ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে আৰোপ হ’ব পাৰে ৫০০% শুল্ক

Story by  atv | Posted by  [email protected] • 1 Months ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
ইউক্ৰেইন যুদ্ধক লৈ ৰাছিয়াৰ ওপৰত চাপ বৃদ্ধি কৰাৰ উদ্দেশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাছিয়াৰ পৰা তেল আৰু ইউৰেনিয়াম ক্ৰয় কৰি থকা দেশসমূহক লক্ষ্য কৰি প্ৰস্তুত কৰা 'ছেংকশ্বনিং ৰাছিয়া এক্ট ২০২৫' নামৰ এখন দ্বিপাক্ষিক বিলত ট্ৰাম্পে সন্মতি দিছে।
 
এই বিলখন কাৰ্যকৰী হ’লে ভাৰত, চীন আৰু ব্ৰাজিলৰ দৰে দেশৰ পৰা আমেৰিকালৈ যোৱা সামগ্ৰীৰ ওপৰত ৫০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ ক্ষমতা লাভ কৰিব ৰাষ্ট্ৰপতিয়ে। আমেৰিকাৰ চিনেটৰ লিণ্ডছে গ্ৰাহামে জনোৱা মতে, এই বিলখনে ৰাষ্ট্ৰপতি ট্ৰাম্পক ভাৰত আৰু চীনৰ দৰে দেশৰ বিৰুদ্ধে বৃহৎ শক্তি প্ৰদান কৰিব। ইয়াৰ দ্বাৰা ৰাছিয়াৰ পৰা সুলভ মূল্যত তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ এই দেশসমূহক বাধ্য কৰোৱাৰ চেষ্টা কৰা হ’ব।
 
আমেৰিকাৰ মতে, ভাৰত আৰু চীনে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি পুটিনৰ যুদ্ধ পুঁজিহে বৃদ্ধি কৰিছে। সেইবাবেই আমেৰিকাই এই দেশসমূহৰ পৰা অহা সামগ্ৰীৰ মূল্যত অতিৰিক্ত ৫০০% শুল্ক জাপি দি ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্ক ছেদ কৰিবলৈ হেঁচা দিব বিচাৰিছে।
 
উল্লেখযোগ্য যে, ইতিমধ্যে ২০২৫ চনৰ আগষ্ট মাহত আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল, যাৰ ফলত বৰ্তমান বহু ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ শুল্কৰ পৰিমাণ ৫০ শতাংশ হৈ আছে। নতুন বিলখন পাছ হ’লে এই পৰিমাণ আকাশলংঘী হ’ব পাৰে।
 
শেহতীয়াকৈ এক বৈঠকত ট্ৰাম্পে স্বীকাৰ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই শুল্ক বৃদ্ধিৰ বাবে সুখী নহয়। অৱশ্যে ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে ইতিমধ্যে ৰাছিয়াৰ পৰা তেলৰ আমদানি যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে।
 
লক্ষ্যণীয় যে, এই বিলখন অহা সপ্তাহতে আমেৰিকাৰ চিনেটত ভোটদানৰ বাবে উত্থাপন কৰাৰ সম্ভাৱনা আছে। যদিহে এই বিলখন আইনত পৰিণত হয়, তেন্তে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কত এক ডাঙৰ প্ৰত্যাহ্বান আহি পৰিব পাৰে।


শেহতীয়া খবৰ