উমৰাহৰ ভিছা অন্য কাৰণত ব্যৱহাৰ নকৰিবলৈ ছৌদি আৰৱ চৰকাৰৰ সকীয়নি

Story by  atv | Posted by  [email protected] • 14 d ago
মক্কাৰ গ্ৰেণ্ড মছজিদত উমৰাহ কৰিবলৈ যোৱা লাখ লাখ ভক্তৰ দৃশ্য
মক্কাৰ গ্ৰেণ্ড মছজিদত উমৰাহ কৰিবলৈ যোৱা লাখ লাখ ভক্তৰ দৃশ্য
 
ৰিয়াধ

তীৰ্থযাত্ৰাৰ বাহিৰে উমৰা ভিছা আন কামত ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে ছৌদি আৰব চৰকাৰে। ১৪ এপ্ৰিল দেওবাৰে টুইটাৰত ছৌদি আৰৱৰ হাজ আৰু উমৰা মন্ত্ৰালয়ে ভিছা ব্যৱহাৰৰ এক নিৰ্দেশনা জাৰি কৰিছে।
 
উমৰাহ অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পিছত আৰু দেশত বৈধভাৱে থকাৰ সময়ছোৱাত তীৰ্থযাত্ৰীসকলক কিছুমান কথা মনত ৰাখিবলৈ চৰকাৰে আহ্বান জনাইছে। সেইবোৰ হৈছেঃ ভিছাৰ ম্যাদ উকলি যোৱাৰ আগতেই নিজ নিজ দেশলৈ যাত্ৰা কৰক, নিয়োগ লাভৰ উদ্দেশ্যে ভিছা ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। 
 
উল্লেখ্য যে, উমৰা ভিছাৰ অকৰ্তৃত্বশীল ব্যৱহাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে এই গাইডলাইন জাৰি কৰা হৈছে। ভাৰতৰো বহু তীৰ্থযাত্ৰীয়ে উমৰাহলৈ গৈ সেই ভিছাৰে দেশখনত অবৈধভাৱে বহুদিন থাকি যায়। 
শেহতীয়া বছৰবোৰত ছৌদি আৰৱে বিদেশৰ মুছলমানসকলক বিভিন্ন সুবিধা আগবঢ়াইছে, যাতে তেওঁলোকে দেশখনলৈ গৈ ওমৰাহ কৰিব পাৰে। শাৰীৰিক অথবা আৰ্থিক কাৰণত বাৰ্ষিক হজৰ ব্যৱস্থা কৰিব নোৱাৰা লাখ লাখ মুছলমানে ওমৰাহ তীৰ্থযাত্ৰা কৰিবলৈ ছৌদি আৰৱত ভিৰ কৰে।
 
১৪৪৫ হিজৰী বা ইংৰাজীৰ ২০২৪ চনৰ ৰমজানৰ সময়ছোৱাত বিশ্বৰ ৩ কোটিতকৈও অধিক মুছলমানে উমৰা কৰিবলৈ ছৌদি আৰৱলৈ গৈছিল।