বুয়েনছ আয়াৰ্ছ চহৰ চৰকাৰৰ মুৰব্বী জৰ্জ মেক্ৰিৰ পৰা বুয়েনছ আয়াৰ্ছ চহৰৰ চাবি গ্ৰহণ কৰি থকা অৱস্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ৰিঅ' ডি জেনেইৰ' / ব্ৰাজিল
চাৰিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্ৰাজিলত প্ৰধানমন্ত্ৰী গৰাকীয়ে ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যিক ভ্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিব।
৫খন দেশৰ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ক্ৰমে শনিবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) ইয়াৰ গেলেয়াও আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
সপ্তদশ ব্ৰিকছ নেতা সন্মিলনৰ সময়ত (৬-৭ জুলাই) প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি আৰু নিৰাপত্তা, বহুপক্ষীয়তা শক্তিশালী কৰা, কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল ব্যৱহাৰ, জলবায়ুৰ ব্যৱস্থা, বিশ্ব স্বাস্থ্য, অৰ্থনৈতিক আৰু বিত্তীয় বিষয়কে ধৰি বিশ্বৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব।
এক আনুষ্ঠানিক বিবৃতি অনুসৰি, শীৰ্ষ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকতও অংশগ্ৰহণ কৰিব। ব্ৰাজিলৰ ৰাজ্যিক ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ব্ৰাজিলিয়ালৈ যাব, য’ত তেওঁ ৰাষ্ট্ৰপতি লুলাৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি, স্বাস্থ্য আৰু মানুহৰ পৰা মানুহৰ সংযোগকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব বহল কৰাৰ ওপৰত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ অপেক্ষা কৰি থকা ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সদস্যসকলে তেওঁৰ এই ভ্ৰমণক লৈ উৎসাহ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাটো এক সৌভাগ্যৰ কথা বুলি আখ্যা দিয়ে।
ভাৰতীয় প্ৰব্ৰজনকাৰী বিজয় সোলংকিয়ে কয় যে, "মই গুজৰাটৰ... মই দীৰ্ঘদিন ধৰি ব্ৰাজিলত বাস কৰি আহিছো। আজি আমাৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ পাই আমি অতিশয় উৎসাহিত আৰু সৌভাগ্য আৰু সন্মানিত অনুভৱ কৰিছো।"
ভাৰতীয় প্ৰব্ৰজনকাৰীৰ আন এজন সদস্য পূজাই উৎসাহ প্ৰকাশ কৰি কয়, "মই গুজৰাটৰ, আৰু যোৱা তিনি বছৰ ধৰি ব্ৰাজিলত বাস কৰি আছো। তেওঁক লগ পাই মই অতিশয় উৎসাহিত হৈছো।"
ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সদস্য কাৰ্তিকে কয় যে, আমি প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ পাই অতিশয় উৎসাহিত হৈছো... ভাৰত-ব্ৰাজিল মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হোৱাটো আমি বিচাৰো। ইয়াৰ উপৰিও ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ (ICCR) এটা কেন্দ্ৰৰ সঞ্চালক জ্যোতি কিৰণেও প্ৰচণ্ড উৎসাহ প্ৰকাশ কৰিছে।
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ আৰ্জেণ্টিনা ভ্ৰমণৰ সামৰণি মাৰি ব্ৰাজিলত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। ব্ৰাজিলৰ পিছত ৯ জুলাইত নামিবিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু ইয়াৰ সংসদতো ভাষণ প্ৰদান কৰিব।
বুধবাৰে ঘানাৰ পৰা ৫খন দেশৰ আঠদিনীয়া ভ্ৰমণ (২ জুলাইৰ পৰা ৯ জুলাইলৈ) আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ঘানাৰ পৰা প্ৰধানমন্ত্ৰীয়ে কেৰিবিয়ান ৰাষ্ট্ৰ ট্ৰিনিদাদ আৰু ট’বাগোলৈ যায়, আৰু তাৰ পিছত আৰ্জেণ্টিনালৈ।