আশা খোছা
আজৰা নাকভি বহু প্ৰতিভা আৰু অভিজ্ঞতাৰে পুষ্ট এগৰাকী বিদূষী মহিলা। কিন্তু তেওঁৰ মূল ভাৱনা উৰ্দুৰ সৈতে সংযুক্ত৷ যিটো ভাষাৰে তেওঁ উশাহ লয়, চিন্তা কৰে আৰু অনুভৱ কৰে- সেয়া হ’ল উৰ্দু, যিটো ভাষা তেওঁৰ DNAত আছে বুলি তেওঁ দাবী কৰে। স্বামীৰ সৈতে তেওঁ বিভিন্ন দেশত জীৱন অতিবাহিত কৰিলেও, বিভিন্ন বৃত্তি আৰু ভূমিকাত অৱতীৰ্ণ হোৱা সত্ত্বেও তেওঁৰ হৃদয় সদায়েই তেওঁৰ প্ৰিয় ভাষাৰ প্ৰতি উছৰ্গিত।
২০১৭ চনত দিল্লীলৈ উভতি অহাৰ পিছত আজৰাই তেওঁৰ আকাংক্ষা পূৰণৰ বাবে এটা কামত নিয়োজিত হয়। তেওঁ উৰ্দু ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে কাম কৰা ৰেখতা ফাউণ্ডেচনৰ সৈতে পৰামৰ্শদাতা সম্পাদক হিচাপে কাম কৰে। এই ফাউণ্ডেচনে উৰ্দু কবিতাৰ সৰ্ববৃহৎ অনলাইন ভাণ্ডাৰ প্ৰস্তুত কৰিছে, যিয়ে এটা ক্লিকত প্ৰকৃত উৰ্দু কবিতাক অনুৰাগীসকলক প্ৰদান কৰে।
ৰেখতাত ১৫০খনতকৈ অধিক দেশৰ পাঠক আছে আৰু ইয়াৰ পাঠক আৰু অ-পাঠকসকলৰ মাজত এই ভাষাৰ জনপ্ৰিয়তা পুনৰুজ্জীৱিত কৰাৰ কতৃত্ব প্ৰদান কৰা হৈছে।
কবিতাৰ ভাষাৰ প্ৰেমত পৰা আজৰা নাকভিয়ে তেওঁৰ ম'বাইলত হোৱাটছএপ এপ্লিকেচনৰ এক অভিনৱ ব্যৱহাৰৰ সন্ধান লাভ কৰে। প্ৰথমতে, তেওঁ ২০০ গৰাকী উৰ্দু মহিলা সাহিত্যিকক সংযোগ কৰি প্ৰথমবাৰৰ বাবে এক সাহিত্য সংগঠন Bainalakwami Nissai Adabi Tanzeem (BANAT) গঠন কৰে৷ BANAT এটা আন্তৰ্জাতিক মহিলা সাহিত্যৰ অনুবাদ সংস্থা৷
তেওঁ নিজৰ কামৰ প্ৰচাৰ আৰু সাহিত্যিকসকলৰ মাজত এক ভাতৃত্ববোধ গঢ়ি তুলিবলৈ হোৱাটছএপ ম'বাইল এপ্লিকেচন ব্যৱহাৰ কৰে।
আজৰা নাকভি
হোৱাটছএপ গ্ৰুপৰ সহায়ত আজৰা নাকভিয়ে ৪০ গৰাকী মহিলা সাহিত্যিকৰ বিষয়ভিত্তিক লেখা সংগ্ৰহ কৰে। ‘এই গ্ৰুপত ধৰ্ম বা সাহিত্যৰ বাহিৰে আন কোনো বিষয় আলোচনা নকৰাৰ কঠোৰ নিয়ম আছে।’
তেওঁ আৱাজ-দ্য ভইচক কয় যে এই গ্ৰুপৰ যোগেদি সংগ্ৰহ কৰা গল্পসমূহ সংকলন হিচাপে প্ৰকাশৰ বিভিন্ন পৰ্যায়ত আছে। দুখন গ্ৰন্থ- সব লগ ক্যায়া কহেংগে (মানুহে কি ক'ব) আৰু য়াদোকে ঝাৰোকে সে (স্মৃতিৰ পৰা) প্ৰকাশৰ বিভিন্ন পৰ্যায়ত আছে। তৃতীয় সংকলনখনৰ নাম 'জো অকছাৰ য়াদ আতে হে' (এজন প্ৰিয় ব্যক্তিৰ স্মৃতি)। এই সংকলনখন প্ৰাৰম্ভিক অৱস্থাত আছে।
BANATৰ সদস্যসকলে মত বিনিময়ৰ বাবে প্ৰতি বছৰে মিলিত হয়। মধ্যপ্ৰদেশৰ ভূপালত অহা অক্টোবৰত অনুষ্ঠিত হ'ব লগা 'BANAT'ৰ নৱম সংস্কৰণ অনুষ্ঠিত হ’ব বুলি আজৰাই উৎসাহেৰে জানিবলৈ দিয়ে।
তেওঁ বৰ্তমান ৰেখতাৰ এটা ব্যুৎপত্তিগত প্ৰকল্পত কাম কৰি আছে, য’ত হিন্দী-উৰ্দু-ইংৰাজী ব্যৱহাৰ কৰি এখন বহুভাষিক অভিধান নিৰ্মাণ কৰা হ’ব৷ শীঘ্ৰে গুৰমুখি(পঞ্জাৱী লিপি)ও অন্তৰ্ভুক্ত কৰা হ’ব।
কেইবছৰমান পূৰ্বে স্বামীক হেৰুওৱা ৭৩ বছৰীয়া আজৰা নাকভি বৰ্তামান নয়ডাত বাস কৰে। 'মই শব্দৰ এক আকৰ্ষণীয় জগতত বাস কৰিছো; এই পৃথিৱীখন অনন্ত আৰু ইয়াৰ অসীম সম্ভাৱনা আছে।' এই কথাখিনি তেওঁ এনে এটা স্বৰত কয় যে যিয়ে মৃত লোকক জীৱন দান কৰিব পাৰে।
জাভেদ আখটাৰৰ সৈতে আজৰা নাকভি
আজৰা নাকভিয়ে তেওঁৰ ভাষাৰ প্ৰতি প্ৰেমৰ উত্তৰাধিকাৰী হৈছে। তেওঁ এনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল য'ত তেওঁ কিতাপ আৰু লেখকসকলৰ মাজত ডাঙৰ হৈছিল।
‘যদিও মই ফৰাচী ভাষা ভাল পাওঁ, যিটো মই কানাডাত থাকোঁতে শিকিছিলো, মই কেৱল উৰ্দুতে ভাবিব পাৰোঁ; উৰ্দুত অনুভৱ কৰিব পাৰোঁ আৰু মই নিজকে উৰ্দুত প্ৰকাশ কৰিব পাৰোঁ৷’- তেওঁ কয়৷
তেওঁৰ দেউতাক দিল্লীৰ এখন কেন্দ্ৰীয় সংখ্যালঘু বিশ্ববিদ্যালয় ‘জামিয়া মিলিয়া ইছলামিয়া’ৰ প্ৰতিষ্ঠাপক আছিল। তেওঁৰ মাতৃ এগৰাকী কবি আৰু এগৰাকী সুশিক্ষিত মহিলা আছিল। তেওঁ উৰ্দুত অনুদিত পুৰণি গ্ৰন্থবোৰ অধ্যয়ন কৰিছিল।
আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পিতৃৰ চাকৰিৰ বাবে ১৯৫৭ চনত পৰিয়ালটো আলিগড়লৈ গুচি আহে আৰু আজৰাই আব্দুল্লা গাৰ্লছ হাইস্কুলত অধ্যয়ন কৰে, যিটো এতিয়া AMUৰ অংশ। পৰিয়ালৰ হেঁচাত, তেওঁ JNUৰ পৰা অভিযোজিত জীৱবিজ্ঞানত এম ফিল ডিগ্ৰী সম্পূৰ্ণ কৰে যদিও তেওঁ উৰ্দুত লিখিবলৈ লয়।
১৯৭৬ চনত এগৰাকী কম্পিউটাৰ বিজ্ঞানীৰে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত তেওঁ ইৰাক আৰু কানাডালৈ যায়। মন্ট্ৰিলত, তেওঁ কৃত্ৰিম বুদ্ধিমত্তাত ডক্টৰেট কৰিবলৈ নামভৰ্তি কৰে৷ তেওঁ ফৰাচী ভাষা শিকে আৰু তাত এটি শিশু উদ্যানত শিক্ষকতা কৰে।
এক সাক্ষাৎকাৰত আজৰা নাকভি
কানাডাত থকা ১২ বছৰীয়া সময়ছোৱাত তেওঁ দক্ষিণ এছিয়াৰ মহিলাসকলক সৱলীকৰণ কৰাৰ বাবে কাম কৰিছিল। তেওঁ তেওঁলোকক ফৰাচী ভাষা, কানাডাৰ এটা গুৰুত্বপূৰ্ণ ভাষা আৰু কৰৰ জ্ঞান দিছিল। তেওঁ ৰিয়াধৰ কিং ছাউদ বিশ্ববিদ্যালয়ৰ সৈতেও কাম কৰিছিল।
আজৰাই মনত পেলায় যে তেওঁলোকে চৌদি আৰৱত ১৫ বছৰ ধৰি থকা সময়ত কিছুমান নিয়মক তেওঁ নিষ্ঠুৰ আৰু অযৌক্তিক বুলি ভাবিছিল। তেওঁ কয়- 'মই সেৱাত কাম কৰাৰ সুযোগ পালো, ভাৰতীয় শিশুসকলৰ বাবে এটি নাৰ্ছাৰী আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুসকলৰ বাবে প্ৰায় চাৰি-পাঁচ বছৰ ধৰি এক বিশেষ যত্ন কেন্দ্ৰত কাম কৰাৰ সুযোগ পালো৷’
৬০ৰ দশকত ছৌদি মহিলা লেখিকাৰ দ্বাৰা লিখা চুটিগল্প সংকলন 'ভইচ অৱ চেঞ্জ' অনুবাদ কৰাৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে উৰ্দু ভাষাৰ সৈতে জড়িত হয়। মই আচৰিত হৈছিলো যে মহিলাসকলে তেওঁলোকৰ সমস্যাৰ বিষয়ে ইমান স্পষ্টকৈ লিখিছে। মই এই কিতাপখন ইংৰাজী ভাষাৰ পৰা উৰ্দু ভাষালৈ অনুবাদ কৰিছিলো আৰু ই সমাদৃত হৈছিল। কিতাপখনৰ নাম আছিল- ‘ছৌদি কালমাকাৰ ঔৰত কি মুন্থাকিব কাহানিয়া’।
তেওঁ উৰ্দু ভাষাত তেওঁৰ ১৫ টা চুটিগল্প সংকলিত কৰে, য'ত কিছুমান সাংস্কৃতিক পাৰ্থক্য আৰু প্ৰব্ৰজনকাৰীৰ দুৰৱস্থাৰ বিষয়ে তথ্য সন্নিবিষ্ট আছে।
১১খন উৰ্দু গ্ৰন্থৰ লেখক আজৰা নাকভিয়ে মানুহক উৰ্দু আৰু হিন্দী ভাষাত লিখিবলৈ, পঢ়িবলৈ আৰু শিকিবলৈ পৰামৰ্শ দিয়ে। "এইটো দেখি বৰ হতাশ হৈছো যে শিশুসকলে উৰ্দু নাজানে আৰু হিন্দীও নাজানে।’- তেওঁ কয়৷