ভাৰত-পাক সীমান্তত বাঢ়িছে পাকিস্তানী সন্ত্ৰাসবাদীৰ কুছকাৱাজ

Story by  atv | Posted by  [email protected] • 1 h ago
ভাৰত-পাক সীমান্তত বাঢ়িছে পাকিস্তানী সন্ত্ৰাসবাদীৰ কুছকাৱাজ
ভাৰত-পাক সীমান্তত বাঢ়িছে পাকিস্তানী সন্ত্ৰাসবাদীৰ কুছকাৱাজ
 
নতুন দিল্লী
 
ভাৰতৰ অপাৰেশ্যন সিন্দূৰৰ পাছত জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্তত পুনৰ সক্ৰিয় হৈছে সন্ত্ৰাসবাদী সংগঠন। ভাৰতীয় চোৰাংচোৱা সংস্থাই এই সৰ্তকবাণী জাৰি কৰিছে।  কেইবাটাও পাকিস্তানী গোটে বৃহৎ পৰিসৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ পুনৰ আৰম্ভ কৰিব বুলি ইংগিত দিছে চোৰাংচোৱা সংস্থাই।
 
জম্মু-কাশ্মীৰৰ সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি চলন্ত বাহনৰ আই ই ডি ব্যৱহাৰ কৰি দিল্লী শৈলীৰ আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হ’ব পাৰে বুলি সংস্থাসমূহে  তথ্য লাভ কৰাৰ পিছতে এই সতৰ্কবাণী প্ৰকাশ কৰিছে প্ৰশাসনে।
 
নিৰাপত্তাৰক্ষীৰ মতে, পিঅ'কে আৰু পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদী শিবিৰ ধ্বংস হোৱাৰ পিছত পহলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ ফলত জম্মু-কাশ্মীৰত সক্ৰিয় সন্ত্ৰাসবাদীৰ সংখ্যা ১৩১ লৈ বৃদ্ধি পাইছে। সন্ত্ৰাসবাদীৰ অধিকাংশই জম্মুৰ চেনাব উপত্যকা আৰু পীৰ পাঞ্জল অঞ্চলত সক্ৰিয় হৈ আছে।
 
চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ মাৰ্চ মাহৰ শেষলৈকে, এপ্ৰিল মাহত পহলগাম আক্ৰমণৰ পূৰ্বে জম্মু-কাশ্মীৰত মাত্ৰ ৫৯টা পাকিস্তানী সন্ত্ৰাসবাদী সক্ৰিয় আছিল। ইয়াৰে ২১ জনকৈ জৈছ-ই-মহম্মদ (JeM) আৰু লস্কৰ-ই-তৈবা (LeT), ৩ জন হিজবুল মুজাহিদীন (HM) আৰু ১৪ জন অন্য গোটৰ।
 
উল্লেখযোগ্য যে, নিৰাপত্তা বাহিনীৰ ওচৰত উপলব্ধ তথ্য অনুসৰি ২০২৪ চনত ৬১ জন আৰু ২০২৩ চনত ৬০ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে জে এণ্ড কেৰ ভিতৰত হোৱা এনকাউণ্টাৰ আৰু অভিযানত ৪৫ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাত (LoC) অনুপ্ৰৱেশৰ চেষ্টাৰ সময়ত ১৬ জন সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীৰ ভিতৰত ২১ জন পাকিস্তানী নাগৰিক হোৱাৰ বিপৰীতে একে সময়ছোৱাত ২৮ জন সাধাৰণ নাগৰিক আৰু ১৬ জন নিৰাপত্তাৰক্ষীয়েও প্ৰাণ হেৰুৱাইছিল।