আৱাজ - দ্য ভইচ ব্যুৰ’ অসম
উন্নয়নৰ ক্ষিপ্ৰ গতি আৰু ঔদ্যোগিক বিকাশৰ এক ইতিবাচক বতৰা কঢ়িয়াই আনি ৰাজ্যখনৰ বাবে এক গৌৰৱময় অধ্যায়ৰ সূচনা হৈছে। ভাৰত চৰকাৰৰ থিংক-টেংক 'নীতি আয়োগ' (NITI Aayog)-এ শেহতীয়াকৈ প্ৰকাশ কৰা 'বিনিয়োগ অনুকূল সূচকাংক' (Investment Friendliness Index) অনুসৰি, বিনিয়োগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত অসমে এক উল্লেখনীয় সফলতা অৰ্জন কৰিছে। এই সূচাংকত অসমে ৪৭.৩ পইণ্ট অৰ্জন কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল কৰাৰ লগতে দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমে ১৪ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয়, সামগ্ৰিকভাৱে 'পাৰ্বত্য আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ' শ্ৰেণীত উত্তৰাখণ্ডৰ ঠিক পিছতেই অসমে দ্বিতীয় স্থান লাভ কৰিছে।
সমগ্ৰ দেশৰ বিনিয়োগ পৰিৱেশৰ এক নিৰ্ভুল মানচিত্ৰ দাঙি ধৰা এই প্ৰতিবেদনখনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসমে দেখুওৱা অনবদ্য প্ৰদৰ্শনে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছে। ৰাজ্যখনৰ এই উত্থানে কেৱল এক উন্নত অৰ্থনৈতিক ভৱিষ্যতৰ ইংগিতেই দিয়া নাই, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ বাবে অসম যে এক অন্যতম আকৰ্ষণীয় গন্তব্যস্থানলৈ ৰূপান্তৰিত হৈছে, তাকো প্ৰমাণ কৰিছে।
নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি, অসমে সামগ্ৰিকভাৱে ৪৭.৩ নম্বৰ লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান সুৰক্ষিত কৰিছে। চৰকাৰৰ শক্তিশালী নীতি, অনুকূল প্ৰতিষ্ঠানিক পৰিৱেশ, আন্তঃগাঁথনিৰ ধাৰাবাহিক উন্নয়ন আৰু উন্নত আইন-শৃংখলা পৰিস্থিতিৰ বাবেই ৰাজ্যখনে এই সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে।
ৰাজ্যৰ এই গুৰুত্বপূৰ্ণ সাফল্যক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম 'X' (পূৰ্বৰ টুইটাৰ) যোগে গভীৰ সন্তোষ প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে বিগত বৰ্ষসমূহত অসমত এক শক্তিশালী বিনিয়োগ অনুকূল পৰিৱেশ গঢ়ি উঠিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে: "সুস্থিৰ তথা উদ্যোগ-অনুকূল নীতি, বিশেষ ৰেহাই আৰু আইন-শৃংখলা তথা আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ ওপৰত ভিত্তি কৰি অসমে নীতি আয়োগৰ 'বিনিয়োগ অনুকূল সূচকাংক'ত এক অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। আহক, অসমত বিনিয়োগ কৰক।"
নীতি ভৱন
নীতি আয়োগৰ প্ৰতিবেদনত অসম চৰকাৰে গ্ৰহণ কৰা কেইবাটাও ইতিবাচক পদক্ষেপৰ বিশেষ প্ৰশংসা কৰা হৈছে:
• আকৰ্ষণীয় ৰাজসাহায্য: নতুন উদ্যোগ স্থাপনৰ বাবে চৰকাৰে আগবঢ়োৱা সুবিধাসমূহ।
• অনুকূল প্ৰাতিষ্ঠানিক পৰিৱেশ: ব্যৱসায়-বাণিজ্যৰ বাবে এক সুৰক্ষিত আৰু সুস্থিৰ পৰিৱেশ।
• শ্ৰমিক বিশৃংখলতাৰ ন্যূনতম হাৰ: উদ্যোগসমূহৰ নিৰৱচ্ছিন্ন উৎপাদনৰ বাবে এক শান্তিপূৰ্ণ শ্ৰম-পৰিৱেশ।
• উন্নত আন্তঃগাঁথনি: যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত অহা অভূতপূৰ্ব পৰিৱৰ্তন।
ইমানবোৰ ইতিবাচক দিশৰ মাজতো গৱেষক গোটটোৱে অসমক আৰু এখোজ আগুৱাই যাবলৈ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। মাটিৰ আৱণ্টন আৰু পাৰিপাৰ্শ্বিক অনুমতিৰ বাবে বৰ্তমান থকা 'এক-খিৰিকী অনূমোদন ব্যৱস্থা' (Single-window clearance system) অধিক সুশৃংখল কৰাৰ লগতে ইয়াৰ ডিজিটেল সঁহাৰি প্ৰণালীটো ক্ষীপ্ৰতৰ কৰিবলৈ কোৱা হৈছে, যাতে বিনিয়োগকাৰীসকলে বিনাদ্বিধাই আৰু বাধাহীনভাৱে সকলো চৰকাৰী অনুমোদন লাভ কৰিব পাৰে।
২০২৪ চনৰ জুলাই মাহত অনুষ্ঠিত নীতি আয়োগৰ নৱম পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিনিয়োগৰ বাবে প্ৰয়োজনীয় নীতি আৰু প্ৰক্ৰিয়াসমূহ সামৰি এখন 'বিনিয়োগ-অনুকূল চনদ (Investment-Friendly Charter)' প্ৰস্তুত কৰিবলৈ নীতি আয়োগক দায়িত্ব অৰ্পণ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল ৰাজ্যসমূহৰ মাজত এক সুস্থ প্ৰতিযোগিতামূলক আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ (Competitive and Cooperative Federalism)ৰ মনোভাৱ গঢ়ি তোলা। পৰৱৰ্তী সময়ত, ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটতো এই সংস্কাৰৰ কথা ঘোষণা কৰা হয়।
বিগত তিনিটা দশকত ভাৰতে ধাৰাবাহিক অৰ্থনৈতিক বিকাশ লাভ কৰিছে যদিও 'বিকশিত ভাৰত @২০৪৭' ৰ লক্ষ্যত উপনীত হ'বলৈ দেশত ব্যাপক ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজন। কেন্দ্ৰীয় চৰকাৰে সামষ্টিক নীতি নিৰ্ধাৰণ কৰে যদিও, এজন বিনিয়োগকাৰীয়ে ক'ত ধন বিনিয়োগ কৰিব, সেয়া অৱশেষত ৰাজ্যিক পৰ্যায়ৰ ব্যৱসায়িক পৰিৱেশৰ ওপৰতেই নিৰ্ভৰ কৰে। সেয়েহে, ৰাজ্যসমূহৰ প্ৰদৰ্শনৰ প্ৰমাণ-ভিত্তিক মূল্যায়নৰ বাবেই এই IFI ৰূপৰেখা প্ৰস্তুত কৰা হৈছে।
আটাইকেইখন ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱা এই সূচাংকটো প্ৰধানকৈ ৮৪ টা নিৰ্দিষ্ট মাপকাঠী আৰু গৌণ তথ্য তথা প্ৰাথমিক জৰীপৰ আধাৰত প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল আঠটা স্তম্ভ হ'ল:
১. আন্তঃগাঁথনি
২. ব্যৱসায়িক পৰিৱেশ
৩. সম্পদ
৪. চৰকাৰী নীতি
৫. নিয়ন্ত্ৰণৰ সহজতা
৬. প্ৰাতিষ্ঠানিক পৰিৱেশ
৭. বিত্তীয় স্বাস্থ্য
৮. পাৰিপাৰ্শ্বিক স্থিতিস্থাপকতা/বহনক্ষমতা
প্ৰতিবেদনখনে ৰাজ্যসমূহৰ সামগ্ৰিক স্ক'ৰৰ ওপৰত ভিত্তি কৰি চাৰিটা প্ৰদৰ্শন শ্ৰেণীত বিভক্ত কৰিছে।

প্ৰদৰ্শন শ্ৰেণীৰ বিভাজন
ভাৰতৰ ভৌগোলিক আৰু অৰ্থনৈতিক বৈচিত্ৰ্যলৈ লক্ষ্য ৰাখি, এক সমতুল্য মূল্যায়নৰ বাবে ৰাজ্যসমূহক তিনিটা 'সমকক্ষ গোট'ত ভগোৱা হৈছে। তলৰ তালিকাত প্ৰতিটো গোটৰ শীৰ্ষস্থান প্ৰাপ্ত ৰাজ্যসমূহ দেখুওৱা হ'ল:
সমকক্ষ গোট অনুসৰি শীৰ্ষ ৰাজ্যসমূহ
২০২৪ বিত্তীয় বৰ্ষত অসমে ঔদ্যোগিক মূলধনী ব্যয়ৰ বিপৰীতে যি ৰেহাই ধন বিতৰণ কৰিছে, সেয়া অন্যান্য পাৰ্বত্য আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ গড়ৰ তুলনাত প্ৰায় পাঁচ গুণ বেছি।
একেদৰে, পথ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো অসমে কৰা বিশাল বিনিয়োগৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে। ২০১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২৪ বিত্তীয় বৰ্ষৰ ভিতৰত অসমে নিজৰ বাৰ্ষিক ব্যয়ৰ গড়ে ৮ শতাংশ ধন পথ নিৰ্মাণ আৰু উন্নয়নৰ ক্ষেত্ৰত আবণ্টন দিছে, যি সময়ত সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় গড় মাত্ৰ ৩ শতাংশ।
নীতি আয়োগৰ মূল্যায়ন আৰু ভৱিষ্যতৰ পৰামৰ্শনীতি আয়োগে পৰ্যবেক্ষণ কৰিছে যে অসমৰ নীতিগত গাঁথনিয়ে নতুন আৰু প্ৰসাৰিত হৈ থকা উদ্যোগসমূহৰ বাবে অত্যন্ত আকৰ্ষণীয় উদগনি প্ৰদান কৰে। ইয়াৰ উপৰি মাটি আবণ্টন, পৰিৱেশ সম্পৰ্কীয় অনুমোদন (environmental clearances) আৰু নিৰ্মাণ কাৰ্যৰ অনুমতিৰ দৰে নিয়ন্ত্ৰণমূলক প্ৰক্ৰিয়াসমূহ অসমত স্বচ্ছ আৰু দক্ষ।
অৱশ্যে, বিনিয়োগ সৰলীকৰণ প্ৰক্ৰিয়াটোক অধিক মসৃণ আৰু ঘাতহীন কৰাৰ স্বাৰ্থত নীতি আয়োগে কেতবোৰ পৰামৰ্শও আগবঢ়াইছে। প্ৰতিবেদনত অসমৰ 'একক খিৰিকী অনুমোদন ব্যৱস্থা' (single-window clearance system) টোক ডিজিটেল সঁহাৰিৰ গুণগত মান উন্নত কৰি আৰু অনুমোদনৰ প্ৰক্ৰিয়াসমূহ অধিক সৰলীকৃত কৰি ইয়াক অধিক শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
নীতি আয়োগৰ এই ইতিবাচক প্ৰতিবেদনে কেৱল অসমৰ সাম্প্ৰতিক উদ্যোগ-অনুকূল পৰিৱেশৰ সফল ছবিখনকেই প্ৰতিফলিত কৰা নাই, বৰং ৰাজ্যখনক দেশৰ ভিতৰতে এক অন্যতম প্ৰধান ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাকো দুগুণ বৃদ্ধি কৰিছে। কেতবোৰ পৰামৰ্শ আৰু সংস্কাৰক আঁকোৱালি লৈ অসমে আগন্তুক দিনবোৰত যে বিকাশ আৰু বিনিয়োগৰ এক নতুন শিখৰ স্পৰ্শ কৰিব, সেয়া নিশ্চিত।