কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা; দায়িত্ব ল'লে লৰেন্স বিষ্ণোই গেঙে

Story by  atv | Posted by  [email protected] • 1 Months ago
কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা; দায়িত্ব ল'লে লৰেন্স বিষ্ণোই গেঙে
কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা; দায়িত্ব ল'লে লৰেন্স বিষ্ণোই গেঙে
 
নতুন দিল্লী
 
কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নেটৱৰ্কে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি দৃঢ় কৰিছে। দেওবাৰে গভীৰ নিশা কানাডাৰ তিনিটা ভিন্ন স্থানত সংঘটিত হোৱা গুলীচালনাৰ দায়িত্ব ছ’চিয়েল মিডিয়াত স্বীকাৰ কৰিছে বিষ্ণোই চক্ৰটোৱে।
 
গেংটোৱে এক পোষ্টটোত লিখিছে যে “দ্বিতীয় ৰেটৰ ব্যৱসায়” অৰ্থাৎ অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলৰ পৰা ধন দাবী কৰা হয়, কঠোৰ পৰিশ্ৰম কৰাসকলৰ পৰা একো দাবী কৰা নহয়।
 
উল্লেখযোগ্য যে, বিষ্ণোই গেঙৰ হৈ পৰ্তুগালত বাস কৰা ফাতেহ পৰ্তুগালে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে।তেওঁ ছ’চিয়েল মিডিয়াত এই গুলীচালনাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে, য’ত এজন শ্বুটাৰে অত্যাধুনিক অস্ত্ৰৰে গুলীচালনা কৰা দেখিবলৈ পোৱা গৈছে।
 
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।অৱশ্যে গুলীচালনাত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই।