উত্তৰ-পূৱৰ বিমান পৰিবহণ খণ্ডত পৰিসৰ বৃদ্ধিৰ লক্ষ্য মালেছিয়া এয়াৰলাইনছৰ

Story by  atv | Posted by  [email protected] • 3 Months ago
উত্তৰ-পূৱৰ বিমান পৰিবহণ খণ্ডত পৰিসৰ বৃদ্ধিৰ লক্ষ্য মালেছিয়া এয়াৰলাইনছৰ
উত্তৰ-পূৱৰ বিমান পৰিবহণ খণ্ডত পৰিসৰ বৃদ্ধিৰ লক্ষ্য মালেছিয়া এয়াৰলাইনছৰ
 
গুৱাহাটী
 
গুৱাহাটীৰ পৰা বিমানসেৱা আৰম্ভ কৰাৰ পৰিকল্পনা মালয়েছিয়া এয়াৰলাইনছে। মালয়েছিয়া এভিয়েচন গ্ৰুপৰ পৰিচালন সঞ্চালক কেপ্টেইন ইজাম ইছমাইলে কয় যে ভাৰত হৈছে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বজাৰ। ভাৰতৰ সফলতাৰ যাত্ৰাত অংশীদাৰী হ'বলৈ পাই তেওঁলোক যথেষ্ট সুখী। 
 
 
তেওঁ জনোৱা অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত বিমান চলাচল ত্বৰান্বিত কৰিবলৈ অচিৰেই গুৱাহাটীলৈ বিমান চলাচল আৰম্ভ কৰা হ'ব। অহা দুবছৰৰ ভিতৰত গুৱাহাটী আৰু কলকাতাক বিমান সেৱাৰ অধীনত সামৰি ল'ব প্রতিষ্ঠানটোৱে। কলকাতাৰ পৰা ইয়াৰ পূৰ্বে সেৱা আৰম্ভ কৰা হৈছিল যদিও ২০১৫ চনত এই বিমান সেৱা বন্ধ হৈ পৰিছিল। 
 
এতিয়া পুনৰ কলকাতা আৰু গুৱাহাটীৰ পৰা বিমান সেৱা আৰম্ভ হ'লে পূব আৰু উত্তৰ-পূব ভাৰতত অংশীদাৰিত্ব বৃদ্ধি পাব বুলি তেওঁ আশা প্রকাশ কৰে। শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলত বিমান সেৱা খণ্ডটোৰ পৰিসৰ ক্রমান্বয়ে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখ্য যে সম্প্রতি ভিষ্টাৰাৰ সৈতে সহযোগিতাৰে আভ্যন্তৰীণ বিমান পৰিবহণ সেৱা চলাই আহিছে মালয়েছিয়া এয়াৰলাই নছে। 
 
গুৱাহাটী আৰু কলকাতাৰ লগতে দক্ষিণ ভাৰত আৰু গোৱাতো সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে প্রতিষ্ঠানটোৱে। বিগত সপ্তাহত ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতৰ ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা ২০৩০ চনলৈ বছৰি তিনিশ নিযুতলৈ বৃদ্ধি হ'ব বুলি মত ব্যক্ত কৰিছিল। দেশৰ এই বৃহৎ বিমান পৰিবহণ খণ্ডটোত অংশীদাৰিত্ব বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি নতুন আঁচনি গ্রহণ কৰিছে মালয়েছিয়া এয়াৰলাইনছে।