চাহ খণ্ডত উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে ক্ষুদ্ৰ চাহ উৎপাদক বহনক্ষম কাৰ্যসূচী

Story by  atv | Posted by  [email protected] • 4 Months ago
চাহ খণ্ডত উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে ক্ষুদ্ৰ চাহ উৎপাদক বহনক্ষম কাৰ্যসূচী
চাহ খণ্ডত উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে ক্ষুদ্ৰ চাহ উৎপাদক বহনক্ষম কাৰ্যসূচী
 
গুৱাহাটী
 
ক্ষুদ্র চাহ খেতিয়কসকলৰ সামগ্রিক উন্নয়নৰ বাবে কাম কৰা উন্নয়নমূলক মঞ্চ 'ক্ষুদ্র চাহ খেতিয়ক বহনক্ষমতা কাৰ্যসূচী'ৰ উদ্যোগত অসম চাহ খণ্ডৰ জীৱিকা আয়ক সম্বোধন কৰিবলৈ যোৱা ১২ ডিচেম্বৰত গুৱাহাটীৰ হোটেল পেলেচিঅ'ত এক আলোচনাচক্র আয়োজন কৰা হয়। 
 
 
বহুজাতিক উন্নয়ন সংস্থা আই ডি এইচৰ নেতৃত্বত ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ দিশত কাম কৰাৰ বাবে অসম আৰু পশ্চিমবংগৰ ৩০ হেজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক সামৰি লোৱা হৈছে। এই নতুন কার্যসূচীয়ে উৎপাদনশীলতা বৃদ্ধি, বজাৰ সংযোগৰ সুবিধা প্রদান আৰু বিত্তীয় সুবিধা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ মুঠ চাহ উৎপাদনলৈ প্রায় ৫০ শতাংশ বৰঙণি আগবঢ়োৱা এই ক্ষুদ্র চাহ খেতিয়কসকলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সহায় কৰিবলৈ এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। 
 
অৱশ্যে সৰহসংখ্যক ক্ষুদ্র চাহ খেতিয়কেই বিভিন্ন সমস্যাৰ মাজেৰে উৎপাদনী কার্যত ব্রতী হৈ আছে। ৮৫ শতাংশতকৈও অধিক উৎপাদনকার্য চলি আছে ১ হেক্টৰতকৈও কম ভূমিত। এই সীমিত পৰিসৰৰ ফলত পৰ্যাপ্ত আয় সৃষ্টি নোহোৱাৰ বাবে পৰিয়ালসমূহে দৈনিক মজুৰি আৰু অন্যান্য উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয়। অসমৰ এটা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰিয়ালে প্রায় ৫০ টকাৰ পৰা গড় হিচাপে আয় লাভ কৰে। 
 
এই অৰ্থনৈতিক বৈষম্য দূৰ কৰাটো বহনক্ষম উন্নয়নৰ বাবে অতি গুৰুত্বপূর্ণ। ইয়াৰ বাবে এছ টি জি, বি এল এফ, নাগৰিক সমাজ সংস্থা আৰু চৰকাৰকে ধৰি সকলো অংশীদাৰ একত্ৰিত হ'ব লাগিব। এই অনুষ্ঠানত অসমৰ চাহ খণ্ডৰ উপাৰ্জন বৃদ্ধিৰ বাবে বিভিন্ন দিশৰ ওপৰত আলোচনাচক্র অনুষ্ঠিত কৰা হয়। এই অধিৱেশন সন্দৰ্ভত ক্ষুদ্র চাহ খেতিয়কৰ বহনক্ষম কাৰ্যসূচীৰ প্ৰবন্ধক যতীন বাবিছিয়ে কয় যে ভাৰতীয় চাহ উদ্যোগত ক্ষুদ্র চাহ খেতিয়কসকলৰ ভূমিকা উল্লেখযোগ্য। 
 
তথ্যভিত্তিক বিশ্লেষণৰ দ্বাৰা এই ক্ষুদ্র উদ্যোগীসকলক আগুৱাই নিয়াৰ লক্ষ্যৰে তেওঁলোকে এই আঁচনি গ্রহণ কৰিছে। ২০২৫ চনৰ ভিতৰত প্ৰায় ৩৫ হেজাৰ ক্ষুদ্ৰ চাহ উদ্যোগীক ইয়াৰ অধীনত সামৰি লোৱা হ'ব বুলি তেওঁ কয়।