ছৌদি আৰৱত থকা কূটনীতিবিদ আৰু আমেৰিকাৰ নাগৰিকক দেশ এৰি যাবলৈ নিৰ্দেশ আমেৰিকাৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ৱাশ্বিংটন ডি চি 
 
মধ্যপ্ৰাচ্যত তীব্ৰতৰ পৰিস্থিতিৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে ছৌদি আৰৱত থকা কূটনীতিবিদ আৰু আমেৰিকাৰ নাগৰিক দূতাবাসৰ কৰ্মচাৰীসকলক দেশখন এৰি যাবলৈ নিৰ্দেশ দিছে বুলি দেওবাৰে নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে।
 
ইয়াৰ পূৰ্বে দূতাবাসত কাম কৰা অজৰুৰীকালীন আমেৰিকান নাগৰিকসকলক ষ্টেট ডিপাৰ্টমেণ্টে স্বেচ্ছামূলকভাৱে দেশ এৰি যাবলৈ কোৱা হৈছিল।  ২৮ ফেব্ৰুৱাৰীত ইৰাণত আমেৰিকা-ইজৰাইলে আক্ৰমণ কৰাৰ পিছত ছৌদি আৰৱৰ প্ৰথমবাৰৰ বাবে "আদেশপ্ৰাপ্ত প্ৰস্থান" চিহ্নিত কৰি তেওঁলোকক এতিয়া দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। 
 
বিদেশ বিভাগে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই এই নিৰ্দেশ প্ৰস্থান। এই সন্দৰ্ভত দ্য নিউয়ৰ্ক টাইমছ আৰু ব্লুমবাৰ্গৰ পৰাও মন্তব্যৰ বাবে কৰা অনুৰোধৰ কোনো সঁহাৰি দিয়া নাই। ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীত যোৱা আঠ দিনত ইৰাণৰ ড্ৰ'ন আক্ৰমণৰ লক্ষ্য হৈ পৰাৰ সময়তে বাধ্যতামূলকভাৱে খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে।
 
ৰিয়াদত থকা আমেৰিকাৰ দূতাবাসত ড্ৰ'ন আক্ৰমণৰ ফলত চৌহদত অগ্নিকাণ্ড সংঘটিত হয়। ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে, এই অগ্নিকাণ্ডৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই আৰু মাত্ৰ 'সামান্য ক্ষতি'হে হৈছে। 
 
ইউ এ ইৰ ডুবাইত থকা আমেৰিকাৰ দূতাবাসতো যোৱা ৩ মাৰ্চত আক্ৰমণ সংঘটিত হৈছিল। ড্ৰ'নখনে কনছুলেট ভৱনৰ ওচৰৰ পাৰ্কিং লটত খুন্দা মৰাৰ ফলত সৰু জুই লাগে যিটো কৰ্তৃপক্ষই ক্ষন্তেকতে নিয়ন্ত্ৰণ কৰে। কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।
 
কিন্তু ইৰাণে মধ্যপ্ৰাচ্যত আমেৰিকাৰ মিত্ৰ দেশসমূহৰ বিৰুদ্ধে সম্ভাৱ্যভাৱে বৃহৎ প্ৰতিশোধৰ বাবে সাজু হোৱাৰ সময়তে এই আক্ৰমণৰ ফলত ভৱিষ্যতৰ আক্ৰমণত অন্যান্য আমেৰিকাৰ দূতাবাস, কৰ্মচাৰী আৰু কূটনীতিবিদসকলক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনাই সৃষ্টি কৰে।