গণতান্ত্ৰিক নিৰ্বাচনক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে বাংলাদেশৰ বাবে নতুন ভিছা নীতি ঘোষণা আমেৰিকাৰ

Story by  atv | Posted by  [email protected] • 10 Months ago
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি ব্লিঙ্কেন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি ব্লিঙ্কেন
 
ঢাকা

বাংলাদেশত ২০২৪ৰ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত বাধা দিয়াৰ বাবে দায়বদ্ধ হোৱা ব্যক্তিসকলৰ ভ্ৰমণ অনুমতি সীমিত কৰি বাংলাদেশৰ বাবে এক নতুন ভিছা নীতি ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি ব্লিঙ্কেনে।
 
এক বিবৃতিত তেওঁ কয়, "বাংলাদেশে মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যক সমৰ্থন কৰিবলৈ আজি আমি ইমিগ্ৰেচন এণ্ড নেচনেলিটি এক্টৰ ধাৰা ২১২(এ)(৩)(চি) (৩চি)ৰ অধীনত এখন নতুন ভিছা নীতি ঘোষণা কৰিছো।" তেওঁ কয়, ‘এই নীতিৰ অধীনত আমেৰিকাই বাংলাদেশৰ গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়াক ভেঙুচালি কৰাৰ বাবে দায়ী বা সহযোগী বুলি বিশ্বাস কৰা যিকোনো বাংলাদেশী ব্যক্তিৰ বাবে ভিছা প্ৰদানৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব পাৰিব।’
 
ব্লিংকেনে পুনৰ কয় যে বৰ্তমান আৰু প্ৰাক্তন বাংলাদেশী বিষয়া, চৰকাৰী সমৰ্থক আৰু বিৰোধী ৰাজনৈতিক দলৰ সদস্য, আইন প্ৰয়োগকাৰী সংস্থা, ন্যায়পালিকা, আৰু নিৰাপত্তা সেৱাৰ সদস্যসকল এই নতুন নীতিৰ অধীনত আহিব পাৰে।
 
আমেৰিকাৰ বৈদেশিক বিভাগৰ এক বিবৃতি অনুসৰি, ৩ মে’ত ৱাশ্বিংটনে বাংলাদেশ চৰকাৰক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিবে কয় যে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাটো ভোটাৰ, ৰাজনৈতিক দল, চৰকাৰ, সুৰক্ষা বাহিনী, নাগৰিক সমাজ আৰু সংবাদ মাধ্যম সকলোৰে দায়িত্ব। তেওঁ কয়, "বাংলাদেশত গণতন্ত্ৰক আগুৱাই নিবলৈ বিচৰা সকলোকে আমাৰ সমৰ্থন আগবঢ়োৱাৰ বাবে মই এই নীতি ঘোষণা কৰিছো।"
বাংলাদেশৰ পৰৱৰ্তী নিৰ্বাচনত কোনো নিৰ্দিষ্ট দলৰ অংশগ্ৰহণক লৈ ৱাশ্বিংটন চিন্তিত নহয় যদিও নিৰ্বাচন নিৰপেক্ষ আৰু এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱাটো বিচাৰে  বুলি এজন জেষ্ঠ বিষয়াই কোৱাৰ এসপ্তাহ পিছত ব্লিঙ্কেনে নতুন ভিছা নীতি ঘোষণা কৰে। ইফালে, প্ৰধান বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টিয়ে (বি এন পি) নিৰ্বাচনত তদাৰক কৰিবলৈ এটা অ-দলীয় তত্ত্বাৱধায়ক চৰকাৰ পুনৰুদ্ধাৰৰ বাবে অভিযান চলাই আহিছে আৰু কয় যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰশাসনৰ অধীনত কোনো নিৰ্বাচন মুক্ত নহ'ব।
 
বর্তমানৰ আৱামী লীগ নেতৃত্বাধীন চৰকাৰৰ অধীনত কোনো নির্বাচনত অংশগ্রহণ নকৰাৰ প্রতিশ্রুতিও দিছে বিএনপিয়ে৷ যোৱা সপ্তাহত আমেৰিকাৰ উপ সহকাৰী সচিব আফ্ৰিন আখতেৰে চৰকাৰী বি এছ এছ সংবাদ সংস্থাক কয় যে, ‘আমি (অৱশ্যে) নিৰ্বাচন অংশগ্ৰহণমূলক হয় নে নহয় সেই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই, আমি অধিক নিৰ্বাচনী পৰিৱেশ (বাংলাদেশত)ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।
 
নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে নকৰে, সেয়া বাংলাদেশৰ ৰাজনৈতিক দলসমূহৰ ওপৰত নিৰ্ভৰশীল বুলিও তেওঁ কয়। আমেৰিকাৰ বিদেশ বিভাগৰ বিষয়াগৰাকীয়ে কয় যে ৱাশ্বিংটনে অনাগত মাহত বাংলাদেশলৈ নিৰ্বাচনৰ পূৰ্বে পৰ্যবেক্ষক মিছন প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে যদিও মিছনটোৰ ভ্ৰমণৰ সঠিক সময়সীমা নিশ্চিত কৰা নাই।
 
আখতাৰে কয়, ‘প্ৰধানমন্ত্ৰী হাচিনাই নিৰ্বাচনী পৰ্যবেক্ষকক আদৰণি জনোৱাৰ লগে লগে অনাগত মাহত আমেৰিকাই নিৰ্বাচনৰ পূৰ্বে পৰ্যবেক্ষণ অভিযান (বাংলাদেশত) সমৰ্থন কৰিবলৈ ওলাইছে। ২০২৪ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে চলি থকা ভূ-ৰাজনীতিৰ পটভূমিত বাংলাদেশৰ ওপৰত আমেৰিকাই হেঁচা প্ৰয়োগ কৰিব পাৰে বুলিও জল্পনা-কল্পনাৰ মাজতে ব্লিংকেনৰ এই বক্তব্য প্ৰকাশ পাইছে।
বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমেনে চলিত সপ্তাহৰ আৰম্ভণিতে কয় যে আমেৰিকাই বাংলাদেশৰ ওপৰত নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কোনো কাৰণ নাই যদিও ই ৱাশ্বিংটনৰ ওপৰত নিৰ্ভৰশীল বুলিও কয়। তেওঁ কয়, ‘নতুন নিষেধাজ্ঞাৰ বিষয়ে আমাৰ কোনো ধাৰণা নাই কাৰণ ই সংশ্লিষ্ট দেশখনৰ (আমেৰিকা)ৰ ওপৰত নিৰ্ভৰশীল, (কিন্তু) যদিহে আমেৰিকাৰ কোনো নতুন নিষেধাজ্ঞা জাৰি কৰা হয় তেন্তে সেয়া দুৰ্ভাগ্যজনক হ’ব।”
 
যোৱা ১০ ডিচেম্বৰত আমেৰিকাৰ কোষাগাৰ বিভাগে বাংলাদেশৰ অভিজাত অপৰাধ বিৰোধী ৰেপিড একচন বেটেলিয়নৰ লগতে ইয়াৰ বৰ্তমান আৰু প্ৰাক্তন সাতজন বিষয়াৰ ওপৰত মানৱ অধিকাৰ উলংঘাৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল।
দেশখনে নিষেধাজ্ঞাৰ প্ৰতিবাদ কৰি আমেৰিকাক নিজৰ সিদ্ধান্ত পুনৰীক্ষণ কৰিবলৈ আহ্বান জনাইছিল।