ভাৰত-বাংলাদেশৰ মাজত নদী বন্দৰেৰে বাণিজ্য আৰম্ভ

Story by  atv | Posted by  [email protected] • 2 Months ago
ভাৰত-বাংলাদেশৰ মাজত নদী বন্দৰেৰে বাণিজ্য আৰম্ভ
ভাৰত-বাংলাদেশৰ মাজত নদী বন্দৰেৰে বাণিজ্য আৰম্ভ
 
গুৱাহাটী
 
ভাৰত আৰু বাংলাদেশৰ মাজত সোমবাৰৰ পৰা গংগা নদীৰ মাইয়া (পশ্চিমবংগ) আৰু চুলতানগঞ্জ (বাংলাদেশ) নদী বন্দৰৰ মাজেৰে জলপথেৰে আৰম্ভ হয় বাণিজ্যিক কার্যকলাপ। বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত (আই এইচ চি) প্রণয় বার্মা আৰু বাংলাদেশৰ জাহাজ পৰিবহণৰ ৰাজ্যিক মন্ত্রী খালিদ মাহমুদ চৌধুৰীয়ে যুটীয়াভাৱে চুলতানগঞ্জৰ পৰা ভাৰতৰ নদী বন্দৰ মাইয়ালৈ এখন মালবাহী জাহাজ ফ্লেগ অফ কৰি চুলতানগঞ্জ, গোদাগ্রী পৰ্ট অব্ কলৰ শুভ উদ্বোধন কৰে। 
 
 
ইপিনে ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰে মাইয়া আভ্যন্তৰীণ শুল্ক বন্দৰৰ পৰা প্ৰথমখন মালবাহী জাহাজ ফ্লেগ অফ কৰে। এই পদক্ষেপে পৰিবহণ ব্যয় হ্রাস কৰাৰ লগতে ভাৰত আৰু বাংলাদেশৰ মাজৰ বাণিজ্য আৰু সংযোগ শক্তিশালী কৰিব। মূলতঃ ভাৰতৰ পৰা শিল, ফ্লাই এশ্ব, কয়লা, ফল-মূল, শাক-পাচলি আৰু মছলা ৰপ্তানিৰ বাবে আৰু মৰাপাট, বস্ত্র আমদানিৰ বাবে এই নদী বন্দৰ ব্যৱহাৰ কৰা হ'ব। 
 
এক বিবৃতিত উচ্চায়ুক্তগৰাকীয়ে কয় যে এই পদক্ষেপৰ ফলত দুয়োখন দেশৰ আভ্যন্তৰীণ জলপথৰ পৰিবেশতন্ত্রই এক নতুন গতি লাভ কৰিব।