কেলিফৰ্ণিয়াত দীপাৱলীৰ চৰকাৰী বন্ধৰ দিন ঘোষণা

Story by  atv | Posted by  [email protected] • 1 Months ago
কেলিফৰ্ণিয়াত দীপাৱলীৰ চৰকাৰী বন্ধৰ দিন ঘোষণা
কেলিফৰ্ণিয়াত দীপাৱলীৰ চৰকাৰী বন্ধৰ দিন ঘোষণা
 
নতুন দিল্লী
 
পোহৰৰ উৎসৱ দীপাৱলী এতিয়া কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই৷ এতিয়াৰে পৰা আমেৰিকাৰ কেলিফৰ্ণিয়া প্ৰদেশতো দীপাৱলীৰ দিনটো ৰাজ্যিক বন্ধৰ দিনৰূপে ঘোষণা কৰিছে দেশখনৰ চৰকাৰে। ইয়াৰ লগে লগে আমেৰিকাত পোহৰৰ উৎসৱ দীপাৱলীক আনুষ্ঠানিকভাৱে স্বীকৃতি দি ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰা কেলিফৰ্ণিয়া আমেৰিকাৰ তৃতীয়খন প্ৰদেশ হিচাপে চিহ্নিত হ'ল৷
 
কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে মঙলবাৰে ঘোষণা কৰে যে তেওঁ বিধানসভাৰ সদস্য এছ কালৰাই দীপাৱলীক ৰাজ্যিক বন্ধৰ দিন হিচাপে নিৰ্ধাৰণ কৰি দাখিল কৰা এখন বিধেয়কত স্বাক্ষৰ কৰিছে।
 
বিগত ছেপ্টেম্বৰ মাহত দীপাৱলীক চৰকাৰী ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবলৈ ‘এ বি ২৬৮’ শীৰ্ষক বিধেয়কখন কেলিফৰ্ণিয়াৰ দুয়োখন সদনত গৃহীত হৈছিল আৰু গৱৰ্ণৰ নিউজমৰ চূড়ান্ত অনুমোদনৰ অপেক্ষাত আছিল। যোৱা মাহত বিধানসভাৰ সদস্য কালৰাই কয়, "কেলিফৰ্ণিয়াত ভাৰতীয় আমেৰিকান লোকৰ সৰ্বাধিক জনসংখ্যা আছে আৰু দীপাৱলীক চৰকাৰী ৰাজ্যিক বন্ধৰ দিন হিচাপে নিৰ্ধাৰণ কৰিলে ইয়াক লাখ লাখ কেলিফৰ্ণিয়ান লোকে আৰু ভালকৈ উদযাপন কৰিব পাৰিব আৰু আমাৰ সমগ্ৰ বৈচিত্ৰ্যপূৰ্ণ ৰাজ্যখনৰ বহুতৰে সৈতে চিনাকি কৰাই দিয়াত সহায় কৰে।" তেওঁ লগতে কয়, "দীপাৱালীয়ে সদিচ্ছা আৰু শান্তিৰ বাৰ্তাৰে সম্প্ৰদায়সমূহক একত্ৰিত কৰে। কেলিফৰ্ণিয়াই দীপাৱলী আৰু ইয়াৰ বৈচিত্ৰ্যক আকোৱালি লোৱা উচিত, ইয়াক আন্ধাৰত লুকুৱাই ৰখা উচিত নহয়।"
 
উল্লেখযোগ্য যে ২০২৪ চনৰ অক্টোবৰ মাহত আমেৰিকাৰ পেনচিলভেনিয়াই আনুষ্ঠানিকভাৱে দীপাৱলীক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি দিয়া প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছিল ৷ ইয়াৰ পিছতে নিউয়ৰ্ক চহৰত চৰকাৰী বিদ্যালয়ৰ বাবে দীপাৱলীৰ বন্ধ ঘোষণা কৰা হৈছিল। শেহতীয়াকৈ কেলিফৰ্ণিয়াই দেৱালীক ৰাজ্যিক বন্ধৰ দিন হিচাপে কৰা ঘোষণাক প্ৰবাসী ভাৰতীয়সকলে আদৰণি জনাইছে।