মহিন্দ্ৰা বিত্তীয় শাখাৰ পৰিচালনাৰ দায়িত্বত অসমীয়া বিষয়া

Story by  atv | Posted by  [email protected] • 2 Months ago
মহিন্দ্ৰা বিত্তীয় শাখাৰ পৰিচালনাৰ দায়িত্বত অসমীয়া বিষয়া
মহিন্দ্ৰা বিত্তীয় শাখাৰ পৰিচালনাৰ দায়িত্বত অসমীয়া বিষয়া
 
নতুন দিল্লী
 
ভাৰতৰ সফল উদ্যোগতিসকলৰ ভিতৰত অন্যতম এগৰাকী হৈছে আনন্দ মহিন্দ্ৰা। এইগৰাকী উদ্যোগপতিৰ ব্যৱসায়িক প্রতিষ্ঠান মহিন্দ্রা গ্রুপে এতিয়ালৈকে ১,৯৯,০০০ কোটি টকাৰ মূলধনী পুঁজি আহৰণ কৰিবলৈ সক্ষম হৈছে। এনে এখন বিশাল ব্যৱসায়িক সাম্রাজ্য পৰিচালনাৰ বাবে প্ৰতিগৰাকী উদ্যোগপতিকে প্রয়োজন হয় বহু প্রভিতাবান লোকৰ। 
 
 
ব্যৱসায়িক সাম্রাজ্য আগুৱাই নিয়াৰ ক্ষেত্ৰত এই প্রতিভাৱান লোকসকলৰ অৱদান অনস্বীকার্য। মহিন্দ্রা গ্ৰুপৰ অধ্যক্ষ হিচাপে আনন্দ মহিন্দ্ৰাৰ পিচত আছে এনে কিছু লোক, যিসকলে প্রতিষ্ঠানটোক শিখৰলৈ লৈ যোৱাত সহায় কৰিছে। এই লোকসকলৰ ভিতৰত আছে অসমৰ এগৰাকী প্রতিভাৱান ব্যক্তি। অসমৰ যোৰহাট জিলাৰ বালিগাঁৱৰ অমৰজ্যোতি বৰুৱা এতিয়া মহিন্দ্ৰা গ্ৰুপৰ নতুন মুখ্য বিত্তীয় বিষয়া হিচাপে নিযুক্ত হৈছে। 
 
অহা ১৭ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ এই দায়িত্ব গ্রহণ কৰিব। বিগত বৰ্ষৰ ১৫ মে'ত গ্রুপ ষ্ট্রেটেজী শাখাৰ কার্যবাহী উপাধ্যক্ষ হিচাপে মহিন্দ্রা গ্রুপত যোগদান কৰা অমৰজ্যোতি বৰুৱাই নিজৰ কাৰ্যক্ষমতাৰ বলত যথেষ্ট কম দিনৰ ভিতৰতে মহিন্দ্ৰাৰ দৰে এটা বহুজাতিক প্রতিষ্ঠানৰ শীর্ষ পদবী লাভ কৰিবলৈ সক্ষম হয়। নতুন দিল্লীৰ হিন্দু কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্রী গ্রহণ কৰাৰ পিচত এফ এম এছ দিল্লীৰ পৰা এম বি এ ডিগ্রী গ্রহণ কৰে বিষয়াগৰাকীয়ে। 
 
মহিন্দ্ৰা গ্ৰুপত যোগদানৰ পূৰ্বে তেওঁ ৬ বছৰ ধৰি বেকাৰ হিউজ নামৰ এটা প্রতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। এই সময়ছোৱাত তেওঁ জ্যেষ্ঠ উপাধ্যক্ষ হিচাপে বিত্তীয় আৰু পৰিচালনা খণ্ডত কাম কৰিছিল। শেহতীয়াকৈ মহিন্দ্রা গ্রুপে অমৰজ্যোতি বৰুৱাক মনোজ ভাটৰ স্থানত স্থলাভিষিক্ত কৰিছে। এই দায়িত্ব লাভ কৰাৰ পিচত বিষয়াগৰাকীয়ে সকলো শুভাকাংক্ষীৰ লগতে মহিন্দ্ৰা পক ধন্যবাদ জ্ঞাপন কৰে।