চমন উপেক্ষাৰ অভিযোগত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ৰ

Story by  atv | Posted by   Imtiaz Ahmed • 3 Months ago
অৰবিন্দ কেজৰিৱাল
অৰবিন্দ কেজৰিৱাল
নতুন দিল্লী

সুৰা নীতিৰ গোচৰৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জাৰি কৰা চমন মানি নচলাৰ বিৰুদ্ধে প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে নতুনকৈ গোচৰ ৰুজু কৰিছে।

দিল্লীৰ ৰাউজ এভিনিউ আদালতত ৰাজহুৱা কৰ্মচাৰীৰ নিৰ্দেশ পালন কৰি উপস্থিত নোহোৱাৰ বাবে আইপিচিৰ ১৭৪ ধাৰা আৰু প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে জাৰি কৰা চমন মানি নচলাৰ বাবে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ ৫০ নং ধাৰাত অভিযোগ দাখিল কৰিছে।

গোচৰটো ৭ ফেব্ৰুৱাৰীত শুনানিৰ বাবে আদালতে গ্ৰহণ কৰিব।

এই পৰ্যন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অৰবিন্দ কেজৰিৱালক পাঁচবাৰকৈ চমন জাৰি কৰি তেওঁক কথিত সুৰা নীতি কেলেংকাৰিৰ চলি থকা তদন্তৰ বাবে হাজিৰ হ’বলৈ কৈছিল।

কেজৰিৱালে তেওঁক গ্ৰেপ্তাৰ কৰাৰ এইবোৰ “অবৈধ” প্ৰচেষ্টা বুলি দাবী কৰি চমন মানি চলাৰ পৰা বিৰত থাকে।

কেজৰিৱাললৈ ২০২৩ চনৰ ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰ আৰু চলিত বৰ্ষৰ ৩ জানুৱাৰী, ১৮ জানুৱাৰী আৰু ২ ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ ইডিৰ চমন জাৰি কৰিছিল।

প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ৰ মতে সুৰা ব্যৱসায়ীসকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰাত দিল্লী চৰকাৰৰ ২০২১-২২ বৰ্ষৰ আবকাৰী নীতিয়ে কাৰ্টেলাইজেশ্বনৰ অনুমতি দিছিল আৰু কিছুমান ব্যৱসায়ীৰ পক্ষ লৈছিল যিসকলে ইয়াৰ বাবে উৎকোচ দিছিল।

ইয়াৰ পিছত এই নীতি বাতিল কৰা হয় আৰু দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ তদন্তৰ পৰামৰ্শ দিয়ে, তাৰ পিছত ইডিয়ে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰে।