Tue Jul 08 2025 3:35:37 AM
  • Follow us on
  • Subcribe

ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকঃ সন্ত্ৰাসবাদক লৈ একাংশ দেশৰ দ্বৈত স্থিতিক সমালোচনা ৰাজনাথ সিঙৰ

Story by  atv | Posted by  sarmamukut98@gmail.com • 11 d ago
ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত ৰাজনাথ সিং (বাঁওফালৰ পৰা তৃতীয়গৰাকী)
ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত ৰাজনাথ সিং (বাঁওফালৰ পৰা তৃতীয়গৰাকী)
 
কিংডাও (চীন)

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত আন্তঃসীমান্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ কথা দোহাৰে। তেওঁ কয় যে কিছুমান দেশে সীমান্তৰ সন্ত্ৰাসবাদক তেওঁলোকৰ নীতিৰ এক উপকৰণ হিচাপে ব্যৱহাৰ কৰে আৰু সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰদান কৰে। সন্ত্ৰাসবাদক লৈ এনেধৰণৰ দ্বৈত স্থিতিৰ কোনো স্থান নাই। ছাংহাই সহযোগিতা সংস্থাই এনে দেশসমূহক সমালোচনা কৰিবলৈ কুণ্ঠাবোধ কৰিব নালাগে।
 
তেওঁ কয়, "মই বিশ্বাস কৰো যে আমাৰ অঞ্চলত আমি সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে শান্তি, নিৰাপত্তা আৰু বিশ্বাসৰ অভাৱ। এই সমস্যাৰ মূল কাৰণ হৈছে ক্ৰমবৰ্ধমান মৌলবাদ, উগ্ৰবাদ আৰু সন্ত্ৰাসবাদ। সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী গোটসমূহৰ হাতত থকা বৃহৎ পৰিমাণৰ ধ্বংসাত্মক অস্ত্ৰৰ প্ৰসাৰৰ সৈতে শান্তি আৰু সমৃদ্ধি একেলগে আগবাঢ়িব নোৱাৰে।
“এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন আৰু আমি আমাৰ সামূহিক সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে এনে প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজত একত্ৰিত হ’ব লাগিব।”-তেওঁ কয়। স্মৰণীয় যে কিছুদিন পূৰ্বে ছাংহাই সহযোগিতা সংস্থাৰ এন এছ এৰ বৈঠকতো ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে একেধৰণৰ স্থিতি গ্ৰহণ কৰিছিল।
 
ৰাজনাথ সিঙে কয়, "ভাৰতৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা আজি ইয়াৰ কাৰ্য্যৰ জৰিয়তে প্ৰকাশ পাইছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ আমাৰ অধিকাৰ আছে, আৰু সেয়া আমি প্ৰদৰ্শন কৰিছো।"