বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ; নিহত ৪ জন

Story by  atv | Posted by  [email protected] • 5 h ago
বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ; নিহত ৪ জন
বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ; নিহত ৪ জন
 
নতুন দিল্লী
 
বাংলাদেশৰ পৰিস্থিতি পুনৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। বুধবাৰে গোপালগঞ্জ অঞ্চলত শ্বেখ হাছিনাৰ দল আৱামি লীগৰ ছাত্ৰ শাখা আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সূত্ৰপাত হয়। এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ডজনৰো অধিক লোক আহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি সেনাই টেংকেৰে ৰাজপথত টহল দি অঞ্চলটোৰ দায়িত্ব লয় । উল্লেখ্য যে, বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবৰ ৰহমানৰ জন্মস্থান গোপালগঞ্জ।
 
তথ্য অনুসৰি নেশ্যনেল চিটিজেন পাৰ্টিয়ে গোপালগঞ্জত এক সমাৱেশৰ আয়োজন কৰিছিল, য’ত পৰিস্থিতিয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে। হিংসাত্মক পৰিস্থিতিৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে কাৰ্ফিউ। আৰক্ষীৰ উপৰিও অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয়। ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনাৰ দল আৱামী লীগে ইউনুছ চৰকাৰে দুষ্কৃতিকাৰীৰ জৰিয়তে ৰক্তপাত কৰাৰ অভিযোগ উত্থাপন কৰিছে।
 
গোপালগঞ্জৰ হিন্দু অধ্যুষিত অঞ্চলত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত মহম্মদ ইউনুছ চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। হিংসাত্মক অঞ্চলটোত সান্ধ্য আইনৰ মাজতে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ইউনুছ চৰকাৰে এই ৰক্তপাতৰ বাবে আৱামী লীগক দোষাৰোপ কৰিছে। আনহাতে শ্বেখ হাছিনাৰ সমৰ্থকসকলে কয় যে ইউনুছ চৰকাৰে দলীয় কৰ্মীক আক্ৰমণ কৰিছে।
 
অভিযোগ অনুসৰি শ্বেখ হাছিনা দলৰ সমৰ্থকে এন চি পিৰ সমাৱেশত আক্ৰমণ চলাইছিল। আৱামী লীগৰ ছাত্ৰ শাখা বাংলাদেশ ছাত্ৰ লীগৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে সংঘৰ্ষৰ সৃষ্টি হয়। মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে শ্বেখ হাছিনাৰ সমৰ্থকে বিক্ষোভ আৰম্ভ কৰে। আৰক্ষীৰ গুলীত নিহত হৈছে ৪ জন।