নতুন দিল্লী
বহু বছৰ পূৰ্বে ভাৰতৰ পৰা চুৰি হোৱা প্ৰাচীন ভাস্কৰ্য অৱশেষত ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। ৩ টাকৈ তেনে প্ৰাচীন ভাস্কৰ্য ভাৰতলৈ ঘূৰাই অনাৰ বাবে ইতিমধ্যে চুক্তি স্বাক্ষৰ হৈছে। তামিলনাডুৰ মন্দিৰৰ পৰা চুৰি হোৱা বুলি গৱেষণাত পোহৰলৈ অহাৰ পিছতে আমেৰিকাত চুক্তি স্বাক্ষৰ কৰি স্মিথছ'নিয়ানৰ নেশ্যনেল মিউজিয়াম অৱ এছিয়ান আৰ্টৰ পৰা প্ৰাচীন ভাস্কৰ্যকেইটা ঘূৰাই অনাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
আমেৰিকাত ভাৰতৰ ডেপুটি চীফ অফ মিছন নামগ্যা খাম্পাই সংগ্ৰহালয়ৰ পৰিচালক চেজ ৰবিনছনৰ সৈতে এই ভাস্কৰ্যসমূহ ঘূৰাই অনাৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে । বিস্তৃত গৱেষণাৰ অন্তত পোহৰলৈ আহিছিল যে তামিলনাডুৰ মন্দিৰৰ পৰা এই ভাস্কৰ্যসমূহ অবৈধভাৱে লৈ যোৱা হৈছিল। এই প্ৰাচীন ভাস্কৰ্যসমূহৰ মূল উৎসৰ বিশদ অনুসন্ধানৰ অন্তত এই সিদ্ধান্ত লোৱা হয়।
এই ভাস্কৰ্যবোৰৰ ভিতৰত আছে নৱম শতিকাৰ শিৱ নটৰাজৰ ব্ৰঞ্জৰ মূৰ্তি, দ্বাদশ শতিকাৰ শিৱ আৰু উমাৰ ভাস্কৰ্য আৰু ১৬ শতিকাৰ পৰৱীৰ সৈতে সন্ত সুন্দৰৰ চিত্ৰ।
আমেৰিকাত থকা ভাৰতীয় দূতাবাসে এক্সৰ এটা পোষ্টত এই কথা প্ৰকাশ কৰি লিখিছে, "স্মিথছ'নিয়ানৰ নেশ্যনেল মিউজিয়াম অৱ এছিয়ান আৰ্টৰ পৰা ৩ টা মূল্যৱান প্ৰাচীন ভাস্কৰ্য ভাৰতলৈ অনা হ'ব।"
পোষ্টটোত উল্লেখ কৰা হৈছে যে এই প্ৰাচীন ভাস্কৰ্যবোৰৰ উৎপত্তিৰ গৱেষণাৰ অন্তত সংগ্ৰহালয়টোৱে এইবোৰ ভাৰতৰ পৰা অবৈধভাৱে লৈ যোৱা হৈছিল বুলি ধৰা পেলাইছে। দূতাবাসে জনোৱা মতে শিৱ নাটৰাজৰ ব্ৰঞ্জৰ মূৰ্তিটো জনসাধাৰণৰ দৰ্শনৰ বাবে ৰখা হ'ব, যাৰ ফলত দৰ্শনাৰ্থীসকলে ভাৰতৰ চহকী কলাত্মক আৰু আধ্যাত্মিক ঐতিহ্যৰ বিষয়ে জানিব পাৰিব।
'শিৱ আৰু উমা'ৰ ভাস্কৰ্য, যাক 'সোমস্কন্দ' বুলিও কোৱা হয় আৰু 'পৰৱীৰ সৈতে সন্ত সুন্দৰৰ চিত্ৰ ১৯৮৭ চনত আৰ্থাৰ এম চেকলাৰে সংগ্ৰহালয়টোক দান দিছিল।
চলিত বৰ্ষৰ আৰম্ভণিতে এন এম এ এ-ই এক বিবৃতিত কৈছিল যে ফৰাচী ইনষ্টিটিউট অৱ পণ্ডিচেৰীৰ ফটো আৰ্কাইভৰ সংগ্ৰহালয়টোৰ দলৰ নেতৃত্বত কৰা গৱেষণাই নিশ্চিত কৰিছে যে ১৯৫৬ চনত তামিলনাডুৰ কল্লাকুৰুচি তালুকৰ বীৰসোলাপুৰম গাঁৱৰ শিৱ মন্দিৰত 'পৰৱীৰ সৈতে সন্ত সুন্দৰৰ'ৰ চিত্ৰ তোলা হৈছিল।
১৯৫৯ চনত তামিলনাডুৰ মান্নাৰকুডী তালুকৰ আলাথুৰ গাঁৱৰ বিশ্বনাথ মন্দিৰত দ্বাদশ শতিকাৰ শিৱ আৰু উমাৰ ব্ৰঞ্জৰ মূৰ্তিটোক যাক 'সোমস্কন্দ' বুলিও কোৱা হয়, তাৰ ফটো তোলা হৈছিল।
'শিৱ নাটৰাজ' ভাৰতৰ তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ তিৰুত্তুৰাপুণ্ডি তালুকৰ শ্ৰী ভৱ আউষাদেশ্বৰ মন্দিৰৰ আছিল, য'ত ১৯৫৭ চনত ইয়াৰ ফটো তোলা হৈছিল। পিছলৈ ২০০২ চনত নিউয়ৰ্কৰ ড'ৰিছ উইনাৰ গেলেৰীৰ পৰা এন এম এ এ-ই ব্ৰঞ্জৰ ভাস্কৰ্যটো লাভ কৰে।