ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলৰ সদস্যসকলে মালা পিন্ধাই আদৰণি জনায়।
 
প্ৰধানমন্ত্ৰী মোডীৰ শলাগ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে কয়, "বিশ্বই আপোনাৰ প্ৰশাসন শৈলীক প্ৰশংসা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দৰে বিশ্ব নেতাই আপোনাৰ অটোগ্ৰাফ বিচাৰিছিল, ইয়াৰ পৰা দেখা যায় যে আপোনাৰ নেতৃত্বত বিশ্বই ভাৰতক আজি কেনেদৰে চাইছে।"