ছিডনী মেছনিক চেণ্টাৰে অপপ্ৰচাৰমূলক খালিস্থানী গণভোট অনুষ্ঠান বাতিল কৰিছে

Story by  atv | Posted by  Munni Begum • 10 Months ago
 অপপ্ৰচাৰমূলক খালিস্থানী গণভোট অনুষ্ঠান বাতিল
অপপ্ৰচাৰমূলক খালিস্থানী গণভোট অনুষ্ঠান বাতিল
 
ছিডনী 
 
শিখছ ফৰ জাষ্টিছৰ অপপ্ৰচাৰমূলক গণভোট অনুষ্ঠানৰ ভাবুকিৰ সন্দৰ্ভত ভাৰতীয় অষ্ট্ৰেলিয়ান সম্প্ৰদায়ে সহস্ৰাধিক অভিযোগ উত্থাপন কৰাৰ পিছত ছিডনী মেছনিক চেণ্টাৰে (এছএমচি) এই অনুষ্ঠানৰ বুকিং বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।   
 
এই অপপ্ৰচাৰমূলক অনুষ্ঠানটো ৪ জুনত আয়োজন কৰাৰ কথা আছিল। অৱশ্যে নতুন উন্নয়নত, নিৰাপত্তা সংস্থাবোৰে পৰামৰ্শ দিয়াৰ পিছত এই অনুষ্ঠানৰ বুকিং বাতিল কৰা হৈছে বুলি ছিডনী মেছনিক চেণ্টাৰৰ (এছএমচি) এগৰাকী মুখপাত্ৰই দ্য অষ্ট্ৰেলিয়া টুডেইক জনাইছে। 
 
মুখপাত্ৰ গৰাকীয়ে কয়, "মেছনিক চেণ্টাৰে আজি ৰাতিপুৱা এই অপপ্ৰচাৰমূলক অনুষ্ঠানৰ বুকিং বাতিল কৰিছে। কিয়নো ই গ্ৰহণ কৰা মেছনিক নীতিৰ সৈতে বিবাদত লিপ্ত হৈ আছে আৰু মেছনিক কৰ্মচাৰী, সম্পত্তি আৰু ৰাইজৰ সদস্যসকলৰ বিপদাশংকাৰ বাবে যাক ব্যৱহাৰিকভাৱে হ্ৰাস কৰিব নোৱাৰি।" 
তেওঁ লগতে কয়, "বুকিংৰ সময়ত আমি এই খালিস্তান অনুষ্ঠানটোৰ প্ৰকৃতি বুজি পোৱা নাছিলো। অৱশ্যে বহু আলোচনাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। কিয়নো ছিডনী মেছনিক চেণ্টাৰে এনে কোনো অনুষ্ঠানৰ অংশ হ'ব নিবিচাৰে, যিয়ে সম্প্ৰদায়টোৰ ক্ষতি সাধন কৰিব পাৰে।"  
 
ছিডনীৰ ধৰ্মেন্দ্ৰ যাদৱ হৈছে সেই লোকসকলৰ মাজৰ এগৰাকী। যিগৰাকীয়ে শিখছ ফৰ জাষ্টিছৰ অপপ্ৰচাৰ অনুষ্ঠানৰ পোষ্টাৰ আৰু বেনাৰৰ জৰিয়তে সন্ত্ৰাসবাদীসকলক প্ৰশংসা কৰাৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছিল।    
 
যাদৱে দ্য অষ্ট্ৰেলিয়া টুডেক কয়, "মই পাৰমাত্তাত বাস কৰোঁ আৰু যোৱা পাঁচ দিন ধৰি আমি প্ৰতিদিনে ৰাতিপুৱা হিন্দু বিৰোধী শ্ল'গানেৰ বিশাল বেনাৰৰ সন্মুখীন হ'ব লগা হৈ আহিছে। 
 
ব্লেকটাউন নগৰ পৰিষদ
 
তেওঁ লগতে কয়, "মই ছিডনী মেছনিক চেণ্টাৰলৈ এখন পত্ৰ লিখিছিলো আৰু খালিস্তানৰ হিংসাত্মক আদৰ্শৰ বিষয়ে বৰ্ণনা কৰিছিলো। কেনেকৈ তেওঁলোকে যোৱা চল্লিশ বছৰত হাজাৰ হাজাৰ হিন্দু আৰু শিখ ধৰ্মালম্বী লোকসকলক হত্যা কৰি আহিছে।" 
 
তেওঁ কয় যে ছিডনী মেছনিক চেণ্টাৰৰ বিক্ৰী দলটোক খালিস্তান সমৰ্থকসকলে বুকিংত প্ৰৱঞ্চনা কৰিছিল। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে তেওঁৰ ভাৰতীয় সমকক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আশ্বাস প্ৰদান কৰিছিল যে তেওঁৰ চৰকাৰে দুয়োখন দেশৰ মাজত শক্তিশালী আৰু গভীৰ সম্পৰ্ক ব্যাহত কৰিব বিচৰা উগ্ৰপন্থী উপাদানসমূহৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰি যাব।  
 
ভাৰতে এইটোও উল্লেখ কৰিছে যে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ সম্পৰ্ক বিস্তৃত আৰু এনে উপাদানৰ দ্বাৰা প্ৰভাৱিত হ'বলৈ দিয়া নহ'ব। খালিস্তানৰ বিপদৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কয় যে এনে ধৰণৰ বাধাগ্ৰস্ত উপাদানবোৰৰ ওপৰত দমন কৰিবলৈ দুয়োখন দেশৰ চৰকাৰে যি কৰিব লাগিব সেয়া কৰিব।   
ইয়াৰ পূৰ্বে, ছিডনীত প্ৰস্তাৱিত শিখছ ফৰ জাষ্টিছৰ অপপ্ৰচাৰ গণভোট অনুষ্ঠান সন্দৰ্ভত ভাৰতীয়-অষ্ট্ৰেলিয়ানসকলৰ অভিযোগৰ মাজতে, ব্লেকটাউন নগৰ পৰিষদেও অনুষ্ঠানটো বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 
 
ব্লেকটাউন নগৰ পৰিষদৰ এজন মুখপাত্ৰই দ্য অষ্ট্ৰেলিয়া টুডেক কয়, "পৰিষদে আজি ৰাতিপুৱা এই বুকিং বাতিল কৰিছে। কিয়নো ই গৃহীত পৰিষদৰ নীতিৰ সৈতে বিবাদত লিপ্ত হৈ আছে আৰু পৰিষদৰ কৰ্মচাৰী, পৰিষদৰ সম্পত্তি আৰু ৰাইজৰ সদস্যসকলৰ বিপদাশংকাৰ বাবে যাক ব্যৱহাৰিকভাৱে হ্ৰাস কৰিব নোৱাৰি।"  
 
অষ্ট্ৰেলিয়া টুডেক এইটোও বুজিবলৈ দিয়া হৈছে যে ভিক্টোৰিয়াত পঞ্জীভুক্ত "শিখছ ফৰ জাষ্টিচ পিটি লিমিটেড" সম্পৰ্কে ইতিমধ্যে এটা তদন্ত চলি আছে। বিষয়টোৰ সন্দৰ্ভত এজন বিষয়াই দ্য অষ্ট্ৰেলিয়া টুডেক কয়, "হিচাপবিহীন ধনৰ ট্ৰেইলৰ সৈতে এটা সম্পৰ্ক আমি বিচাৰি আছোঁ। অষ্ট্ৰেলিয়া টুডেয়ে শিখছ ফৰ জাষ্টিছ পিটিআই লিমিটেডৰ সৈতে যোগাযোগ কৰি আছে। অৱশ্যে, আমি এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই।"
 
বিএপিএছ স্বামীনাৰায়ণ মন্দিৰ খালিস্তানী সমৰ্থকসকলে ভাংচুৰ কৰিছিল  (উৎস: দ্য অষ্ট্ৰেলিয়া টুডে)
 
এই মাহৰ আৰম্ভণিতে অষ্ট্ৰেলিয়া টুডেয়ে খালিস্তান সমৰ্থকৰ দ্বাৰা বিএপিএছ স্বামীনাৰায়ণ মন্দিৰ ৰোজহিলৰ ওপৰত হিন্দু বিৰোধী এক দুৰ্বৃত্তৰ ভাংচুৰ আক্ৰমণৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰিছিল।  
 
মন্দিৰ পৰিচালনা ব্যৱস্থাপনাই দ্য অষ্ট্ৰেলিয়া টুডেক কয় যে এনএছডব্লিউ আৰক্ষী বিষয়াসকলে মন্দিৰত উপস্থিত আছিল আৰু তেওঁলোকক অনুসন্ধানত সহায় কৰিবলৈ চিচিটিভি ফুটেজ প্ৰদান কৰা হৈছে।
 
২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতীয়-অষ্ট্ৰেলিয়ান সম্প্ৰদায়ৰ ভাৰতীয় উপমহাদেশৰ বাহিৰত থকা ইয়াৰ তিনিটা আটাইতকৈ প্ৰতিষ্ঠিত হিন্দু মন্দিৰ হিন্দু বিৰোধী গ্ৰাফিটিৰে ভাংচুৰ হোৱাৰ ফলত হতাশ হৈ পৰিছিল। 
 
হিন্দু, ইছলামী আৰু শিখ ধৰ্মীয় নেতাসকলে এই আক্ৰমণক গৰিহণা দিছিল আৰু কৰ্তৃপক্ষক অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিল। 


শেহতীয়া খবৰ