আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আদৰণি জনাইছে ছৌদি মহাকাশচাৰীক

Story by  atv | Posted by  Munni Begum • 10 Months ago
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আদৰণি জনাইছে ছৌদি মহাকাশচাৰীক
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আদৰণি জনাইছে ছৌদি মহাকাশচাৰীক
 
ৰিয়াদ
 
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে ছৌদি মহাকাশচাৰী ৰায়না বৰ্ণৱী আৰু আলী আল-কাৰ্ণী। সোমবাৰে এই তথ্য প্ৰকশ কৰিছে আল খাবাৰিয়াই। খবৰ অনুসৰি মহাকাশলৈ যোৱা প্ৰথমগৰাকী ছৌদি মহিলা বাৰ্নৱী। প্ৰশিক্ষিত যুঁজাৰু পাইলট আল-কাৰ্ণীয়েও মহাকাশচাৰী পেগী হুইটছন আৰু ব্যৱসায়িক পথ প্ৰদৰ্শক তথা পাইলট জন শ্বফনাৰৰ সৈতে স্পেচএক্স ড্ৰেগন কেপচুলত যাত্ৰা কৰি আছে। 
 
ইতিমধ্যে মহাকাশ কেন্দ্ৰটোত উপস্থিত থকা সাতজন মহাকাশচাৰীয়ে (তিনিজন ৰাছিয়ান, তিনিজন আমেৰিকান আৰু এজন এমিৰেটিয়ান) তেওঁলোকক আদৰণি জনাইছে। বৰ্ণৱীয়ে কেন্দ্ৰত উপস্থিত হৈ কয় যে এতিয়া আমি এটা সপোন জীয়াই আছো, যিটো বাস্তৱত পৰিণত হ’ব বুলি আমি ভবা নাছিলো। এই ভ্ৰমণে ছৌদি আৰব আৰু সমগ্ৰ আৰব বিশ্বক প্ৰতিনিধিত্ব কৰিছে। মহাকাশ অন্বেষণ কৰৰো এক সুযোগ প্ৰদান কৰিছে। 
 
ইফালে আল-কাৰ্ণীয়ে কয় যে মহাকাশত থকাৰ সময়ছোৱাত এই যুটিয়ে এনে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলাব, যাৰ ফলত মানৱ জাতিৰ উপকাৰ হ’ব। ২০টা গৱেষণা প্ৰকল্প চলোৱাৰ লক্ষ্য তেওঁৰ। ইয়াৰ ভিতৰত ছৌদি বিজ্ঞানীসকলে প্ৰস্তুত কৰা ১৪টা প্ৰকল্প যিয়ে মানৱ শৰীৰবিজ্ঞান, কোষ জীৱবিজ্ঞান আৰু প্ৰযুক্তি বিকাশৰ দৰে বিভিন্ন ক্ষেত্ৰ সামৰি লোৱা হৈছে।