স্বাস্থ্য সেৱাৰ খণ্ডত প্ৰৱেশ কৰিব আদানি গ্রুপে

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
কৰ্প'ৰেট খণ্ডৰ সামাজিক দায়বদ্ধতা আঁচনি (চি এছ আৰ)ৰ অধীনত বিভিন্ন ধৰণৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কাম-কাজ চলাই অহা আদানি গ্রুপে এতিয়া বাণিজ্যিকভাৱে স্বাস্থ্য সেৱাৰ ব্যৱসায়ত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰতিষ্ঠানটোৱে যথেষ্ট বিকাশৰ সম্ভাৱনা থকা স্বাস্থ্য সেৱা খণ্ডত ধন বিনিয়োগৰ পৰিকল্পনা গ্রহণ কৰা বুলি জানিব পৰা গৈছে। 
 
এক সূত্ৰই জনোৱা মতে আদানি গ্রুপে এপল' হাস্পতালছ এণ্টাৰপ্ৰাইজ লিমিটেডৰ সহযোগত মুম্বাইস্থিত ডায়গষ্টিক শৃংখল মেট্র'পলিছ হেল্‌থ কেয়াৰ লিমিটেডৰ গৰিষ্ঠ সংখ্যক অংশীদাৰিত্ব ক্রয়ৰ বাবে আগবাঢ়িছে। এই চুক্তি প্রায় ৭,৭৬৫ কোটি টকা সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰৱৰ্তী পর্যায়ত প্রতিষ্ঠানটোৱে ফৰ্টিছ হেল্থ কেয়াৰৰ সৈতেও চুক্তি সম্পাদন কৰাৰ সম্ভাৱনা আছে। 
 
উল্লেখ্য যে চি এছ আৰু আঁচনিৰ অধীনত আদানি গ্রুপে বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱাৰ সৈতে জড়িত কাম-কাজ চলাই আহিছে। প্রতিষ্ঠানটোৱে ম'বাইল হেল্‌থ কেয়ার ইউনিটৰ সেৱাৰ লগতে বিশেষ ক্লিনিক আৰু স্বাস্থ্য শিবিৰৰ জৰিয়তেও এই খণ্ডত কাম-কাজ কৰি আহিছে। গুজৰাট চৰকাৰৰ সহ যোগত প্রতিষ্ঠানটোবে গুজৰাট আদানি ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছ নামৰ প্রতিষ্ঠানটোও স্থাপন কৰিছে।