পেহেলগাম কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা TRF ক বিদেশী সন্ত্ৰাসবাদী সংগঠন ঘোষণা আমেৰিকাৰ
নতুন দিল্লী
শেহতীয়াকৈ সংঘটিত হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা সম্ভৱতঃ কোনো ভাৰতীয়ই পাহৰিব নোৱাৰে। এনে সময়তে আমেৰিকাই গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। পহলগাম কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা পাকিস্তান সমৰ্থিত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)ক বিদেশী সন্ত্ৰাসবাদী সংগঠন (foreign terrorist group) বুলি ঘোষণা কৰিছে আমেৰিকাই। এই সংগঠনটোৱে ২২ এপ্ৰিলৰ পহলগাম কাণ্ডৰ দায়িত্ব গ্ৰহণ কৰিছিল, য’ত ২৬ জনকৈ লোকৰ মৃত্যু হৈছিল।
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ’ই কয় যে TRF হৈছে পাকিস্তান সমৰ্থিত লস্কৰ-ই-টাইবাৰ ‘প্ৰক্সি’। যাক ইতিমধ্যে ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। ৰুবিঅ’ই কয় যে আই এল এৰ ধাৰা ২১৯ (ILA Section 219 )ৰ অধীনত আই এন এ (INA) আৰু কাৰ্যবাহী আদেশ ১৩২২৪ (Executive Order 13224) অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে, ২০০৮ চনত লস্কৰে মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল। তাৰ পাছত পহলগাম আছিল সবাতোকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ। TRF য়ে ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত সংঘটিত কেইবাটাও আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এনে অৱস্থাত আমেৰিকাৰ এই ঘোষণাৰ জৰিয়তে TRF ৰ আৰ্থিক আৰু ভ্ৰমণ সম্পদৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব আৰু ইয়াক সন্ত্ৰাসবাদৰ বিশ্বব্যাপী পৃষ্ঠপোষক হিচাপে ঘোষণা কৰা হ’ব।
লস্কৰ-ই-তৈবাৰ গোট TRF য়ে বিগত বছৰবোৰত কাশ্মীৰত সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ ওপৰত কেইবাটাও আক্ৰমণ চলাই আহিছে। ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপে ধনৰ যিকোনো উৎস আৰু টি আৰ এফৰ প্ৰতি আমেৰিকা বা আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বন্ধ কৰি দিব। ইয়াৰোপৰি আমেৰিকাৰ এই পদক্ষেপৰ ফলত দুয়োখন দেশৰ নিৰাপত্তা সহযোগিতাক আৰু অধিক শক্তিশালী কৰিব।
২০১৯ চনৰ আগষ্ট মাহত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱা হৈছিল। ইয়াৰ কিছু সময়ৰ পিছতে ২০১৯ চনৰ অক্টোবৰ মাহত টি আৰ এফ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছত ই নিজকে স্থানীয় কাশ্মীৰী প্ৰতিৰোধ আন্দোলন হিচাপে উপস্থাপন কৰাৰ চেষ্টা কৰি আহিছে। কিন্তু কোৱা হয় যে, এই সংগঠনটোৱে লস্কৰৰ এটা গোট। ই একেটাৰে প্ৰক্সি, যাক এফ এ টি এফ (FATF)ৰ তদন্তৰ পৰা হাত সাৰিবলৈ নতুন পৰিচয় দিয়া হৈছিল।
২০২৩ চনৰ জানুৱাৰী মাহত ভাৰত চৰকাৰে এই সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। লগতে শ্বেইখ ছাজ্জাদ গুলক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে। TRF ৰ উদ্দেশ্য হ’ল- সাধাৰণ নাগৰিক, ধৰ্মীয় সংখ্যালঘু আৰু নিৰাপত্তা বাহিনীৰ ওপৰত লক্ষ্যভিত্তিক আক্ৰমণ, অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ চোৰাংচোৱাগিৰি, সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ আৰু নিযুক্তি অভিযান চলোৱা, ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অপপ্ৰচাৰ চলোৱা আদি।