ইউক্ৰেইনৰ টেৰ্নোপিলত ৰাছিয়াৰ আক্ৰমণ; শিশুসহ ২০ৰো অধিক লোক নিহত

Story by  atv | Posted by  [email protected] • 2 h ago
ইউক্ৰেইনৰ টেৰ্নোপিলত ৰাছিয়াৰ আক্ৰমণ; শিশুসহ ২০ৰো অধিক লোক নিহত
ইউক্ৰেইনৰ টেৰ্নোপিলত ৰাছিয়াৰ আক্ৰমণ; শিশুসহ ২০ৰো অধিক লোক নিহত
 
নতুন দিল্লী
 
অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ। বুধবাৰে পুনৰ ইউক্ৰেইনৰ পশ্চিম চহৰ টেৰ্নোপিলত ৰাছিয়াৰ বৃহৎ ড্ৰোণ আৰু মিছাইল আক্ৰমণ। এই আক্ৰমণত ৩ টা শিশুকে ধৰি প্ৰায় ২৫ গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।
 
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে কূটনৈতিক সমৰ্থন বিচাৰি তুৰস্কলৈ যোৱাৰ সময়তে এই আক্ৰমণ হয়। মন্ত্ৰী ইহ'ৰ ক্লাইমেংকোৱে জনোৱা মতে পোলেণ্ডৰ সীমান্তৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত টেৰ্নোপিলৰ দুটা ৯ মহলীয়া এপাৰ্টমেণ্ট ব্লকত নিশাৰ ভাগত এই আক্ৰমণ সংঘটিত হয়। জৰুৰীকালীন সেৱাই জনোৱা মতে ১৫ টা শিশুসহ প্ৰায় ৭৩ গৰাকী লোক এই আক্ৰমণত আহত হয়।
 
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত প্ৰায় ১৯ গৰাকীয়ে জীৱন্তে অগ্নিদগ্ধ হৈছে। য'ত ৫, ৭ আৰু ১৬ বছৰীয়া তিনিটা শিশুও আছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁ কয় যে এতিয়াও বহু লোক সন্ধানহীন হৈ আছে আৰু উদ্ধাৰকাৰীসকলে অভিযান অব্যাহত ৰাখিছে।
 
ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে ৰাছিয়াই নিশাৰ ভিতৰতে ইউক্ৰেইনৰ ৪৭৬ টা লক্ষ্যত ষ্ট্ৰাইক আৰু ডিক' ড্ৰোণৰ লগতে ৪৮ টা বিভিন্ন ধৰণৰ মিছাইল নিক্ষেপ কৰে। বায়ুসেনাই জনোৱা মতে এই আক্ৰমণত ৪৭ টা ক্ৰুজ মিছাইলো অন্তৰ্ভুক্ত আছিল। য'ত ৬ টা মিছাইলৰ বাহিৰে বাকী সকলোবোৰ বায়ু প্ৰতিৰক্ষাই বাধা দিছিল। পশ্চিমীয়া দেশসমূহে যোগান ধৰা এফ-১৬ আৰু মিৰাজ-২০০০ জেট বিমানে কমেও ১০ টা ক্ৰুজ মিছাইল বাধা দিয়ে বুলি উল্লেখ কৰিছে বায়ু সেনাই।
 
এই আক্ৰমণৰ পিছতে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমত লিখিছে,"সাধাৰণ লোকৰ বিৰুদ্ধে কৰা প্ৰতিটো নিৰ্লজ্জ আক্ৰমণে ইংগিত দিয়ে যে ৰাছিয়াৰ ওপৰত (যুদ্ধ বন্ধ কৰিবলৈ) হেঁচা পৰ্যাপ্ত নহয়।"
 
উল্লেখযোগ্য যে, কূটনৈতিক সহযোগিতা বিচাৰি বুধবাৰে আংকাৰাত জেলেনস্কিয়ে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানক সাক্ষাৎ কৰে। সংবাদ মাধ্যমক দিয়া চমু বিবৃতিত জেলেনস্কি আৰু এৰদোগানে শান্তিপূৰ্ণ নিষ্পত্তি বিচাৰি উলিওৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
 
আলোচনাৰ পূৰ্বে জেলেনস্কিয়ে কয় যে তেওঁ যুদ্ধৰ বিষয়ে আমেৰিকাৰ পৰা কিছু স্থিতি আৰু সংকেত দেখিছে। তেওঁ বিতং ভাৱে কোৱা নাই। পুটিনক আলোচনাৰ মাজলৈ আনিবলৈ ৰচনা কৰা ৰাছিয়াৰ তৈল উদ্যোগৰ ওপৰত আমেৰিকাৰ কঠোৰ নতুন নিষেধাজ্ঞা শুকুৰবাৰৰ পৰা কাৰ্যকৰী হ'ব।