খাইবাৰ পখতুনখোৱা
দেওবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত বাজাউৰ অঞ্চলত এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয় । প্ৰাপ্য তথ্য অনুসৰি এই বিস্ফোৰণ মৃতকৰ সংখ্যা ৪৪ লৈ বৃদ্ধি পাইছে আৰু কমেও ১১১জন লোক আহত হৈছে।
বাজাউৰৰ খাৰ তহচিলত ৰাজনৈতিক দল জমিয়ত উলেমা-ই-ইছলাম ফজলৰ (JUI-F) শ্ৰমিক অধিৱেশনক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল। বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
নাদৰা মুখ্য কাৰ্যালয়ৰ ওচৰৰ শান্দে ম'ৰত জেইউআই-এফ কৰ্মী অধিৱেশনত প্ৰায় ৪০০ জন লোকে অংশগ্ৰহণ কৰিছিল। হতাহতি হোৱা লোকসকলৰ ভিতৰত জমিয়ত উলেমা-ই-ইছলাম ফজলৰ দুজন বিশিষ্ট ব্যক্তি হামিদুল্লা আৰু খাৰ আমিৰ মৌলানা জিয়াউল্লাহ জান আছিল। যিয়ে এই বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱাইছিল।
জিঅ’ নিউজৰ মতে, বিয়লি প্ৰায় ৪ বজাত জমিয়ত উলেমা-ই-ইছলাম ফজলৰৰ নেতাগৰাকীয়ে অধিৱেশনত ভাষণ দি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। আৰক্ষী মহাপৰিদৰ্শক আখতাৰ হায়াত খানে প্ৰকাশ কৰিছে যে এই বিস্ফোৰণ আত্মঘাতী বিস্ফোৰণ আছিল আৰু ইয়াৰ বাবে প্ৰায় ১০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা হৈছে।
জিঅ’ নিউজত উল্লেখ কৰা অনুসৰি আহতসকলক চিকিৎসাৰ বাবে টাইমেৰগৰা আৰু পেছাৱৰলৈ লৈ যোৱা হয়। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই আক্ৰমণৰ বাবে দায়ীসকলক চিনাক্ত কৰিবলৈ তদন্তৰ নিৰ্দেশ দিছে।
এই শোকাৱহ দুৰ্ঘটনাৰ প্ৰতি সঁহাৰি জনাই সংযুক্ত সামৰিক চিকিৎসালয় পেছাৱৰক কাৰ্ফিউ জাৰি ৰখা হৈছে আৰু অন্যান্য আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যহত ৰাখিছে।
জমিয়ত উলেমা-ই-ইছলাম ফজলৰ মুৰব্বী ফাজলে এই ভয়াবহ ঘটনা সন্দৰ্ভত তদন্তৰ আহ্বান জনাই দলৰ কৰ্মীসকলক আহতসকলক সহায় কৰিবলৈ ৰক্তদান কৰিবলৈ আহ্বান জনাইছে। পঞ্জাৱৰ কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী মহছিন নাকভিয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দি প্ৰকাশ কৰে যে নিৰীহ জীৱনৰ ক্ষতি কৰাসকলক মানুহ বুলি কোৱাৰ যোগ্য নহয়।
একেদৰে জামাত-ই-ইছলামী আমিৰ ছিৰাজুল হকেও এই বিস্ফোৰণক ধিক্কাৰ দিয়ে। দেশত বিশৃংখলতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল। ঘটনা সন্দৰ্ভত তৎকালীন তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায়।