নিউয়ৰ্ক
ইউএনজিএৰ সভাপতি ফিলেমন ইয়াঙে বৃহস্পতিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি দুয়োখন ৰাষ্ট্ৰকে সৰ্বোচ্চ সংযম আৰু তাৎক্ষণিকভাৱে শত্ৰুতা হ্ৰাস কৰিবলৈ আহ্বান জনায়।
সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনিৰ বিৰুদ্ধে কৰা সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু আক্ৰমণক তেওঁ পুনৰ গৰিহণা দিয়ে। তেওঁ "সংলাপ আৰু কূটনৈতিক সমাধান"ক মতানৈক্য সমাধান আৰু দীৰ্ঘস্থায়ী শান্তি লাভৰ একমাত্ৰ উপায় বুলি অভিহিত কৰে।
এক্সত এক বিবৃতিত ইয়াঙে কয় যে, "ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক লৈ মই গভীৰভাৱে চিন্তিত। মই দুয়োপক্ষকে সৰ্বোচ্চ সংযম প্ৰয়োগ কৰিবলৈ আৰু তাৎক্ষণিকভাৱে শত্ৰুতা হ্ৰাস কৰিবলৈ আহ্বান জনাইছো।"
তেওঁ লগতে কয় যে, "মই সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনিৰ বিৰুদ্ধে হোৱা সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু আক্ৰমণৰ প্ৰতি মোৰ গৰিহণা পুনৰবাৰ প্ৰকাশ কৰিছো। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে, ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সংগতি ৰাখি আলোচনা আৰু কূটনৈতিক সমাধানেই হৈছে মতানৈক্য সমাধান আৰু স্থায়ী শান্তি আৰু স্থিতিশীলতা অৰ্জনৰ একমাত্ৰ উপায়।"
২২ এপ্ৰিলৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে 'অপাৰেচন সেন্দুৰ'ৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধীকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি লোৱাৰ পিছতে তেওঁৰ এই বক্তব্য প্ৰকাশ কৰিছে।
বুধবাৰে পুৱতি নিশা ১:০৫ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত ভাৰতীয় স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ সমন্বিত প্ৰচেষ্টাত বিশ্বাসযোগ্য চোৰাংচোৱাৰ ভিত্তিত সমগ্ৰ পাকিস্তান আৰু পাকিস্তান অধীকৃত জম্মু-কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হয়।
বুধবাৰে দিল্লীত এখন সংবাদ মেলত ভাষণ দি বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, কৰ্ণেল ছফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে অভিযানৰ উদ্দেশ্যৰ ৰূপৰেখা দাঙি ধ্বংস কৰা সন্ত্ৰাসবাদী শিবিৰৰ সবিশেষ তথ্য প্ৰদান কৰে। লক্ষ্য কৰি লোৱা ৯টা সন্ত্ৰাসবাদী শিবিৰৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু বাকীবোৰ পাকিস্তান অধীকৃত জম্মু-কাশ্মীৰত।
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা এই অভিযানত লস্কৰ-ই-তৈবা (LeT), জয়ছ-ই-মহম্মদ (JeM), আৰু হিজবুল মুজাহিদীনৰ সৈতে জড়িত সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি পেলোৱা হয়। কৰ্ণেল কুৰেশ্বীয়ে লক্ষ্য শিবিৰসমূহৰ বিশদ বিৱৰণ দি কয় যে, পাকিস্তানত ধ্বংস হোৱা চাৰিটা সন্ত্ৰাসবাদী শিবিৰ হ’ল বাহাৱালপুৰ, মুৰিদকে, চাৰ্জল আৰু মেহমুনা জয়া।
উইং কমাণ্ডাৰ ব্যোমিকা সিঙে অভিযানটোৰ কৌশলগত উদ্দেশ্যৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কয় যে, "অপাৰেচন সেন্দুৰ আছিল নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ন্যায় প্ৰদানৰ বাবে ২২ এপ্ৰিলত হোৱা ভয়ংকৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ।”
ইফালে, বিষয়াসকলে জনোৱা মতে, ৭ মে’ আৰু ৮ মে’ৰ নিশা নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তানী সেনাই অপ্ৰৰোচিতভাৱে কৰা ক্ষুদ্ৰ অস্ত্ৰ আৰু গোলাবৰ্ষনৰ প্ৰতি ভাৰতীয় সেনাই সমানুপাতিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কুপৱাৰা আৰু বাৰামুল্লা জিলা আৰু জম্মু-কাশ্মীৰৰ উৰি আৰু আখনূৰ ছেক্টৰত বিপৰীতমুখী অঞ্চলত পাকিস্তান সেনাই গুলীচালনা কৰিছিল।