ৰাছিয়াই যুদ্ধৰ বাবে সাজু কৰিছে কণ কণ শিশু

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
মস্কো
 
বিগত ডেৰ বছৰৰো অধিক কাল ধৰি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধ এতিয়াও অমীমাংসিত হৈয়ে আছে। এতিয়াও এই যুদ্ধৰ শেষ দশা কি হ'ব সেয়া অনিশ্চিত। তৎসত্ত্বেও ৰাছিয়াই কিন্তু এই যুদ্ধৰ অৱসান ঘটোৱাৰ কোনো ইংগিত দিয়া নাই। 
 
আজি চি এন এনৰ এটা বাতৰি অনুসৰি ৰাছিয়াই এই যুদ্ধক আৰু অধিক আগ্রাসী ৰূপ দিবলৈ বদ্ধপৰিকৰ হৈছে। ইয়াৰ বাবে দেশখনে কণ কণ শিশুসকলকো যুদ্ধৰ বাবে সাজু কৰি তুলিছে। ৭-৮ বছৰীয়া শিশুক সামৰিক প্রশিক্ষণ দিয়া হৈছে। আনকি বিদ্যালয়ত বোমা দলিওৱা আৰু অস্ত্র চালনাৰ প্ৰশিক্ষণ দি থকা হৈছে। 
 
শিশুৰ মন-মগজু যাতে আগ্রাসী আৰু যুদ্ধংদেহি হৈ পৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰুছ চৰকাৰে আনকি পাঠ্যক্ৰমো সালসলনি কৰিছে। যোৱা আগষ্টত ৰুছ চৰকাৰে শিশুৰ বাবে নতুন ইতিহাসৰ গ্রন্থ মুকলি কৰিছিল। ইয়াত ইউক্রেইনৰ বিৰুদ্ধে আক্রমণক ন্যায্যতা প্ৰদান কৰা হৈছে। 
 
ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ পিচৰে পৰা ৰাছিয়াৰ চৰকাৰী বিদ্যালয়সমূহক একপ্ৰকাৰ সামৰিকীকৰণ কৰা হৈছে। প্ৰতিখন বিদ্যালয়তে দৈনিক যুদ্ধৰ অনুশীলন চলোৱা হয়। প্ৰতিখন বিদ্যালয়ত স্বয়ংক্রিয় বন্দুক, মেচিনগান চলোৱাৰ প্ৰশিক্ষণ দি থকা হৈছে। আনকি কেইবাখনো বিদ্যালয়ত কণ কণ শিক্ষার্থীসকলক সেনা আৰু নৌবাহিনীৰ পোছাকেৰে দৈনিক সামৰিক পেৰেড কৰোৱা হৈছে। 
 
উল্লেখনীয় যে বিগত বছৰৰ ২৪ ফেব্ৰুৱাৰীত ইউক্রেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল ৰাছিয়াই। আজি ৫৭৯ দিন অতিক্ৰম কৰাৰ পিচতো যুদ্ধ অব্যাহত আছে।