৪ আগষ্টৰ পৰা গুৱাহাটী-ডুবাই আৰু গুৱাহাটী-আবু ধাবি পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব এয়াৰ ইণ্ডিয়াই

Story by  PTI | Posted by   Imtiaz Ahmed • 51 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী 

অহা ৪ আগষ্টৰ পৰা এয়াৰ ইণ্ডিয়াই গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব। এই কথা সোমবাৰে ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যম ‘এক্স’ত এক পোষ্টযোগে এই নতুন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই সেৱাৰ জৰিয়তে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযুক্ত হ’ব সংযুক্ত আৰব আমিৰাত (UAE), থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানৰ সৈতে।

মুখ্যমন্ত্ৰীয়ে পোষ্টটোত উল্লেখ কৰে, “বিশ্ব সমাজৰ সৈতে অসমক অধিক সুদৃঢ়ভাৱে সংযুক্ত কৰাৰ দিশত এয়া এক নতুন পদক্ষেপ। ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে অসম ভ্ৰমণ সন্দৰ্ভত জাৰি কৰা পৰামৰ্শ শিথিল কৰাৰ মাত্ৰ কেইদিনমান পাছতেই মই আনন্দেৰে জনাইছোঁ যে অহা ৪ আগষ্টৰ পৰা এয়াৰ ইণ্ডিয়াই গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব।”
তেওঁ কয় যে, এই নতুন নন-ষ্টপ বিমান সেৱা আৰম্ভ হোৱাৰ পাছত গুৱাহাটী বিমানবন্দৰৰ পৰা চাৰিখন বিদেশী ৰাষ্ট্ৰলৈ পোনপটীয়া আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ স্থাপন হ’ব।

ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ভৱিষ্যৎ পৰিকল্পনাৰ কথাও উল্লেখ কৰি কয়, “মোৰ পৰৱৰ্তী লক্ষ্য হৈছে গুৱাহাটীৰ পৰা ভিয়েটনামলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা। এই ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে সময়মতে জনোৱা হ’ব।”

শৰ্মাই মত প্ৰকাশ কৰে যে, নতুন বিমান সেৱাই দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূৰ্ণ ভ্ৰমণ আৰু ট্ৰানজিট হাব হিচাপে গুৱাহাটীক গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক যথেষ্ট শক্তিশালী কৰিব।

উল্লেখ্য যে, যোৱা শনিবাৰে এক ফেচবুক লাইভ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে, অষ্ট্ৰেলিয়া আৰু জাপানৰ পাছত ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহেও অসম ভ্ৰমণ সন্দৰ্ভত তেওঁলোকৰ পৰামৰ্শ সংশোধন কৰিছে আৰু ৰাজ্যখনলৈ অহা নিজ দেশৰ নাগৰিকসকলৰ বাবে পূৰ্বৰ কিছুমান সীমাবদ্ধতামূলক নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে।