নতুন দিল্লী
ভাৰতত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হ'ব ছাৰ্জিঅ’ গ’ৰ। ৱাশ্বিংটন আৰু নতুন দিল্লীৰ মাজত শুল্ক উত্তেজনা চলি থকাৰ মাজতেই ভাৰতত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰদূতৰ নাম ঘোষণা কৰিলে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ভাৰতত থকা পৰৱৰ্তী আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে বৰ্তমান হোৱাইট হাউছৰ ৰাষ্ট্ৰপতিৰ কৰ্মচাৰী কাৰ্যালয়ৰ সঞ্চালকৰ দায়িত্বত থকা তেওঁৰ দীৰ্ঘদিনীয়া সহায়ক ছাৰ্জিঅ’ গ’ৰক মনোনীত কৰিছে।
শুকুৰবাৰে তেওঁৰ ট্ৰুথ ছ’চিয়েলত এক পোষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি কয়, "৩৮ বছৰীয়া গ’ৰ এজন ডাঙৰ বন্ধু, যি বহু বছৰ ধৰি মোৰ ওচৰত আছে। ভাৰতীয় গণৰাজ্যত আমাৰ পৰৱৰ্তী আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে ছাৰ্জিঅ' গ'ৰক মনোনীত কৰা বুলি ঘোষণা কৰি মই আনন্দিত হৈছো।"
ট্ৰাম্পে লগতে কয় যে, গ'ৰে দক্ষিণ আৰু মধ্য এছিয়াৰ বিষয়ৰ বিশেষ দূত হিচাপেও কাৰ্য সম্পাদন কৰিব। গ’ৰ আৰু তেওঁৰ দলটোৱে সমগ্ৰ ফেডাৰেল বিভাগ আৰু সংস্থাসমূহৰ প্ৰায় ৪ হাজাৰ বিষয়াক নিযুক্তি দিয়াৰ কাম 'ৰেকৰ্ড সময়ত' চোৱাচিতা কৰিছিল। এতিয়া ৯৫ শতাংশতকৈ অধিক পদ পূৰণ কৰা হৈছে। নিশ্চিত নোহোৱালৈকে হোয়াইট হাউছত বৰ্তমানৰ ভূমিকাত থাকিব।
ৰাষ্ট্ৰপতি ট্ৰাম্পে লিখিছে, "গ'ৰে মোৰ ঐতিহাসিক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কাম কৰিছে। মোৰ বেষ্ট চেলাৰ কিতাপ প্ৰকাশ কৰিছে আৰু আমাৰ আন্দোলনক সমৰ্থন কৰা অন্যতম বৃহৎ ছুপাৰ পিএচি চলাইছে।" ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশাসনত গ’ৰৰ ভূমিকাক তেওঁৰ ৰাজনৈতিক দায়িত্ব পালনৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় বুলি অভিহিত কৰিছে।
ট্ৰাম্পে ছাৰ্জিঅ'ক অভিনন্দন জনাই কয়, "বিশ্বৰ আটাইতকৈ জনবহুল অঞ্চলটোৰ বাবে মোৰ এজেণ্ডাত সম্পূৰ্ণ বিশ্বাস কৰিব পৰা এজন ব্যক্তি থকাটো গুৰুত্বপূৰ্ণ আৰু আমেৰিকাক পুনৰ মহান কৰি তোলাত সহায় কৰিব। ছাৰ্জিঅ'ই এগৰাকী অবিশ্বাস্য ৰাষ্ট্ৰদূত হিচাপে প্ৰতিষ্ঠিত কৰিব। অভিনন্দন ছাৰ্জিঅ'!"
এক্সত এটা পোষ্টত গ'ৰে কয় যে, "তেওঁ ভাৰতত পৰৱৰ্তী আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু দক্ষিণ আৰু মধ্য এছিয়া বিষয়ৰ বিশেষ দূত হিচাপে মনোনীত কৰাৰ বাবে ট্ৰাম্পক তেওঁৰ অবিশ্বাস্য আস্থা আৰু আত্মবিশ্বাসৰ বাবে যি ভাষাৰেই কৃতজ্ঞতা নজনাও কিয় সেয়া কম হ'ব। আমেৰিকাক প্ৰতিনিধিত্ব কৰাটো মোৰ জীৱনৰ গৌৰৱ হ’ব।"
উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে গ'ৰে “ভাৰতত আমাৰ দেশৰ বাবে এক কল্পনাতীত ৰাষ্ট্ৰদূত হিচাপে গঢ়ি তুলিব।" উল্লেখ্য় যে, ২০২৩ চনৰ মে’ৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈকে ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা এৰিক গাৰ্চেট্টীৰ পিছত গ’ৰে কাৰ্যনিৰ্বাহ কৰিব।