উত্তৰ-পূবত হোটেল খণ্ডৰ পৰিসৰ ২.৫ গুণ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 4 Months ago
উত্তৰ-পূবত হোটেল খণ্ডৰ পৰিসৰ ২.৫ গুণ বৃদ্ধি
উত্তৰ-পূবত হোটেল খণ্ডৰ পৰিসৰ ২.৫ গুণ বৃদ্ধি
 
গুৱাহাটী
 
বিগত প্রায় আঠটা বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোটেল খণ্ডটোৰ পৰিসৰ প্ৰায় ২.৫ গুণ বৃদ্ধি পাইছে। অঞ্চলটোত পর্যটন খণ্ডটোৰ পৰিসৰ পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱাৰ বাবে এনেদৰে বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানে স্থাপন কৰিছে অত্যাধুনিক হোটেল। শেহতীয়াকৈ কেইবাখনো পঞ্চতাৰকাযুক্ত হোটেল অসম, মেঘালয়, ছিকিম, অৰুণাচল প্রদেশ আদি ৰাজ্যত মুকলি কৰা হৈছে। 
 
 
মঙলবাৰে অৰুণাচল প্ৰদেশৰ টাৱাঙত ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডে মুকলি কৰে ভিভান্টা হোটেল। চলিত মাহৰ প্ৰথম ভাগত দেশৰ জনপ্রিয় হোটেল ব্যৱসায়ৰ সৈতে জড়িত প্রতিষ্ঠান লীলা পেলেচে ছিকিমত ১৪০ টা কোঠাযুক্ত এখন পঞ্চতাৰকা হোটেল মুকলি কৰে। লীলা পেলেচৰ মুখ্য কাৰ্যবাহী বিষয়া অনুৰাগ ভাটনাগৰে কয় যে উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পোৱা হোটেলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে পর্যটকক অত্যাধুনিক সেৱা প্ৰদানৰ বাবে এই সম্প্ৰসাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 
 
অঞ্চলটোত আন্তঃগাঁথনি আৰু পর্যটন খণ্ডৰ বিকাশৰ বাবে হোটেল খণ্ডটোৰ উন্নয়ন হৈছে বুলি মত ব্যক্ত কৰি কয় যে ভাৰতৰ হোটেল উদ্যোগটোৰ বিকাশত অৰিহণা আগবঢ়াইছে উত্তৰ-পূৰ্বাঞ্চলে। পৰামৰ্শদাতা প্রতিষ্ঠান হোটেলীভেটে জানিবলৈ দিয়ামতে ২০১৫ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত ৫৪০ টা কোঠাৰে প্রায় ৭ খন ব্রেন্ডেড হোটেল আছিল। ২০২৩ বর্ষলৈ এই সংখ্যা ১৭ খন হোটেললৈ বৃদ্ধি পালে। তদুপৰি মুঠ কোঠাৰ সংখ্যাও ১,৩৫০ টা হ'লগৈ।
 
উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰিত হোটেল খণ্ডটোৰ অধিকাংশই অসমত কেন্দ্রীভূত হৈ আছে। অঞ্চলটোত স্থাপন হোৱা মুঠ হোটেলৰ কোঠাৰ ভিতৰত ৪৪ শতাংশই গুৱাহাটীত আৰু ২৫ শতাংশ গেংটকত অৱস্থিত। পৰ্যটকসকলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত কোঠাৰ বুকিং ২০১৫ চনৰ তুলনাত চলিত বৰ্ষত যথেষ্ট বৃদ্ধি হৈছে। ২০১৫ চনত এই হাৰ ৪৭ শতাংশ হোৱাৰ বিপৰীতে ২০২৩ বৰ্ষত ৫৪ শতাংশ হৈছেগৈ। তদুপৰি কোঠাসমূহৰ ভাড়াও প্রায় ৬৫ শতাংশ বৃদ্ধি পাইছে বুলি প্রতিষ্ঠানটোৱে জানিবলৈ দিয়ে।