৪ অক্টোবৰৰ পৰা মাচুল বৃদ্ধি ব্ৰিটেইনৰ পাৰপত্ৰৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
৪ অক্টোবৰৰ পৰা মাচুল বৃদ্ধি ব্ৰিটেইনৰ পাৰপত্ৰৰ
৪ অক্টোবৰৰ পৰা মাচুল বৃদ্ধি ব্ৰিটেইনৰ পাৰপত্ৰৰ
 
নতুন দিল্লী
 
বৃটিছ চৰকাৰে অহা ৪ অক্টোবৰৰপৰা কাৰ্যকৰী হোৱাকৈ পাৰপত্ৰ (ভিছা)ৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে। ফলত ভাৰতীয়কে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ বাবে, বিশেষকৈ ছমাহৰ তলৰ ভিজিট ভিছাৰ বাবে ১৫ পাউণ্ড আৰু ষ্টুভেণ্ট ভিছাৰ মাচুল ১২৭ পাউণ্ড বেছি হ'ব। সংসদত দাখিল কৰা এই সম্পর্কীয় এখন আইনৰ পাছতে বৃটেইনৰ গৃহ বিভাগে এই কথা স্পষ্ট কৰে। 
 
 
বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকে যোৱা জুলাইত ঘোষণা কৰিছিল। আনহাতে, গৃহ বিভাগে বেছিভাগ কাম আৰু ভ্রমণ ভিছাৰ খৰচ ১৫ শতাংশ বৃদ্ধিৰ ইংগিত দিছিল আৰু অগ্ৰাধিকাৰ ভিছা, অধ্যয়ন ভিছা আৰু পৃষ্ঠপোষকতাৰ প্ৰমাণ-পত্ৰ খচ কমেও ২০ শতাংশ বৃদ্ধিৰ ইংগিত দিছিল। 
 
শেহতীয়াকৈ এটা বিজ্ঞপ্তিত বিভাগে কয়— ‘এনেদৰে আদায় কৰা মাচুলৰপৰা পোৱা আয়ে গৃহ বিভাগৰ বহনক্ষম অনুপ্ৰৱেশ আৰু জাতীয়তা ব্যৱস্থা চলোৱাৰ ক্ষমতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।' সংসদীয় অনুমোদনৰ অধীনত এই পৰিৱৰ্তন অহা ৪ অক্টোবৰৰপৰা বলৱৎ হ'ব বুলিও গৃহ মন্ত্ৰণালয়ে প্রকাশ কৰিছে।