মিচিচিপিত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে শিশুসহ ছয়জনক

Story by  atv | Posted by  [email protected] • 11 h ago
মিচিচিপিত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে শিশুসহ ছয়জনক
মিচিচিপিত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে শিশুসহ ছয়জনক
 
নিউ য়ৰ্ক
 
আমেৰিকাৰ মিচিচিপিৰ এজন ২৪ বছৰীয়া লোকে ছয়জন লোকক গুলীয়াই হত্যা কৰে ৷ দেশখনত আলোড়নৰ সৃষ্টি কৰিছে এই ঘটনাই ৷ লোকজনে তেওঁৰ পিতৃ, ভাতৃ, ককাক, ৭ বছৰীয়া এটি শিশু, গীৰ্জাৰ এজন পাষ্টৰ আৰু পাষ্টৰৰ ভাতৃক শুকুৰবাৰে নিশা তিনিটা ভিন্ন স্থানত গুলীয়াই হত্যা কৰে । হত্যাকাৰী ডাৰিকা এম মূৰ নামৰ লোকজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু জেৰা অব্যাহত ৰাখিছে।
 
শনিবাৰে এখন সংবাদমেলত ক্লে কাউণ্টীৰ শ্বেৰিফ এডি স্কটে কয় যে প্ৰমাণ আৰু সাক্ষীয়ে ইংগিত দিয়ে যে ডাৰিকা এম মূৰেই একমাত্ৰ শ্বুটাৰ আছিল। স্কটে কয়, “পৰিয়ালৰ এজন সদস্যই নিজৰ পৰিয়ালক আক্ৰমণ কৰিছে । কাৰণ যিয়েই নহওক কিয়, আমি আশা কৰিছো যে আমি গম পাম।”
 
জেকচনৰ পৰা প্ৰায় ১২৫ মাইল (২০০ কিলোমিটাৰ) উত্তৰ-পূবে থকা পথাৰ, হাবিতলীয়া এটা অঞ্চলত মূৰে প্ৰথমে নিজৰ পিতৃ ৬৭ বছৰীয়া গ্লেন মূৰ, ভাতৃ ৩৩ বছৰীয়া কুইণ্টন মূৰ আৰু ককাক ৫৫ বছৰীয়া উইলি এড গিন্সক হত্যা কৰিছিল।
 
শ্বেৰিফে কয় যে তাৰ পিছত মূৰে নিজৰ ভাতৃৰ ট্ৰাকখন চুৰি কৰি কেইমাইলমান গাড়ী চলাই এজন খুলশালীয়েকৰ ঘৰলৈ যায়, য’ত তেওঁ জোৰকৈ সোমাই যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰে । স্কটে কয় যে মূৰে তাৰ পিছত তাত ৭ বছৰীয়া এগৰাকী ছোৱালীক গুলীয়াই হত্যা কৰে।
 
"৭ বছৰীয়া শিশু এটাক হত্যা কৰিবলৈ কেনেধৰণৰ উদ্দেশ্য থাকিব পাৰে নাজানো । প্ৰত্যক্ষদৰ্শীৰ মতে, তাৰ পিছত মূৰে সৰু শিশু এটাৰ মূৰত বন্দুক ৰাখে যদিও তেওঁক গুলীয়াই হত্যা কৰা হোৱা নাছিল । তেওঁ ট্ৰিগাৰ টানিব পৰা নাছিল নে বন্দুকটোৰ কিবা গণ্ডগোল হৈছিল সেয়া স্পষ্ট হোৱা নাই । ইয়াৰ পিছত মূৰে গাড়ীৰে সৰু গীৰ্জা এপষ্টোলিক চাৰ্চ অৱ দ্য লৰ্ড জিছুছলৈ যায় । তাত তেওঁ এটা বাসগৃহ ভাঙি পাষ্টৰ আৰু তেওঁৰ ভাতৃক হত্যা কৰি তেওঁলোকৰ এখন বাহন চুৰি কৰি লৈ যায।" স্কটে কয় ৷
 
স্কটে আৰু কয় যে শেষৰ দুজন ভুক্তভোগী ৰেভাৰেণ্ড বেৰী ব্ৰেডলি আৰু চেমুৱেল ব্ৰেডলিয়ে বেছিভাগ সময় ওচৰৰ কলম্বাছত বাস কৰিছিল যদিও ছুটীৰ দিনবোৰ গীৰ্জাৰ চৌহদত কটাইছিল। মূৰৰ হাতত এটা ৰাইফল আৰু এটা হেণ্ডগান আছিল । মূৰে বন্দুকসমূহ ক’ৰ পৰা লাভ কৰিছিল তাৰ তদন্ত কৰি আছে আৰক্ষীয়ে।