ব্ৰাজিলত ৰাষ্ট্ৰসংঘৰ পৰিবেশ সন্মিলনৰ মূল মণ্ডপত অগ্নিকাণ্ড

Story by  atv | Posted by  [email protected] • 1 Months ago
ব্ৰাজিলত ৰাষ্ট্ৰসংঘৰ পৰিবেশ সন্মিলনৰ মূল মণ্ডপত অগ্নিকাণ্ড
ব্ৰাজিলত ৰাষ্ট্ৰসংঘৰ পৰিবেশ সন্মিলনৰ মূল মণ্ডপত অগ্নিকাণ্ড
 
নতুন দিল্লী
 
ব্রাজিলৰ বেলেমত বর্তমান চলি থকা ৰাষ্ট্ৰসংঘৰ পৰিবেশ সম্মিলন কপ-৩০ ৰ মূল মণ্ডপ 'ব্লু জোন'ত কালি দুপৰীয়া ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। মণ্ডপত জুই লগাৰ পিচতে সম্মিলনস্থলীত হুৱা-দুৱা লাগে। এই অগ্নিকাণ্ডত কমেও ২১ গৰাকী লোক আহত হয়।
 
অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ লগে লগে সন্মিলনত উপস্থিত থকা কেইবাহেজাৰ প্রতিনিধি, বিভিন্ন দেশৰ সাংবাদিক আৰু সুৰক্ষা কৰ্মী বাহিৰলৈ ওলাবলৈ হেঁচা-ঠেলা কৰে। সুৰক্ষা কৰ্মীয়ে তৎপৰতাৰে অধিৱেশনস্থলীত থকা কেইবাহেজাৰ লোকক বাহিৰলৈ ওলাই যোৱাত সহায় কৰাৰ লগতে অগ্নিনির্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
 
প্রাথমিক তদন্তত মাইক্ৰ'ৱেভৰ পৰা এই অগ্নিকাণ্ডৰ সূত্রপাত ঘটা বুলি জানিব পৰা গৈছে। ইফালে স্থানীয় সময়মতে দুপৰীয়া প্রায় ২ বজাত জুই লগাৰ ঘটনাই পৰিবেশ সম্মিলনৰ সুৰক্ষাৰ দিশটোক লৈ প্রশ্ন চিহ্নৰ অৱতাৰণা হৈছে। বিভিন্নজনে সুৰক্ষাৰ দিশটোক গুৰুত্বসহকাৰে লোৱা নাই বুলি অভিযোগ কৰিছে। এই অগ্নিকাণ্ডৰ পৰিপ্ৰেক্ষিতত কালি আৰু আজিৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে।