বিশ্ব বেংকৰ মুখ্য বিভাগৰ মূৰব্বীৰ আসনত ভাৰতীয় মূলৰ গীতা বাট্ৰা

Story by  atv | Posted by  [email protected] • 2 Months ago
গীতা বাট্ৰা, দ্বিতীয় ছবিত তেওঁৰ স্বামী আৰু কন্যা
গীতা বাট্ৰা, দ্বিতীয় ছবিত তেওঁৰ স্বামী আৰু কন্যা
 
মুম্বাই

ভাৰতীয় অৰ্থনীতিবিদ গীতা বাট্ৰাক বিশ্ব বেংকৰ গ্ল’বেল এনভাইৰনমেণ্ট ফেচিলিটি (জিইএফ)ৰ স্বতন্ত্ৰ মূল্যায়ন কাৰ্যালয়ৰ নতুন সঞ্চালিকা হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ ফলত তেওঁ উন্নয়নশীল দেশৰ পৰা এই সন্মানীয় পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।
 
৫৭ বছৰীয়া বাট্ৰা বৰ্তমান বিশ্ব বেংকৰ সৈতে জড়িত জিইএফৰ স্বতন্ত্ৰ মূল্যায়ন কাৰ্যালয় (আইইঅ’)ত মূল্যায়ন বিভাগৰ উপ-সঞ্চালক হৈ আছে। ৯ ফেব্ৰুৱাৰীত ৱাশ্বিংটনত অনুষ্ঠিত ৬৬ সংখ্যক জিইএফ কাউন্সিল মিটিঙত এই আকাংক্ষিত পদটোৰ বাবে তেওঁৰ নাম সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিয়া হৈছিল আৰু যোৱা সপ্তাহত ঘোষণা কৰা হৈছিল।
 
বাট্ৰাই আইএনএছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়, মোৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ব জিইএফৰ ফলাফল আৰু কৰ্মক্ষমতাৰ ওপৰত সুস্থ মূল্যায়নমূলক প্ৰমাণ প্ৰদান কৰা, জিইএফ আইইঅ’ই পৰিৱেশ মূল্যায়নৰ ক্ষেত্ৰত আগৰণুৱা হোৱাটো নিশ্চিত কৰিবলৈ নেতৃত্ব প্ৰদান কৰা আৰু আইইঅ’ৰ দলসমূহক শক্তিশালী কৰা আৰু তেওঁলোকৰ দক্ষতাৰ ওপৰত বিনিয়োগ কৰা।
 
নতুন দিল্লীত জন্মগ্ৰহণ কৰা বাট্ৰাই মুম্বাইৰ ভিলা থেৰেছা হাইস্কুলত (১৯৮৪) অধ্যয়ন কৰে, তাৰ পিছত চেন্নাইৰ ষ্টেলা মাৰিছ কলেজৰ পৰা অৰ্থনীতি সম্পূৰ্ণ কৰে (১৯৮৪-১৯৮৭)। ইয়াৰ পিছত মুম্বাইৰ এনএমআইএমএছ, ভাইল পাৰ্লেৰ পৰা বিত্ত বিভাগত এমবিএ (১৯৯০) কৰে। এম বি এৰ পিছত তেওঁৰ এজন অধ্যাপক হৰকান্ত মানকাদৰ পৰা অনুপ্ৰাণিত হৈ আমেৰিকালৈ (১৯৯০ চনৰ আগষ্ট মাহত) যায় আৰু তাত অৰ্থনীতিত পি এইচ ডি ডিগ্ৰী লাভ কৰে।
 
ডক্টৰেট ডিগ্ৰীৰে সুশোভিত হৈ তেওঁ আমেৰিকান এক্সপ্ৰেছত দুবছৰমান ছিনিয়ৰ মেনেজাৰ হিচাপে কাম কৰিছিল, তাৰ পিছত ১৯৯৮ চনত বিশ্ব বেংকৰ ব্যক্তিগত খণ্ডৰ উন্নয়ন বিভাগত যোগদান কৰিছিল। ২০০৫ চনলৈকে তাত সাত বছৰ ধৰি সেৱা আগবঢ়াই গীতা বাট্ৰাই পূব এছিয়া আৰু লেটিন আমেৰিকাত প্ৰতিযোগিতামূলক প্ৰকল্প ৰূপায়ণ কৰিছিল।