সাগৰীয় খাদ্যৰ চাহিদা বৃদ্ধি ভাৰতৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
সাগৰীয় খাদ্যৰ চাহিদা বৃদ্ধি ভাৰতৰ
সাগৰীয় খাদ্যৰ চাহিদা বৃদ্ধি ভাৰতৰ
 
নতুন দিল্লী
 
চুবুৰীয়া দেশ চীন আৰু জাপানৰ মাজত টাইৱানক লৈ অব্যাহত থকা বিবাদৰ সুফল ভোগ কৰিছে ভাৰতে। চীনে বুধবাৰে জাপানৰ পৰা অহা সকলো সাগৰীয় খাদ্যত নিষেধাজ্ঞা আৰোপ কৰাৰ পিচত এতিয়া দেশখনৰ বজাৰত সাগৰীয় খাদ্যৰ নাটনিৰ সমস্যাই দেখা দিয়াত প্রয়োজন পূৰণৰ বাবে ভাৰতৰ দৰে দেশত গুৰুত্ব আৰোপ কৰিছে।
 
তাৰ ফলস্বৰূপে ভাৰতীয় সাগৰীয় খাদ্যৰ প্রতিষ্ঠানসমূহৰ শ্বেয়াৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমেৰিকাই ভাৰতীয় সাগৰীয় খাদ্যত ৫০ শতাংশপর্যন্ত শুল্ক আৰোপ কৰাত অক্টোবৰত আমেৰিকালৈ ৰপ্তানি ৯ শতাংশ হ্রাস পোৱাৰ তথ্য প্ৰকাশৰ পিচতে চীনৰ বজাৰ দখলৰ দুৱাৰ মুকলি হৈছে।
 
চীন, ভিয়েটনাম আৰু থাইলেণ্ডলৈ ভাৰতে ইতিমধ্যে আৰম্ভ কৰিছে ৰপ্তানি বৃদ্ধিৰ প্রক্রিয়া। যোৱা বিত্তীয় বর্ষত ভাৰতে প্রায় ৬১ হেজাৰ কোটি টকাৰ সাগৰীয় খাদ্য ৰপ্তানি কৰে।