নৌছাদ আখতাৰ / পাটনা
যি সময়ত ডিজিটেল কোলাহ'লে পৰম্পৰাগত কলা-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিছে, সেই সময়তে বিহাৰৰ সমৃদ্ধ শিল্প আৰু সাহিত্যিক ঐতিহ্যক নতুন জীৱন প্ৰদান কৰিছে খুৰশ্বিদ আহমদ নামৰ এজন ব্যক্তিয়ে। তেওঁৰ নিৰলস প্ৰচেষ্টাৰ ফলত পাটনা কাব্য, চুফী সংগীত, সাহিত্য আৰু শৈল্পিক আলোচনাৰ এক প্ৰাণৱন্ত কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে।
বিহাৰৰ সাংস্কৃতিক চেতনা পুনৰুজ্জীৱিত কৰাৰ বাবে খুৰশ্বিদৰ প্ৰচেষ্টাৰ প্ৰসাৰ সংৰক্ষণৰ বাহিৰলৈও বিস্তৃত হৈ আছে। তেওঁ কাৱালী, শাস্ত্ৰীয় কবিতা আৰু সাহিত্যিক বক্তৃতা আদিৰ দৰে প্ৰাচীন কলা-কৃষ্টিৰ প্ৰকাৰসমূহ আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক কৰি তুলিছে।তেওঁৰ কাম কেৱল অতীতক সন্মান জনোৱা নহয়। তেওঁ পৰম্পৰাগত সংস্কৃতিৰ সৌন্দৰ্য্য আৰু গভীৰতাক এক সতেজ আৰু অৰ্থপূৰ্ণ ধৰণে আজিৰ পৃথিৱীলৈ লৈ আহিছে।
পাটনাৰ সাহিত্যিক অনুষ্ঠানত খুৰশ্বিদ আহমদ
মুছাহাৰে (কবিতাৰ সমাৰোহ)ই হওক বা পাটনাৰ কোনো সাংস্কৃতিক অনুষ্ঠানেই হওক, খুৰশ্বিদৰ উপস্থিতি আৰু প্ৰভাৱ অতি স্পষ্ট। পাটনা সাহিত্য মহোৎসৱৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক হিচাপে তেওঁ বিহাৰক ভাৰতৰ সাংস্কৃতিক মানচিত্ৰত স্থান দিছে। "বিহাৰ কেৱল ৰাজনৈতিক আন্দোলন বা পুৰাতাত্ত্বিক বিস্ময়ৰ দেশ নহয়। ই বুদ্ধ, কবিৰ, গুৰু গোবিন্দ সিং আৰু শ্বেৰ শ্বাহ চুৰিৰ গভীৰ আধ্যাত্মিক আৰু সাহিত্য ঐতিহ্যৰ জন্মস্থান। এয়া এনে এক মাটি যিয়ে শতিকাজুৰি তেহজিব (উন্নত আচাৰ-ব্যৱহাৰ), ছুফিবাদ আৰু কবিতাক উদগণি যোগাই আহিছে।"-খুৰশ্বিদে কয়।
তথাপি, আজিৰ দ্ৰুত গতিৰ ডিজিটেল যুগত এই সমৃদ্ধ ঐতিহ্য মানুহে পাহৰি যোৱাৰ দৰে হৈছে। খুৰশ্বিদৰ কামেই হৈছে বিহাৰৰ এই ঐতিহ্য-সংস্কৃতিক বিলুপ্তিৰ পৰা ৰক্ষা কৰা, বিহাৰৰ সাংস্কৃতিক গভীৰতাৰ কথা মানুহক সোঁৱৰাই দিয়া আৰু যুৱক-যুৱতীসকলক তেওঁলোকৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ উৎসাহিত কৰা।
শাস্ত্ৰীয় আৰু সমসাময়িক কণ্ঠক একত্ৰিত কৰি, পাহৰিব ধৰা পৰম্পৰাক নতুন অৰ্থ প্ৰদান কৰি খুৰশ্বিদ আহমেদে বিহাৰৰ সাংস্কৃতিক আত্মাৰ ৰক্ষক হিচাপে পৰিগণিত হৈছে। তেওঁ অতীত আৰু ভৱিষ্যতৰ মাজৰ এখন সেতু গঢ়ি তুলিছে। খুৰশ্বিদ আহমদ কেৱল বিহাৰৰ সাংস্কৃতিক পৰম্পৰাৰ ৰক্ষক নহয়, তেওঁ এজন আধুনিক সাংস্কৃতিক উদ্যোগীও। বিহাৰ আৰু ঝাৰখণ্ডত কাম কৰা এডভান্টেজ গ্ৰুপৰ পৰিচালন সঞ্চালক হিচাবে খুৰশ্বিদে তেওঁৰ কামত বৃত্তিমূলক নিখুঁততা আৰু শৈল্পিক সংবেদনশীলতাৰ এক বিৰল সংমিশ্ৰণ আনিছে।
ডুবাইত খুৰশ্বিদ আহমদক সম্বৰ্ধনা জনোৱা এক অনুষ্ঠান
তেওঁৰ অনুষ্ঠানবোৰ কেৱল প্ৰযোজনা নহয়, বৰঞ্চ ই এক সাংস্কৃতিক যাত্ৰা। তেওঁৰ নেতৃত্বত প্ৰস্তুত কৰা প্ৰতিটো কাৰ্যসূচীত আৱেগ, আধ্যাত্মিকতা আৰু শৈল্পিক গভীৰতাৰ সংমিশ্ৰণ আছে, যিয়ে ভাৰতৰ সাহিত্যিক আৰু সাংস্কৃতিক শিকলিৰ গভীৰ উপলব্ধি প্ৰতিফলিত কৰে। খুৰশ্বিদৰ বাবে অনুষ্ঠান আয়োজন কৰাটো এটা মাথো কাম নহয়, ই হ'ল ঐতিহ্যৰ যোগেদি শিপাৰ সংযোগ কৰাৰ এক অভিযান।
এই আৱেগ বিশ্ব পৰ্যায়ত অৱগত নোহোৱাকৈ থকা নাই। শেহতীয়াকৈ ডুবাইৰ শ্বেইখ ৰছিদ প্ৰেক্ষাগৃহত অনুষ্ঠিত আন্তৰ্জাতিক মুছাহাৰাত খুৰশ্বিদক সন্মানিত কৰা হয়, য'ত তেওঁ বিশ্বৰ ১৪ জন প্ৰসিদ্ধ কবিৰ সৈতে একেখন মঞ্চত আসন গ্ৰহণ কৰিছিল। তেওঁক এই বঁটা প্ৰদান কৰে ডুবাইৰ দানবীৰ তথা সমাজকৰ্মী শ্বেইখ ছাহাইল মহম্মদ জাৰুনীয়ে। তেওঁ খুৰশ্বিদৰ অৱদানক ভূয়সী প্ৰশংসা কৰে।
"খুৰশ্বিদ আহমদৰ কৰ্মই সংস্কৃতিৰ মাজেৰে ৰাষ্ট্ৰসমূহৰ মাজত সেতুবন্ধন স্থাপন কৰে।", শ্বেইখ ছাহাইল মহম্মদ জাৰুনীয়ে কয়। তেওঁ কেৱল বিহাৰক প্ৰতিনিধিত্ব কৰাই নহয়, বৰঞ্চ বৈশ্বিক মঞ্চত ভাৰতৰ সমৃদ্ধ ঐতিহ্যক প্ৰদৰ্শন কৰিছে। দূৰদৰ্শী প্ৰচেষ্টাৰ জৰিয়তে খুৰছিদে সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ অভিজ্ঞতা নতুনকৈ সংজ্ঞায়িত কৰিছে, সেইবোৰক মহৎ আৰু অন্তৰংগ, পৰম্পৰাগত আৰু সমসাময়িক, স্থানীয় আৰু বৈশ্বিক কৰি তুলিছে।
পাটনা সাহিত্য মহোৎসৱত খুৰশ্বীদ আহমদ
তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰে যে এজন ব্যক্তিয়ে তেওঁৰ ঐতিহ্যৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা পৰিচালিত হৈ কেনেকৈ এক নৱজাগৰণ সূচনা কৰিব পাৰে, যিটো প্ৰজন্মৰ পিছত প্ৰজন্মক প্ৰেৰণা যোগাব পাৰে। খুৰশ্বিদ আহমদৰ আন্তৰ্জাতিক স্বীকৃতি পাটনাত তেওঁৰ সাহিত্যিক উদ্যোগৰ অভূতপূৰ্ব সফলতাৰ ওপৰত আধাৰিত।
তেওঁৰ অন্যতম সাফল্য হ'ল বুকমাইশ্ব'(Bookmyshow)ৰ জৰিয়তে ভাৰতৰ প্ৰথমখন টিকটযুক্ত মুছাহাৰাৰ আয়োজন কৰা। এই সাহসী পদক্ষেপৰ ফলত দেশত সাহিত্যিক অনুষ্ঠানৰ এক নতুন যুগৰ সূচনা হয়। এই অনুষ্ঠানত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে আৰু ই ৩৫ মিলিয়ন অনলাইন ভিউ (View) লাভ কৰে। ই প্ৰমাণ কৰে যে কবিতাক যেতিয়া উদ্দেশ্য আৰু বৃত্তিমূলকভাৱে উপস্থাপন কৰা হয়, তেতিয়া ই জনসাধাৰণক আকৰ্ষিত কৰিব পাৰে।
সেই সন্ধিয়া খুৰশ্বিদৰ উদ্বোধনী ভাষণ কেৱল এটা পৰিচয় নাছিল, ই আছিল তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্বৰ প্ৰতিফলন আৰু তেওঁৰ সাংস্কৃতিক অভিযানৰ আঁৰৰ আৱেগিক গভীৰতা। ইভেন্ট মেনেজাৰৰ উপৰিও তেওঁ এগৰাকী সাংস্কৃতিক দৰ্শনাৰ্থী, যিয়ে কবিতাক ৰাজহুৱা কথোপকথন আৰু সামূহিক প্ৰতিফলনৰ মাধ্যম হিচাপে নতুনকৈ কল্পনা কৰিছে।
পাটনা সাহিত্য মহোৎসৱ (পিএলএফ) ৰ বেনাৰত তেওঁ মনোজ মুন্তাছিৰ, এ এম তুৰাজ, আলোক শ্ৰীবাস্তৱ, শবিনা আদিব আৰু আজম শাক্ৰীৰ দৰে প্ৰখ্যাত কবিসকলক লৈ এখন কবিতা সংকলন 'ৰুবাৰু' মুকলি কৰে। এই অধিৱেশনবোৰ কেৱল কবিতাৰ আবৃত্তি নাছিল, ই আছিল জীৱন্ত সংলাপ, য'ত শ্লোকৰ সৈতে কণ্ঠৰ মিলন হৈছিল, দৰ্শকক জড়িত কৰা হৈছিল আৰু পৰম্পৰাই উদ্ভাৱনক আদৰণি জনাইছিল।
এই আন্দোলনৰ কেন্দ্ৰত আছে বিহাৰৰ সৃজনীশীল আত্মা ৰক্ষাৰ বাবে খুৰশ্বিদৰ আবেগক সমভাগী কৰা এটা প্ৰতিশ্ৰুতিবদ্ধ দল। তেওঁৰ মূল দলটোত আছেঃ ডাঃ এ.এ. হাই (সভাপতি), ফৰহাট হাছান (উপ-সভাপতি), ফাইজান আহমেদ (প্ৰোগ্ৰাম হেড), ফাহিম আহমেদ, ইজাজ হুছেইন, শিৱাজী চতুৰ্বেদী, ৰাকেশ ৰঞ্জন, বি কে চৌধুৰী, চন্দ্ৰকান্ত খান, ফাৰহা খান, অনুপ শৰ্মা।
এই দলটোৱে একত্ৰিতভাৱে বিহাৰৰ সাংস্কৃতিক চেতনাৰ পুনৰুজ্জীৱিতকৰণ আৰু লালন-পালনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। খুৰশ্বিদ আহমদৰ অনুষ্ঠানবোৰ কেৱল সমাগম নহয়, ই হৈছে এক স্মৰণীয় অভিজ্ঞতা যিয়ে আৱেগিক আৰু আধ্যাত্মিক গভীৰতাৰ সৈতে মহত্বৰ সংমিশ্ৰণ কৰে। ১৩ আগষ্টত পাটনাৰ হোটেল ৰয়েল বিহাৰত অনুষ্ঠিত হোৱা মুছাহাৰাত জয়পুৰ, হায়দৰাবাদ, ঝাৰখণ্ডৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ৬০০ ৰো অধিক অতিথি উপস্থিত আছিল।
খুৰশ্বিদ আহমদ এক অনুষ্ঠানত
এই অনুষ্ঠানটো সাহিত্যিক আৰু সাংস্কৃতিক উষ্ণতাৰে ইমানেই সমৃদ্ধ আছিল যে বহুতে ইয়াক 'বিহাৰৰ জছন-ই-ৰেখতা' বুলি অভিহিত কৰিছিল। খুৰশ্বিদৰ নিৰ্দেশাত্মক দৰ্শন অতি সৰল অথচ গভীৰ। তেওঁ বিশ্বাস কৰে যে আমি সকলোৱে কামক পূজা বুলি গণ্য কৰা উচিত। এই আদৰ্শ তেওঁৰ অনুষ্ঠানসমূহৰ প্ৰতিটো বিৱৰণত প্ৰতিফলিত হয়।
শেহতীয়াকৈ তেওঁলোকৰ দলৰ আন এক উল্লেখযোগ্য অনুষ্ঠান আছিল চলিত বৰ্ষৰ ১৩ এপ্ৰিলত। সেইদিনা পাটনাৰ বাঙ্কিপুৰ ক্লাৱত চুফী সংগীতৰ সন্ধিয়া আয়োজন কৰা হৈছিল আৰু ই কিংবদন্তি উস্তাদ নুছৰত ফতেহ আলী খানক উৎসৰ্গা কৰা হৈছিল। এই অনুষ্ঠানত ডুবাই, ব্ৰিটেইন আৰু অন্যান্য দেশত বিশ্বব্যাপী প্ৰদৰ্শনৰ বাবে জনাজাত ডেৰাডুনৰ প্ৰখ্যাত ৰেহমত নুছৰত গ্ৰুপ উপস্থিত আছিল।
সৰস্বতী দেৱীৰদ্বাৰা আশীৰ্বাদপ্ৰাপ্ত কণ্ঠস্বৰ থকা এগৰাকী কণ্ঠশিল্পী সৰবজীত তামতাৰ নেতৃত্বত এই প্ৰদৰ্শনীয়ে দৰ্শকক আধ্যাত্মিকভাৱে আৱেগিক কৰি তোলে। এই সন্ধিয়াটো ইয়াৰ মনোমোহা পৰিৱেশ, চহকী দৰ্শক আৰু নিখুঁত ৰূপায়ণৰ বাবে আকৰ্ষণীয় আছিল। অনুষ্ঠানটোৱে পাটনাক দেশৰ সাংস্কৃতিক ৰাজধানী হিচাপে অধিক শক্তিশালী কৰি তোলে।
পাটনা সাহিত্য মহোৎসৱৰ সভাপতি ড০ সত্যজিৎ সিঙে কয়, চুফী সংগীত আৰু কবিতাই আত্মাক উজ্জীৱিত কৰি তোলে। এই একেই সাংস্কৃতিক ঐতিহ্য দীৰ্ঘদিন ধৰি পাটনাৰ মাটিৰ পৰা উদ্ভৱ হৈছে। খুৰশ্বিদ আহমদৰ দৰে উৎসাহী ব্যক্তিসকলৰ বাবে পাটনা সাহিত্য উৎসৱে এতিয়া আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিছে।
এতিয়ালৈকে পিএলএফে ১৫ টাতকৈও অধিক সফল সংস্কৰণ আয়োজন কৰিছে আৰু ই বৌদ্ধিক সংলাপ, কাব্যিক অভিব্যক্তি আৰু সাংস্কৃতিক প্ৰতিবিম্বৰ এক মঞ্চলৈ বিকশিত হৈছে। ই কেৱল এটা উৎসৱেই নহয়, ই সমালোচনামূলক চিন্তাধাৰা, কলা-কুশলতা আৰু জনগোষ্ঠীয় সম্পৰ্কৰ এক সমন্বয়স্থলী।
খুৰশ্বিদ আহমেদৰ দূৰদৰ্শিতা, অধ্যৱসায়, সাহিত্যৰ প্ৰতি থকা প্ৰেম আৰু নিৰলস প্ৰচেষ্টাই তেওঁক কেৱল ভাৰতৰ ভিতৰতে নহয়, বৰঞ্চ বিশ্ব সাংস্কৃতিক মানচিত্ৰত বিহাৰৰ ভাবমূৰ্তিৰ এক নতুন সংজ্ঞা প্ৰদান কৰিছে। এটা সময়ত ৰাজনৈতিক বা ঐতিহাসিক প্ৰাসংগিকতাৰ দৃষ্টিৰে চোৱা পাটনা এতিয়া সাহিত্যিক আৰু সাংস্কৃতিক নৱজাগৰণৰ এক চহকী স্থান হিচাপে পৰিগণিত হৈছে।