এয়া আমাৰ অধিকাৰ; একাংশ জাহাজৰ পৰা ২০ লাখ ডলাৰৰ কৰ সংগ্ৰহৰ সিদ্ধান্ত ইৰানৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
একাংশ জাহাজৰ পৰা ২০ লাখ ডলাৰৰ কৰ  সংগ্ৰহৰ সিদ্ধান্ত ইৰানৰ
একাংশ জাহাজৰ পৰা ২০ লাখ ডলাৰৰ কৰ সংগ্ৰহৰ সিদ্ধান্ত ইৰানৰ
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যত দিনে দিনে বৃদ্ধি পাইছে উত্তেজনা। ইৰানে এতিয়া হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰ (প্ৰায় ১৮.৮ কোটি ₹) টোল কৰ সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে।এই পদক্ষেপ বিশ্ব জাহাজৰ এই গুৰুত্বপূৰ্ণ পথটোৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ প্ৰদৰ্শনৰ বাবে ইৰাণে গ্ৰহণ কৰিছে।
 
ইৰানী সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ সদস্য আলায়েদ্দিন বৰৌজাৰ্ডিয়ে কয় যে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা কিছুমান জাহাজৰ ওপৰত ২০ লাখ ডলাৰৰ  নতুন টোল আৰোপ কৰা হৈছে, ইতিমধ্যে ইয়াক কাৰ্যকৰী কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপে দশক দশক ধৰি এই জলদ্বীপত ইৰাণৰ অধিকাৰ প্ৰদৰ্শন কৰে।
 
বৰৌজৰ্দীয়ে কয় যে, ‘কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰৰ টোল সংগ্ৰহ কৰাটোৱে ইৰানৰ শক্তি প্ৰদৰ্শন কৰে। কাৰণ এতিয়া যুদ্ধৰ খৰচ বৃদ্ধি পাইছে,গতিকে আমি এই কামটো প্ৰয়োজনীয় বুলি বিবেচনা কৰোঁ।হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ যোৱা জাহাজৰ পৰা ট্ৰেনজিট মাচুল সংগ্ৰহ কৰিলে ইছলামিক ৰিপাব্লিকৰ ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদৰ্শন হ’ব’।


শেহতীয়া খবৰ