উৰিষ্যাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে

Story by  atv | Posted by  Munni Begum • 1 Years ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন
 
নতুন দিল্লী 
 
শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে ভাৰতত ২৮০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা হৃদয় বিদাৰক উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাই তেওঁ মৰ্মাহত হৈছে। 
 
উৰিষ্যাৰ বালাছ'ৰ জিলাত তিনিখনকৈ ৰে’লৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনা ভাৰতৰ প্ৰায় তিনিটা দশকৰ ভিতৰত সংঘটিত হোৱা অন্যতম ভয়াৱহ ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনত্ত কমেও ২৮৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১০০ৰো অধিক লোক আহত হৈছে। 
 
হোৱাইট হাউছে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰিছে, "ভাৰতত সংঘটিত হোৱা ভয়ংকৰ হৃদয় বিদাৰক ৰে'ল দুৰ্ঘটনা খবৰটোৱে (ফাৰ্ষ্ট লেডী ডাঃ) জিল (বাইডেন) আৰু মই মৰ্মাহত হৈছো। যিসকলে আপোনজনক হেৰুৱাইছে আৰু এই ভয়ংকৰ দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা সকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা।"   
 
 
বিবৃতিত লগতে উল্লেখ কৰিছে, "আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত পৰিয়াল আৰু সংস্কৃতিৰ গভীৰ সম্পৰ্ক আছে, যিয়ে আমাৰ দুয়োখন ৰাষ্ট্ৰক একত্ৰিত কৰি ৰাখিছে আৰু সমগ্ৰ আমেৰিকাৰ লোকসকলে ভাৰতৰ জনসাধাৰণৰ সৈতে শোক প্ৰকাশ কৰিছে। পুনৰুদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত থকাৰ লগে লগে, আমি ভাৰতৰ জনসাধাৰণৰ বাবে সমবেদনা জ্ঞাপন কৰিছো।" 
 
শেহতীয়াকৈ ভাৰতৰ ভিতৰতে অন্যতম ভয়ংকৰ ৰেল দুৰ্ঘটনাটো শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কলকাতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বালাছ'ৰ জিলাৰ বাহানাগা বাজাৰ ষ্টেচনৰ সমীপত সংঘটিত হয়। যিটো ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম ভয়াৱহ ৰে’ল দুৰ্ঘটনা। 
 
ৰে’ল মন্ত্ৰালয়ে টুইটযোগে কয় যে ৰেলপথৰ পৰা আঁতৰি যোৱা স্থানত উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে আৰু পুনৰুদ্ধাৰৰ কাম আৰম্ভ হৈছে। মুখ্য সচিব প্ৰদীপ জেনাই কয় যে বালাছ'ৰ, ময়ুৰভঞ্জ, ভদ্ৰক, জাজপুৰ আৰু কটক জিলাৰ কেইবাখনো চিকিৎসালয়ত প্ৰায় ৯০০ আহত যাত্ৰীক চিকিৎসাধীন হৈ আছে। 
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), উৰিষ্যা দুৰ্যোগ ৰেপিড একচন বাহিনী (অ’ডিআৰএফ), কেইবাটাও অগ্নিনিৰ্বাপক বাহিনীৰ ইউনিট আৰু এম্বুলেন্সকো উদ্ধাৰ অভিযানত সহায় কৰিবলৈ মোতায়েন কৰা হৈছে। ইষ্টাৰ্ণ কমাণ্ডৰ পৰা এম্বুলেন্স আৰু সহায়ক সেৱাৰ সৈতে সেনাৰ চিকিৎসা আৰু অভিযান্ত্ৰিক দল মোতায়েন কৰা হৈছে। দলসমূহ একাধিক শিবিৰৰ পৰা যিমান পাৰি সোনকালে ঘটনাস্থলীত উপস্থিত হয়।
 
উদ্ধাৰকাৰীসকলে গেছ কাটাৰ টৰ্চ আৰু ইলেক্ট্ৰিক কাটাৰ ব্যৱহাৰ কৰি নিশাটো কাম কৰি দুৰ্ঘটনাটোত জড়িত ৰে’লসমূহৰ ছিন্নভিন্ন অৱশিষ্টৰ পৰা জীৱিত লোকক উদ্ধাৰ কৰিছে। উদ্ধাৰ অভিযানৰ বাবে প্ৰায় ২০০খন এম্বুলেন্স আৰু ৪৫টা ভ্ৰাম্যমাণ স্বাস্থ্য দল মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও প্ৰায় ৫০ জন অতিৰিক্ত চিকিৎসককো সংগঠিত কৰা হৈছে।
 
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলপথৰ পৰা নামি অহাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। মৃতকৰ আত্মীয়ক ১০ লাখ টকা, গুৰুতৰভাৱে আহত হোৱা লোকক ২ লাখ টকা, সামান্য আঘাতপ্ৰাপ্ত লোকক ৫০ হাজাৰ টকাৰ সাহাৰ্যৰ ঘোষণা কৰিছে ৰে’ল মন্ত্ৰালয়ে।