চাহ বাগিচাত সৌৰ প্ৰকল্প স্থাপনত গুৰুত্ব টাটাৰ

Story by  atv | Posted by  [email protected] • 2 Months ago
চাহ বাগিচাত সৌৰ প্ৰকল্প স্থাপনত গুৰুত্ব টাটাৰ
চাহ বাগিচাত সৌৰ প্ৰকল্প স্থাপনত গুৰুত্ব টাটাৰ
 
গুৱাহাটী
 
ইতিমধ্যে দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমতো নৱীকৰণযোগ্য শক্তি খণ্ডৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন নতুন আঁচনি গ্রহণ কৰা হৈছে। চৰকাৰৰ লগতে বিভিন্ন ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্রতিষ্ঠানে সৌৰ প্রকল্প স্থাপনৰ কাম আৰম্ভ কৰিছে। অসমতো শিৱসাগৰ, নগাঁও আদি ঠাইত স্থাপন কৰা হৈছে বৃহৎ সৌৰ প্রকল্প। 
 
এই নৱীকৰণযোগ্য শক্তি খণ্ডৰ সৈতে জড়িত প্রতিষ্ঠান টাটা পাৱাৰ ৰিনিউৱেবল এনার্জি লিমিটেডে এইবাৰ অসম আৰু পশ্চিমবংগৰ বিভিন্ন চাহ বাগিচাত বাইফেচিয়েল ছ'লাৰ ছিষ্টেম প্রকল্প গ্রহণৰ কাম আৰম্ভ কৰিছে। পূব ভাৰতৰ ৰাজ্য দুখনৰ বৃহৎ চাহ বাগিচাসমূহত ইতিমধ্যে এই প্রক্রিয়া আৰম্ভ কৰা হৈছে বুলি প্রতিষ্ঠানটোৱে জানিবলৈ দিয়ে। 
 
উল্লেখ্য যে অসমৰ বৃহৎ চাহ বাগিচাসমূহত এতিয়াও বহু ভূমি অব্যৱহৃত হৈ আছে। এনে ভূমিতে সৌৰ প্রকল্প স্থাপনৰ জৰিয়তে চাহ বাগিচাসমূহে বিদ্যুতৰ নাটনি নাইকিয়া কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। সৌৰ প্ৰকল্প স্থাপনেৰে উৎপাদন ব্যয় হ্রাস কৰি চাহ খণ্ডৰ বহনযোগ্য ভবিষ্যৎ গঢ়াত গুৰুত্ব দিছে উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে। 
 
বিগত কিছুবছৰ ধৰি অসম আৰু উত্তৰ বংগৰ চাহ বাগিচাসমূহত নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উজনি অসমৰ কেইবাখনো বৃহৎ চাহ বাগিচাই ইতিমধ্যে উৎপাদন ব্যয় হ্রাস, বিদ্যুতৰ যোগান নিশ্চিতকৰণ আৰু কাৰ্বন-ডাই-অক্সাইডৰ নির্গমণ হ্রাস কৰিবলৈ এনে সৌৰ প্ৰকল্প স্থাপন কৰিছে। এটা সমীক্ষাত প্ৰকাশ পোৱামতে চাহ বাগিচাৰ স্বত্বাধিকাৰীয়ে স্থাপনৰ ক্ষেত্ৰত সহজলভ্যতাৰ বাবে এতিয়া সৌৰ পেনেল স্থাপন কৰিছে। 
 
ব্ৰহ্মপুত্র উপত্যকা আৰু কাছাৰৰ লগতে দার্জিলিং, তেৰাই আৰু পশ্চিমবংগৰ শীৰ্ষ চাহ উৎপাদকসকলে উৎপাদন ব্যয় হ্রাসেৰে ব্যৱসায় বৃদ্ধিত মনোনিৱেশ কৰিছে। শেহতীয়াকৈ টাটা পাৱাৰে পশ্চিমবংগৰ জলপাইগুৰিৰ এছিয়াৰ বৃহৎ চাহ বাগিচা হিচাপে পৰিচিত চেংমাৰী চাহ বাগিচাত ১০৪০ কিলোৱাট বাইফেচিয়েল ছ'লাৰ ছিষ্টেম প্রকল্প স্থাপন কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ১.৫ এম ইউ শক্তি উৎপাদন হ'ব বুলি আশা কৰা হৈছে। অসম আৰু পশ্চিমবংগৰ চাহ বাগিচাসমূহত কার্বন নির্গমণ হ্রাস কৰাৰ বাবে টাটা পাৱাৰে এই নতুন আঁচনি গ্রহণ কৰিছে।