নতুন দিল্লী
ভাৰত, ৰাছিয়া আৰু চীন বন্ধুত্বৰ ক্ষেত্ৰত একেটা উদ্দেশ্যৰে আগবাঢ়ি যোৱাৰ লগে লগে যেন শংকিত হৈ পৰিছে আমেৰিকা। শুল্ক বৃদ্ধি কৰিয়েই শান্ত থকা নাই আমেৰিকা। ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিতৰ্কিত মন্তব্য কৰিছে আমেৰিকাৰ নেতাই।
এইবাৰ ভাৰতক লক্ষ্য কৰি ল'লে আমেৰিকাৰ হোৱাইট হাউছৰ বাণিজ্যিক উপদেষ্টা পিটাৰ নাভাৰোৱে। তেওঁৰ অভিযোগ শুল্কৰ ক্ষেত্ৰত ভাৰত হৈছে 'মহাৰাজ'। তেওঁৰ মতে ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰা খাৰুৱা তেল ব্যৱহাৰ কৰি লাভজনক আঁচনি চলাই আছে।
হোৱাইট হাউছৰ বাণিজ্যিক উপদেষ্টাগৰাকীয়ে ভাৰতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে কেনেদৰে ব্যক্তিগত স্বাৰ্থৰ বাবে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধি কৰি আছে সেই বিষয়েও উল্লেখ কৰিছে। আমেৰিকাত সাংবাদিকৰ সন্মুখত নাভাৰোৱে কয় যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ পূৰ্বে ভাৰতে কাৰ্যতঃ ৰাছিয়াৰ পৰা কোনো তেল ক্ৰয় কৰা নাছিল। এয়া প্ৰয়োজনীয়তাৰ প্ৰায় এক শতাংশৰ দৰেই আছিল। এতিয়া এই শতাংশ ৩৫ শতাংশলৈ বৃদ্ধি পাইছে।
তেওঁ কয় যে, ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৰাছিয়াৰ তেলৰ প্ৰয়োজন বুলি কোৱা যুক্তিৰ কোনো যুক্তি নাই। তেওঁ লগতে কয় যে, ভাৰতে কম মূল্যৰ ৰাছিয়ান তেল লৈ শোধন কৰি ইউৰোপ, আফ্ৰিকা আৰু এছিয়াত প্ৰিমিয়াম মূল্যত বিক্ৰী কৰে।
নাভাৰোৱে কয়, "এয়া সঁচা অৰ্থত ভাৰতীয় শোধন উদ্যোগৰ বাবে লাভজনক। ভাৰতৰ সৈতে আমাৰ বাণিজ্যৰ বাবে আমেৰিকান সকলৰ ওপৰত ইয়াৰ নিকা প্ৰভাৱ কি? তেওঁলোক শুল্কৰ ক্ষেত্ৰত মহাৰাজ। অধিক শুল্কবিহীন বাধা, বৃহৎ বাণিজ্যিক ঘাটি আদি আৰু ইয়াৰ ফলত আমেৰিকাৰ শ্ৰমিক আৰু আমেৰিকাৰ ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হয়।"
তেওঁ কয়, "আমাৰ পৰা যি ধন পায়, তেওঁলোকে সেই ধন ৰাছিয়াৰ তেল কিনিবলৈ ব্যৱহাৰ কৰে। তাৰ পিছত তেওঁলোকৰ শোধনাগাৰে প্ৰক্ৰিয়াকৰণ কৰে। ৰাছিয়াই এই ধন অস্ত্ৰ নিৰ্মাণ আৰু ইউক্ৰেইনিয়ানক হত্যা কৰিবলৈ ব্যৱহাৰ কৰে আৰু আমেৰিকানসকলক কৰদাতাসকলে ইউক্ৰেইনিয়ানসকলক অধিক সাহায্য আৰু সামৰিক হাৰ্ডৱেৰ প্ৰদান কৰিবলগীয়া হয়। সেয়া উদ্বেগজনক।"
তেওঁৰ মতে ভাৰতে যুদ্ধৰ ক্ষেত্ৰত নিজৰ ভূমিকাক স্বীকৃতি দিব নিবিচাৰে। ইফালে ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ বাবে ২৫ শতাংশ অতিৰিক্ত শুল্ককে ধৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক দুগুণ বৃদ্ধি কৰি ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ পিছত নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে। কিন্তু ৰাছিয়াৰ খাৰুৱা তেলৰ অন্যতম সৰ্ববৃহৎ ক্ৰেতা চীনৰ বিৰুদ্ধে আমেৰিকাই কোনো ধৰণৰ কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা যোৱা নাই।
ৰাছিয়াৰ সৈতে শক্তিৰ সম্পৰ্কৰ বাবে আমেৰিকাৰ বিষয়াসকলে ভাৰতক সমালোচনা কৰাৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও প্ৰত্যুত্তৰ দিছে যে, ৰাছিয়াৰ তেল ক্ৰয় কৰি বিশ্ব শক্তিৰ বজাৰ সুস্থিৰ কৰাত সহায় কৰিবলৈ আমেৰিকাই নিজেই নতুন দিল্লীক অনুৰোধ জনাইছে।