ভাৰতৰ সৈতে ‘ডাঙৰ চুক্তি’ৰ ইংগিত ট্ৰাম্পৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
ৱাশ্বিংটন
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে (আমেৰিকাৰ স্থানীয় সময় অনুসৰি) কয় যে, আমেৰিকাই চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে আৰু ইয়াৰ পিছত ভাৰতৰ সৈতে 'এক ডাঙৰ' চুক্তি কৰাৰ বুলি ইংগিত দিছে। বিগ বিউটিফুল বিলৰ অনুষ্ঠানত ভাষণ দি ট্ৰাম্পে এই মন্তব্য কৰিছে। 
 
বাণিজ্যিক চুক্তিৰ দিশত ইংগিত দি ভাষণত ট্ৰাম্পে কয়, "সকলোৱে এটা চুক্তি কৰিব বিচাৰে আৰু তাৰ এটা অংশ থাকিব বিচাৰে। আমি মাত্ৰ কালি চীনৰ সৈতে চুক্তিবদ্ধ হৈছো। আমাৰ আৰু কিছুমান ডাঙৰ চুক্তি হৈছে। আমাৰ এটা আগন্তুক চুক্তি হয়তো ভাৰতৰ সৈতে হব পাৰে। যিটো অতি ডাঙৰ হব।"  
 
অৱশ্যে চীনৰ সৈতে স্বাক্ষৰিত চুক্তিৰ সবিশেষ সন্দৰ্ভত ট্ৰাম্পে বিতংভাৱে প্ৰকাশ কৰা নাই। ইয়াৰ পূৰ্বে জুন মাহত চিএনএনে প্ৰকাশ কৰিছিল যে, আমেৰিকা আৰু চীনে নতুন বাণিজ্যিক চুক্তিত উপনীত হৈছে, যোৱা মাহত জেনেভাত প্ৰথমে চুক্তিবদ্ধ হোৱা চৰ্তসমূহ পুনৰুজ্জীৱিত কৰি, উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দ্বিপাক্ষিক বাণিজ্য কাৰ্যতঃ বন্ধ হৈ পৰিছিল। 
 
বাণিজ্যিক যুদ্ধবিৰতিই বিশ্বৰ বজাৰ, ব্যৱসায়ী আৰু মাহৰ পিছত মাহ ধৰি শুল্ক বৃদ্ধি আৰু ক্ৰমাৎ বৃদ্ধি পোৱা অনিশ্চয়তাই জোকাৰি যোৱা গ্ৰাহকসকলক সাময়িকভাৱে সকাহ দিছিল। 
 
চলিত মাহৰ আৰম্ভণিতে আমেৰিকা-ভাৰত কৌশলগত অংশীদাৰিত্ব মঞ্চত ভাষণ দি আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে কয় যে, ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি অতি সোনকালে চূড়ান্ত হ’ব পাৰে, দুয়োখন দেশে নিজৰ স্বাৰ্থৰ লগত খাপ খোৱাকৈ উমৈহতীয়া ভিত্তি বিচাৰি উলিয়াব।
 
ইফালে, ১০ জুনত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱালে কয় যে, ভাৰত আৰু আমেৰিকাই দুয়োখন অৰ্থনীতিৰ লাভৱান হ’ব পৰা ন্যায্য আৰু সমতাপূৰ্ণ বাণিজ্য চুক্তিৰ আলোচনাৰ প্ৰক্ৰিয়াত আছে। 
 
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি আৰু ইউৰোপীয় সংঘৰ সৈতে ভৱিষ্যত বাণিজ্য চুক্তিক লৈ এখন সংবাদমেল সম্বোধন কৰি পীয়ুষ গোৱালে কয়, "২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠকত দুয়োজন নেতাই দ্বিপাক্ষিক বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লৈছে। যিয়ে অৰ্থনীতি, দুয়োপক্ষৰ ব্যৱসায় আৰু দুয়োখন দেশৰ জনসাধাৰণৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হ'ব।"
 
আমেৰিকা আৰু ভাৰত দুয়োখনেই “অতি ঘনিষ্ঠ বন্ধু, মিত্ৰ আৰু কৌশলগত অংশীদাৰ” বুলি আলোকপাত কৰি পীয়ুষ গোৱালে কয় যে, এই বাণিজ্যিক চুক্তিখন দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণ আৰু দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ এক সুযোগ।