নতুন দিল্লী
ইৰান-ইজৰাইল যুদ্ধৰ প্রভাৱ পৰিছে ভাৰতৰ পেকেজিং কৰা পানীৰ খণ্ডৰ ওপৰত। যুদ্ধৰ বাবে প্লাষ্টিকৰ বটল আৰু সাঁফৰৰ মূল্য বৃদ্ধি হোৱাত ভাৰতত ১১% ব্যয়বহুল হৈ পৰিছে পেকেজিং কৰা পানী।
প্লাষ্টিকৰ বটল নির্মাণত ব্যৱহৃত পলিমাৰৰ মূল্য বৃদ্ধিৰ বাবেই খোৱাপানীৰ বজাৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। ভাৰতত পেকেজিং কৰা পানীৰ বজাৰৰ এক-তৃতীয়াংশ দখল কৰা বিছলেবিয়ে ১১% মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে।
এতিয়াৰে পৰা ১ লিটাৰৰ ১২ টকাকৈ বটল থকা বিছলেৰিৰ বাকচৰ মূল্য হ'ব ২৪০ টকা। পূর্বতে এই পৰিমাণ আছিল ২১৬ টকা। 'যোৱা এটা পষেকৰ ভিতৰত পেকেজিং সামগ্রীব মূল্য ৭০% তকৈও অধিক বৃদ্ধি পোৱা বাবে পেকেজিং কৰা খোৱাপানীৰ ১ লিটাৰৰ বটলৰ মূল্য ২০ টকালৈ বৃদ্ধি পাইছে'- বিছলেৰিৰ চি ই অ' এঞ্জেলো জর্জে কয়।