আৱাজ দ্য ভইচ অসম
মৰুৰ দেশ ছৌদি আৰৱত এক অভূতপূৰ্ব পৰিৱেশ দেখিবলৈ পোৱা গৈছে। দেশখনৰ কিছুমান অঞ্চলত ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰচণ্ড বৰষুণ আৰু বৰফ পৰা দেখা গৈছে। খবৰ অনুসৰি, শেহতীয়াকৈ ছৌদি আৰৱৰ আল-জাউফ অঞ্চলত প্ৰচণ্ড বৰফ পৰাৰ ফলত সাধাৰণতে শুষ্ক জলবায়ুৰ বাবে পৰিচিত দেশখনত শীতকালৰ দৰে এক আচৰিত পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোত ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিৰ পিছত অভূতপূৰ্বভাৱে বৰফ পৰে।
আল-জাউফৰ বাসিন্দাসকলে দুদিন পূৰ্বে সাৰ পাই উঠি পাহাৰবোৰক বৰফে আবৃত কৰি ৰখা এক আচৰিত প্ৰাকৃতিক দৃশ্য দেখি আশ্বৰ্যচকিত হৈ পৰে। ছৌদি প্ৰেছ এজেন্সীয়ে কয় যে যথেষ্ট পৰিমাণৰ বৰষুণৰ ফলত অঞ্চলটোত কেৱল বৰফ জমা হোৱাই নহয়, নতুন জলপ্ৰপাতৰো সৃষ্টি হৈছে আৰু শুকান উপত্যকাসমূহে নতুন জীৱন লাভ কৰিছে।
অৱশ্যে আগন্তুক দিনতো ভয়াৱহ বতৰ অব্যাহত থকাৰ সতৰ্কবাণী জাৰি কৰিছে ছৌদি বতৰ বিজ্ঞান বিভাগে। আল-জাউফৰ বহু অংশত বজ্ৰপাত, ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিৰ ভৱিষ্যদ্বাণী কৰা হৈছে, যাৰ ফলত অঞ্চলত দৃশ্যমানতা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, অকল ছৌদি আৰৱতে বতৰৰ অস্বাভাৱিক পৰিস্থিতি দেখা গৈছে এনে নহয়, সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)তো একেধৰণৰ প্ৰতিকূল বতৰে যথেষ্ট প্ৰভাৱ পেলাইছে। অলপতে ইউ এ ইৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই (এনচিএম) দেশখনৰ কেইবাটাও অঞ্চলত বৰষুণ, ধুমুহা আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে বুলি সতৰ্কবাণী জাৰি কৰিছিল।
আৰব সাগৰৰ পৰা ওমানলৈ বিস্তৃত নিম্ন-চাপৰ ব্যৱস্থা (low-pressure systems)ই সমগ্ৰ অঞ্চলটোৰ বতৰৰ পৰিস্থিতিত প্ৰভাৱ পেলোৱা বুলি ইউ এ ইৰ বতৰ বিভাগে প্ৰকাশ কৰিছিল।
ছৌদি আৰৱত শীতকালীন সময় আৰম্ভ হোৱাৰ পূৰ্বে প্ৰকৃতিৰ এনে আচৰণে মৰুৰ দেশখনত নৈসৰ্গিক পৰিৱেশৰ সৃষ্টি কৰিছে। পৰ্যাপ্ত বৰষুণৰ ফলত আল-জাউফ অঞ্চলত লেভেণ্ডাৰ, ক্ৰাইচেন্থেমম, আৰু বিভিন্ন ধৰণৰ সুগন্ধি উদ্ভিদকে ধৰি বিভিন্ন ৰং-বিৰঙী ফুলসমূহে পাহি মেলি উঠিছে। ইয়াৰ ফলত অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি পাইছে।