ভাৰতৰ সহায়ত ৭০ মিটাৰ দৈৰ্ঘ্যৰ মডিউলাৰ দলং নিৰ্মান নেপালত

Story by  atv | Posted by  Munni Begum • 3 d ago
নেপালত নিৰ্মিত ৭০ মিটাৰ দৈৰ্ঘ্যৰ মডিউলাৰ দলং
নেপালত নিৰ্মিত ৭০ মিটাৰ দৈৰ্ঘ্যৰ মডিউলাৰ দলং
 
কাঠমাণ্ডু
 
হেৱা খোলা (নদী)ৰ ওপৰত ভাৰতৰ সহায়ত নিৰ্মিত ৭০ মিটাৰ দৈৰ্ঘ্যৰ মডিউলাৰ দলং উদ্বোধন কৰা হৈছে। নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱ আৰু ভৌতিক আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্ৰী দেৱেন্দ্ৰ দাহালে যৌথভাৱে এই দলংখন উদ্বোধন কৰে বুলি কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ঘোষণা কৰিছে।
 
এক্সত এক পোষ্টত ভাৰতীয় দূতাবাসে লিখিছে, নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আৰু নেপালৰ ভৌতিক আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্ৰী যৌথভাৱে পাঁচথাৰ জিলাৰ হেৱা খোলাৰ ওপৰত নিৰ্মিত ৭০ মিটাৰ স্পেনৰ মডিউলাৰ দলং উদ্বোধন কৰে।
 
এই দলংখনেই নেপালত স্থাপন কৰা আটাইতকৈ দীঘলীয়া এনে দলং, যিয়ে কোশী প্ৰদেশৰ উত্তৰ আৰু দক্ষিণ অংশক সংযোগ কৰিছে। হেৱা খোলা দলংখন স্থাপনৰ কাম অফিচিয়েল জি আৰ এছ ইৰ কাৰিকৰী বিদ্যাবিদৰ এটা দলে সম্পন্ন কৰে। এই প্ৰক্ৰিয়াত নেপালৰ ৩৫ জন পেছাদাৰীয়ে স্থানত মডিউলাৰ দলং নিৰ্মাণৰ ক্ষেত্ৰত হাতে কামে অভিজ্ঞতা লাভ কৰে, যাৰ ফলত এই নিচ ডমেইনত সামৰ্থ্য গঢ়ি তোলা হয় বুলি পোষ্টটোত লগতে উল্লেখ কৰিছে। 
 
ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি ২০২৪ চনৰ ছেপ্টেম্বৰৰ পিছত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গুৰুত্বপূৰ্ণ পথ আন্তঃগাঁথনি পুনৰুদ্ধাৰ আৰু সংযোগ বৃদ্ধিৰ বাবে অনুদানৰ অধীনত ৪০ কোটি এনপিআৰতকৈ অধিক ব্যয় সাপেক্ষে ভাৰতে নেপাললৈ ১০খন প্ৰিফেব্ৰিকেটেড ষ্টীল দলং যোগান ধৰিছিল। 
 
হেৱা খোলাৰ ওপৰত দলংখন স্থাপন কৰাটো নেপালী কাৰিকৰী বিদ্যাবিদসকলৰ বাবে এক কঠিন কাম আছিল, কিয়নো সম্পূৰ্ণ হোৱাৰ আগতেই দলংখন ভাঙি গৈ আছিল। ভাৰতীয় কাৰিকৰী বিদ্যাবিদৰ সহযোগত তৃতীয় প্ৰচেষ্টাত দলংখ্নৰ নিৰ্মাণ সম্পূৰ্ণ হয়। 
 
হেৱা খোলা মেচি ঘাইপথত অৱস্থিত যিটো পঞ্চথাৰৰ ফিডিম আৰু হিলিহাংক পৃথক কৰি বৈ গৈছে। এই ঘাইপথটোৱে পঞ্চথাৰ আৰু তাপলেজুঙক ইলাম আৰু ঝাপালৈ সংযোগ কৰে। দলংখন স্থাপনৰ বাবে ২১ জন ভাৰতীয় কাৰিকৰী বিদ্যাবিদক লৈ ত্ৰিশজন অভিযন্তাক সংগঠিত কৰা হৈছিল।