হাউথীৰ বিৰুদ্ধে বিমান আক্ৰমণ ইজৰাইলৰ

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ডুবাই
 
সোমবাৰে পুৱা ইজৰাইলৰ সেনাই য়েমেনৰ হাউথী বিদ্ৰোহীৰ অধীনত থকা বন্দৰ আৰু সুবিধাসমূহক লক্ষ্য কৰি বিমান আক্ৰমণ চলায় আৰু বিদ্ৰোহীসকলে ইজৰাইলক লক্ষ্য কৰি মিছাইল গুলীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
 
দেওবাৰে লোহিত সাগৰত লাইবেৰিয়াৰ পতাকা থকা জাহাজ এখনক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পিছতে এই আক্ৰমণ সংঘটিত হয়। আক্ৰমণ কৰা জাহাজখন অগ্নিদগ্ধ হৈ পানীত ডুব যায় আৰু পিছত ইয়াৰ ক্ৰুৱে জাহাজখন পৰিত্যাগ কৰিবলৈ বাধ্য হয়।  
 
গ্ৰীচৰ মালিকানাধীন বাল্ক কেৰিয়াৰ মেজিক ছিজত আক্ৰমণৰ সন্দেহ তৎক্ষণাত হাউথীৰ ওপৰত আহিছিল। 
 
ইজৰাইল-হামাছৰ যুদ্ধ, ইৰাণ-ইজৰাইলৰ যুদ্ধ আৰু ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাৰ বিমান আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে সংঘটিত হোৱা এই আক্ৰমণৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই। 
 
ব্ৰিটিছ সেনাৰ বৃটেইন মেৰিটাইম ট্ৰেড অপাৰেশ্যন চেণ্টাৰে সদৰী কৰা অনুসৰি অচিনাক্ত জাহাজখনৰ এটা সশস্ত্ৰ নিৰাপত্তাৰক্ষীয়ে গুলীৰে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে৷ এই আক্ৰমণ দেশখনৰ হাউথী বিদ্ৰোহীৰ দখলত থকা য়েমেনৰ হোদেইদাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ (৬০ মাইল) দক্ষিণ-পশ্চিমে সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। 
 
ব্যক্তিগত সামুদ্ৰিক নিৰাপত্তা সংস্থা এম্ব্ৰেই সতৰ্কবাণী জাৰি কৰি কয় যে, লোহিত সাগৰত উত্তৰ দিশলৈ যোৱাৰ সময়ত এখন বাণিজ্যিক জাহাজক ৮ খন স্কিফে আক্ৰমণ কৰিছিল। পিছত এম্ব্ৰেয়ে কয় যে, জাহাজখনত বোমা কঢ়িয়াই নিয়া ড্ৰোন নাৱেও আক্ৰমণ কৰিছে৷ আনহাতে, দুখন ড্ৰোন নাৱে জাহাজখনত খুন্দা মৰাৰ বিপৰীতে আন দুখন নাও জাহাজত থকা সশস্ত্ৰ প্ৰহৰীয়ে ধ্বংস কৰা বুলি দাবী কৰিছে৷ 
 
গোটটোৰ আল-মছিৰা চেটেলাইট নিউজ চেনেলে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে, যদিও ইয়াৰ আঁৰৰ নেতা আব্দুল মালিক আল হাউথীৰ ভাষণ সম্প্ৰচাৰ কৰাৰ বাবে আৰু কোনো মন্তব্য নকৰে। অৱশ্যে এম্ব্ৰেয়ে কয় যে, জাহাজখনক 'প্ৰতিষ্ঠিত হাউথী টাৰ্গেট প্ৰফাইল'ৰ সৈতে সংগতি ৰাখি লক্ষ্য কৰি লোৱা হৈছিল, যদিও ইয়াৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা নাই।   
 
গোটটোৰ নেতৃত্বই গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা বুলি অভিহিত কৰাৰ লগতে হাউথী বিদ্ৰোহীয়ে অঞ্চলটোৰ বাণিজ্যিক আৰু সামৰিক জাহাজত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ আক্ৰমণ চলাই অহা বুলি ব্যক্ত কৰিছে।  
 
২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত হাউথীয়ে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে প্ৰায় ১০০ খনতকৈও অধিক বাণিজ্যিক জাহাজক লক্ষ্য কৰি লৈছিল৷ ইয়াৰে দুখন জাহাজ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল আৰু চাৰিজন নাৱিকৰ মৃত্যু ঘটিছিল।
 
সেইটোৱে লোহিত সাগৰৰ মাজেৰে বাণিজ্যিক জাহাজৰ চলাচল বহু পৰিমাণে হ্ৰাস কৰে, য’ত সাধাৰণতে বছৰি এক ট্ৰিলিয়ন ডলাৰৰ সামগ্ৰী ইয়াৰ মাজেৰে যোৱা দেখা যায়। মাৰ্চ মাহৰ মাজভাগত আমেৰিকাই বিদ্ৰোহীসকলৰ বিৰুদ্ধে ব্যাপক আক্ৰমণ আৰম্ভ নকৰালৈকে হাউথীয়ে যুদ্ধবিৰতিত আক্ৰমণ বন্ধ কৰি দিছিল।
 
কেইসপ্তাহমানৰ পাছত ইয়াৰ অন্ত পৰিছিল আৰু হাউথীয়ে কোনো জাহাজত আক্ৰমণ কৰা নাছিল, যদিও ইজৰাইলক লক্ষ্য কৰি মাজে মাজে ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখিছে। দেওবাৰে গোটটোৱে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছিল, যিটো ইজৰাইলৰ সেনাই বাধা প্ৰদান কৰিছিল বুলি কয়। 
 
ইফালে, য়েমেনত ছৌদি আৰৱৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ সমৰ্থিত হাউথী আৰু দেশখনৰ নিৰ্বাসিত চৰকাৰৰ মাজত দশকজোৰা যুদ্ধ অব্যাহত আছে। নিৰ্বাসিত চৰকাৰৰ প্ৰতি আনুগত্যশীল য়েমেনৰ উপকূলৰক্ষী বাহিনীয়ে ইয়াৰ পূৰ্বে লোহিত সাগৰত অতি কমেও এখন জাহাজক উদ্দেশ্যি গুলীচালনা কৰিছিল।
 
ছোমালিয়াৰ পৰা অহা জলদস্যুসকলো এই অঞ্চলত সক্ৰিয় হৈ আহিছে, যদিও সাধাৰণতে তেওঁলোকে জাহাজ ধৰিবলৈহে চেষ্টা কৰে, যাতে তেওঁলোকৰ ক্ৰুৰ পৰা মুক্তিপণ আদায় কৰিব পাৰে। কিন্তু য়েমেনৰ উপকূলৰক্ষী বা জলদস্যুই নিজৰ আক্ৰমণৰ সময়ত কোনোধৰণৰ ড্ৰোণ নাও ব্যৱহাৰ নকৰে।