কানাডাত সন্ত্ৰাসবাদীয়ে নিৰাপদ আশ্ৰয় লাভ কৰিছেঃ শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰি

Story by  atv | Posted by  [email protected] • 2 Months ago
শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰি
শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰি
 
নিউয়ৰ্ক

ভাৰত আৰু কানাডাৰ শেহতীয়া কূটনৈতিক বিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিয়ে সোমবাৰে (স্থানীয় সময় অনুসৰি) কয় যে উত্তৰ আমেৰিকাৰ দেশখনত সন্ত্ৰাসবাদীয়ে নিৰাপদ আশ্ৰয় বিচাৰি পাইছে আৰু প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধে এই ধৰণৰ যুক্তিহীন অভিযোগ উত্থাপন কৰিছে।
 
এএনআইৰ সৈতে হোৱা এক আছুতীয়া কথা-বতৰাত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ট্ৰুডোৱে "অপমানজনক আৰু প্ৰমাণবিহীন অভিযোগ" উত্থাপন কৰিছে আৰু তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যক লৈ "আচৰিত নহয়"।
 
মন্ত্ৰীজনে কয়, "কিছুমান সন্ত্ৰাসবাদীয়ে কানাডাত সুৰক্ষিত আশ্ৰয় পাইছে। কানাডাৰ প্ৰধানমন্ত্ৰীৰ ওচৰত কোনো উপায় নাই, সেয়ে তেওঁ ভাৰতৰ বিৰুদ্ধে তথ্য-প্ৰমাণ অবিহনে কিছুমান অপমানজনক অভিযোগ উত্থাপন কৰিছে। শ্ৰীলংকাৰ ক্ষেত্ৰতো তেওঁলোকে একেই কাম কৰিছিল যে শ্ৰীলংকাত গণহত্যা হৈছে। এয়া সম্পূৰ্ণৰূপে মিছা কথা। সকলোৱে জানে যে আমাৰ দেশত কোনো গণহত্যা হোৱা নাই।''
উল্লেখ্য যে, ১৮ ছেপ্টেম্বৰত জাষ্টিন ট্ৰুডোৱে কানাডাত খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক বন্ধ হৈ পৰিছে। ভাৰত এই অভিযোগ নাকচ কৰি ইয়াক “অৰ্থহীন” আৰু “উদ্দেশ্য প্ৰণোদিত” বুলি অভিহিত কৰে। 
 
কানাডা আৰু শ্ৰীলংকাৰ সম্পৰ্কৰ ওপৰত উল্লেখ কৰি ছেব্ৰীয়ে কয় যে ট্ৰুডোৰ ‘গণহত্যা’ মন্তব্যৰ বাবেই ইয়াৰ পূৰ্বে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে। “তেওঁৰ সেই মন্তব্যটোৱে আচলতে আমাৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে। সেই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ দৃষ্টিভংগী বেলেগ আছিল। মন্ত্ৰালয়ে অতি স্পষ্টভাৱে কৈছিল যে শ্ৰীলংকাত কোনো গণহত্যা সংঘটিত হোৱা নাছিল, আনহাতে ৰাজনীতিবিদ হিচাপে প্ৰধানমন্ত্ৰী ট্ৰুডোৱে কয় যে শ্ৰীলংকাই ভয়াবহ গণহত্যাৰ সন্মুখীন হৈছিল। এয়া তেওঁলোকৰ পৰম্পৰ বিৰোধী মত আছিল। এইবোৰে একো সহায় নকৰে”, ছেব্ৰিয়ে কয়।
 
তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰীক সাৰ্বভৌম দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈও পৰামৰ্শ দিয়ে।
‘মই নাভাবো যে কোনোৱে আন দেশত নাক সোমাই কেনেকৈ দেশ শাসন কৰিব লাগে সেই কথা ক’ব লাগে। আমি আমাৰ দেশক আন সকলোতকৈ বেছি ভাল পাওঁ। সেইবাবেই আমি আমাৰ দেশত আছো। তেওঁৰ বক্তব্যক লৈ আমি একেবাৰেই সুখী নহয়। ভাৰত মহাসাগৰৰ পৰিচয় অতি গুৰুত্বপূৰ্ণ আৰু আমি আঞ্চলিক স্থাপত্যক শক্তিশালী কৰাৰ প্ৰয়োজন। আমি আমাৰ অঞ্চলটো চোৱাচিতা কৰিব লাগিব। আমি একেলগে কাম কৰিব লাগিব। তেনেকৈয়ে আমি এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব পাৰো। আমি আমাৰ কাম-কাজ কেনেকৈ চলাব লাগে সেই বিষয়ে আন কাৰোবাই নিৰ্দেশ দিয়া উচিত নহয়”, তেওঁ লগতে কয়।