জাপানৰ সামুদ্ৰিক আত্মৰক্ষা বাহিনীৰ দুখন হেলিকপ্টাৰ সাগৰত দুৰ্ঘটনাগ্ৰস্ত

Story by  atv | Posted by  Munni Begum • 15 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
টকিঅ'
 
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি প্ৰশিক্ষণ অনুশীলনৰ সময়ত জাপানৰ সামুদ্ৰিক আত্মৰক্ষা বাহিনীৰ দুখন হেলিকপ্টাৰ সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত থকা আঠজন ক্ৰুৰ ভিতৰত এজনৰ মৃত্যু হয়।
 
ৰাষ্ট্ৰীয় সম্প্ৰচাৰক এন এইচ কে আৰু কিয়’ড’ৰ বাতৰি অনুসৰি মধ্য জাপানৰ দক্ষিণ উপকূলৰ দূৰৱৰ্তী ইজু দ্বীপ গোটৰ ট’ৰিচিমাৰ ওচৰত শনিবাৰে নিশা এছ এইচ-৬০ টহলদাৰী হেলিকপ্টাৰ দুখনে ছাবমেৰিন বিৰোধী অনুশীলন চলাইছিল। 
 
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সন্ধানহীন হৈ থকা দলটোৰ সদস্যৰ সন্ধান অব্যাহত আছে আৰু দুয়োখন বিমানৰ ৰেকৰ্ডাৰ উদ্ধাৰ কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে। 
 
জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কিহাৰা মিনোৰুৱে দেওবাৰে এখন সংবাদমেলত কয় যে হেলিকপ্টাৰ দুখন সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে বুলি বাতৰি প্ৰকাশ পাইছে। 
 
এক্সত কৰা এক পোষ্টত জাপানত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত ৰহম ইমানুৱেলে অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টাত নিজৰ দেশৰ সহায় আগবঢ়াযছে।