ৱাশ্বিংটন ডি চিৰ ইহুদী সংগ্ৰহালয়ৰ সমীপত ইজৰাইলৰ দূতাবাসৰ দুজন কৰ্মচাৰীক গুলীয়াই হত্যা

Story by  atv | Posted by  [email protected] • 21 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ৱাশ্বিংটন

বুধবাৰে সন্ধিয়া ৱাশ্বিংটন ডি চিৰ কেপিটেল ইহুদী মিউজিয়ামত ইহুদী অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা অৱস্থাত ইজৰাইলৰ দূতাবাসৰ দুজন কৰ্মচাৰীক ওচৰৰ পৰা গুলীয়াই হত্যা কৰা হয়।
 
ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি, কেপিটেল ইহুদী মিউজিয়াম, এফ বি আইৰ ফিল্ড অফিচ আৰু আমেৰিকাৰ এটৰ্নী অফিচৰ ওচৰৰ নৰ্থৱেষ্ট ৱাশ্বিংটন ডি চিৰ ৩য় আৰু এফ ষ্ট্ৰীটৰ ওচৰত এজন পুৰুষ আৰু এগৰাকী মহিলাক নৃশংসভাৱে গুলীয়াই হত্যা কৰা হয়।
 
গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে এক্সত এটা পোষ্টৰ জৰিয়তে এই খবৰ প্ৰকাশ কৰে। আমেৰিকাৰ এটৰ্নী জিনিন পিৰ’ৰ সৈতে সেই স্থানত উপস্থিত থকা এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে এই কথা নিশ্চিত কৰে। ইজৰাইলৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ডেনি ডেননে এই আক্ৰমণক “যিহুদী বিৰোধী সন্ত্ৰাসবাদৰ জঘন্য কাৰ্য্য” বুলি গৰিহণা দিয়ে। আৰক্ষীয়ে এতিয়াও ইয়াৰ উদ্দেশ্য প্ৰকাশ কৰা নাই। এই সন্দৰ্ভত বৃহস্পতিবাৰে এখন সংবাদমেল অনুষ্ঠিত হোৱাৰ কথা আছে।
 
এক্সত এটা পোষ্টত ডেননে কয়, “আমি বিশ্বাসী যে এই অপৰাধমূলক কাৰ্য্যৰ বাবে দায়ীসকলৰ বিৰুদ্ধে আমেৰিকা কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইজৰাইলে নিজৰ নাগৰিক আৰু প্ৰতিনিধিসকলক সুৰক্ষিত কৰাৰ বাবে দৃঢ়তাৰে কাম কৰি যাব।”
 
ইফালে, এফ বি আইৰ সঞ্চালক কাছ পেটেলে কয় যে তেওঁক আৰু তেওঁৰ দলটোক এই গুলীচালনাৰ বিষয়ে অৱগত কৰা হৈছে। এক্সত তেওঁ লিখিছে, ‘আমি মহানগৰ আৰক্ষী বিভাগৰ সৈতে সমন্বয় বৰ্তাই ৰাখি কাম কৰি আছো, যাতে এই আক্ৰমণৰ প্ৰত্যুত্তৰ জনাব পাৰো আৰু অধিক তথ্য জানিব পাৰো। এই মুহূৰ্তত অনুগ্ৰহ কৰি ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰক।"