ব্ৰাছিলিয়া
ব্ৰিকছ সন্মিলনত ভাগ ল'বলৈ বুলি ব্ৰাজিল ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মঙলবাৰে প্ৰদান কৰা হয় ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান 'গ্ৰাণ্ড কলাৰ অৱ দ্য নেশ্যনেল অৰ্ডাৰ অৱ দ্য চাউডাৰ্ণ ক্ৰছ'৷ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰধান কৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুই ইনাচিঅ' লু দা ছিলভাই৷
মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত অৰ্থাৎ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাষ্ট্ৰৰ পৰা লাভ কৰা এইটো হৈছে ২৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান৷
ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ এই সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰি ৰাষ্ট্ৰপতি দা ছিলভাই কয় যে, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰত আৰু ব্ৰাজিলৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক কটকটীয়া কৰি তুলিবলৈ মোদীয়ে চলোৱা চেষ্টাৰ বাবেই তেওঁক এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হৈছে৷
আনহাতে এই সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ব্ৰাজিলৰ জনসাধাৰণ আৰু ব্ৰাজিল চৰকাৰে তেওঁলৈ আগবঢ়োৱা এই সন্মান তেওঁ ভাৰতৰ এশ চল্লিশ কোটি জনতাৰ বাবে উৎসৰ্গা কৰিছে৷
মোদীয়ে আৰু কয়, "এয়া মোৰ বাবে এক গৌৰৱৰ মুহূৰ্ত৷ ব্ৰাজিলৰ সৰ্বোচ্চ এই সন্মান আপোনালোকে মোক প্ৰদান কৰি কেৱল মোকেই গৌৰৱাম্বিত কৰা নাই, গৌৰৱাম্বিত কৰিছে ভাৰতৰ এশ চল্লিশ কোটি জনতাক৷"
তেওঁ লগতে কয়, "ফুটবল ব্ৰাজিলৰ প্ৰাণ আৰু ক্ৰিকেট ভাৰতৰ প্ৰেম৷ এই দুয়োটাই যেতিয়া একেলগে গ'লপোষ্ট বা বাউণ্ডেৰী পাৰ কৰে তেতিয়া 20 মিলিয়ন ডলাৰৰ যৌথ প্ৰচেষ্টা অসম্ভৱ হৈ নাথাকে৷"
আনহাতে এই সন্মান লাভৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰবিশংকৰ প্ৰসাদ, প্ৰাক্তন মন্ত্ৰী স্মৃতি ইৰাণীকে ধৰি বহুজনে অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷