দেৱকিশোৰ চক্ৰৱৰ্তী
নাৰী শক্তি আৰু নাৰী সৱলীকৰণৰ এক শক্তিশালী প্ৰমাণ হিচাপে পৰিগণিত হৈছে এগৰাকী মহিলা। তেওঁৰ নাম হৈছে হালিমা খাতুন। সুন্দৰবনৰ হিংগলগঞ্জৰ এখন সৰু গাঁও উত্তৰ মামুদপুৰত জন্মগ্ৰহণ কৰিছিল হালিমা খাতুনে। অতি দৰিদ্ৰতাৰ মাজেৰে ডাঙৰ-দীঘল হোৱা হালিমাৰ পিতৃ-মাতৃয়ে ঘৰখন চলাবলৈ বিড়ি প্ৰস্তুত কৰিছিল।
হালিমা জন্মগ্ৰহণ কৰা সৰু গাঁওখনত ছোৱালীসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছিল। ছোৱালীবোৰে বিদ্যালয়-মহাবিদ্যালয় দেখাৰ সৌভাগ্যই হোৱা নাছিল। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰমী আছিল হালিমাৰ পিতৃ-মাতৃ। হালিমাৰ শিক্ষাকলৈ যথেষ্ট গুৰুত্ব দিছিল পিতৃ-মাতৃয়ে। হালিমাৰ পিতৃ-মাতৃৰ এই সিদ্ধান্তই কেৱল ছোৱালীজনীৰ জীৱন সলনি কৰাই নহয়, অঞ্চলটোত এক আন্দোলনৰো সূচনা কৰিছিল।
হালিমাৰ সামাজিক দায়বদ্ধতাৰ মুহূৰ্ত
ইয়াৰ লগে লগে কলকাতা বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ পোৱা গাঁওখনৰ প্ৰথম মহিলা হিচাপে পৰিগণিত হয় হালিমা খাতুন। তেওঁৰ এই যাত্ৰা একেবাৰেই সহজ নাছিল। গাওঁবাসীয়ে তেওঁৰ কলকাতাত অধ্যয়ন কৰাৰ সিদ্ধান্তক বিভিন্ন ধৰণে সমালোচনা কৰিছিল। "মই যেতিয়া বিশ্ববিদ্যালয়লৈ গৈছিলোঁ, সেয়া এক বিদ্ৰোহৰ দৰেই আছিল", হালিমাই সেই দিনবোৰ স্মৰণ কৰি কয়।
তেওঁৰ বিৰুদ্ধে হোৱা সমালোচনা অতি কঠোৰ আছিল। "উচ্চশিক্ষা গ্ৰহণ কৰা গাঁওখনৰ ময়ে প্ৰথম ছোৱালী আছিলো।"-হালিমা কয়। সমালোচনা হোৱাৰ পিছতো তেওঁ বিচলিত হোৱা নাছিল। এই সমালোচনাসমূহে হালিমাৰ সংকল্পক আৰু অধিক গভীৰ কৰি তুলিলে। এগৰাকী ছাত্ৰী হৈ থাকোতেই, তেওঁ নিজৰ চাৰিওফালে থকা মহিলাসকলৰ সংগ্ৰাম, তেওঁলোকৰ নীৰৱতা, তেওঁলোকৰ অসহায়তা আৰু তেওঁলোকৰ মৌলিক অধিকাৰৰ অভাৱৰ কথা লক্ষ্য কৰিবলৈ ধৰিলে।
তেওঁ সুন্দৰবন অঞ্চলৰ মৎস্যজীৱী সম্প্ৰদায়ৰ মহিলাসকলৰ কাষত থিয় হৈ তেওঁলোকৰ সমস্যাৰ কথা শুনিছিল আৰু তেওঁলোকৰ উদ্বেগ আৰু মনোবল বৃদ্ধি কৰাত সহায় কৰিছিল। হালিমাই লাহে লাহে তেওঁলোকক নিজৰ অধিকাৰৰ বাবে কথা কোৱাৰ শক্তি আৱিষ্কাৰ কৰাত সহায় কৰিছিল। সৰু সৰু সংহতিমূলক কাৰ্যৰ পৰা আৰম্ভ হোৱা এই আন্দোলন অতি শীঘ্ৰে পুৰুষতান্ত্ৰিক সমাজক প্ৰত্যাহ্বান জনোৱা এক আন্দোলনত পৰিণত হৈছিল।
সামাজিক কাম-কাজত হালিমা খাতুন
২০০৯ চনত তেওঁ একশ্যন এড ইণ্ডিয়াত যোগদান কৰাৰ সুযোগ লাভ কৰে। তেওঁ 'উত্তৰ ২৪ পৰগনা'ৰ অতি পিছপৰা অঞ্চলত কাম কৰি দৰিদ্ৰতা আৰু ভয়ৰ মাজত আৱদ্ধ হৈ থকা মহিলাসকলক দেখিছিল। তাত বেছিভাগ মহিলাৰে ভোটাৰ প্ৰমাণপত্ৰ আৰু ৰেচন কাৰ্ড নাছিল। ছোৱালীবোৰে খুব কমকৈ স্কুললৈ গৈছিল। পিতৃতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰা শক্তিশালী পুৰুষৰ হেঁচাত নাৰীক নিস্তব্ধ কৰি ৰখা হৈছিল।
হালিমা আৰু তেওঁৰ সহকৰ্মীসকলে এখন গাঁৱৰ মহিলাসকলক আন এখন গাঁৱৰ মহিলাসকলৰ সৈতে সংযোগ কৰি একতা শৃংখলা গঢ়ি তোলাৰ বাবে বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিবলৈ আৰম্ভ কৰে। এইদৰে লাহে লাহে কিন্তু নিৰন্তৰভাৱে, পৰিৱৰ্তন আৰম্ভ হ'ল।
এই প্ৰচেষ্টাৰ ফলস্বৰূপে হাছনাবাদ-হিংগলগঞ্জ মুছলিম মহিলা সংঘ গঠন হয়। এই মঞ্চত ১৫ খন গাঁও পঞ্চায়তৰ প্ৰায় ২,০০০ মহিলা একগোট হৈছে। তেওঁলোকে একেলগে দুশৰো অধিক আৰটিআই আৱেদন দাখিল কৰিছে। যাৰ ফলত ৫৫০ গৰাকী কন্যা শিশুৱে বৃত্তি লাভ কৰিছে। তেওঁলোকে শতাধিক বাল্য বিবাহ বন্ধ কৰিছে আৰু বহুতো যুৱতীক নাৰী সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰিছে।
বাল্যবিবাহ ৰোধৰ অভিযানত হালিমা
তেওঁলোকে স্থানীয় জনসংখ্যাৰ বৃহৎ অংশৰ বিড়ি শ্ৰমিকসকলৰ অধিকাৰৰ বাবেও নিৰন্তৰভাবে কাম কৰি আহিছে। তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ৭০০ ৰো অধিক বিড়ি প্ৰস্তুত কৰা কৰ্মচাৰীৰ এতিয়া সঠিক পৰিচয় পত্ৰ আছে।
বাল্যবিবাহৰ বিৰুদ্ধে হালিমাৰ সংগ্ৰাম হয়তো তেওঁ কৰা ভাল কামবোৰৰ ভিতৰত সবাতোকৈ দৃশ্যমান কাৰ্য। দৰিদ্ৰতাৰ বাবে পৰিয়ালসমূহে নিজৰ কন্যা সন্তানক বিয়া কৰাই তেওঁলোকৰ বাবে উন্নত জীৱন নিশ্চিত কৰাৰ আশা কৰে, কিন্তু বাস্তৱত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।
বানাক্ৰান্তৰ কাষত থিয় দিছে হালিমা খাতুন
তেওঁ আৰক্ষীৰ সহায়ত বিবাহ অনুষ্ঠানলৈ যায়, বিবাহৰ ৰীতি-নীতি আৰম্ভ হোৱাৰ আগতেই বিবাহ বন্ধ কৰি দিয়ে। তেওঁৰ সাহসী হস্তক্ষেপৰ বাবে তেওঁক "দাবং" উপাধিও দিয়া হৈছে।
কিন্তু তেওঁৰ সাহসৰ আঁৰত আছে হতাশাৰ বোজা। তেওঁ হিংগলগঞ্জৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা, তথাপিও তেওঁ কিছু ক্লান্তিৰে স্বীকাৰ কৰে যে তেওঁৰ অঞ্চলটো দৰিদ্ৰতা আৰু নিৰক্ষৰতাত আবদ্ধ হৈ আছে।
"মই বহু বছৰ ধৰি চেষ্টা কৰি আহিছো। আমি একত্ৰিত হৈ কাম কৰো, নিজকে কাৰ্যকৰী কৰো। আমাৰ সন্মুখত থকা সমস্যাবোৰ অতি ভয়ংকৰ। আমাৰ সীমিত সামৰ্থৰ ভিতৰত, আমি যিমান পাৰোঁ সিমানে যুঁজিবলৈ চেষ্টা কৰোঁ। মই কেতিয়াও হাৰিবলৈ শিকা নাই, পৰাজয় স্বীকাৰ কৰিব শিকা নাই", হালিমা খাতুনে কয়।
এইবোৰ কাম কৰাৰ বাবে তেওঁ প্ৰায়ে বিপদৰ সন্মুখীন হয়। কঠোৰপন্থীসকলে এবাৰ তেওঁক এক নষ্টকাৰী প্ৰভাৱ বুলি অভিহিত কৰিছিল। মহিলাসকলক তেওঁলোকৰ অধিকাৰ দাবী কৰাৰ নামত বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
সাহায্য বিতৰণ কৰা মুহূৰ্তত হালিমা
তেওঁ বহুবাৰ ভাবুকি পাইছিল, আনকি যৌন নিৰ্যাতনৰো ভাবুকি পাইছিল। কিন্তু তেওঁ নিজৰ স্থিতিত অটল আছিল। "তেওঁলোকে এতিয়া মোক টেলিভিছন শ্ব'ত দেখা পায়, বাতৰি কাকতত আমাৰ কামৰ বিষয়ে পঢ়ে। তেওঁলোকে আমাৰ সমাজখনৰ পৰিৱৰ্তনৰ কাহিনী দেখিছে আৰু শুনিছে আৰু তেওঁলোকৰ দৃষ্টিভংগী লাহে লাহে সলনি হৈছে", তেওঁ কয়।
আজি, হালিমা এগৰাকী মাতৃ আৰু পত্নী। পৰিয়ালৰ দায়িত্ব থকাৰ পিছতো তেওঁ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে তেওঁৰ পৰিচয়ৰ মাজত ভাৰসাম্য ৰাখিছে। তেওঁৰ সপোন এতিয়া নিজৰ জিলাৰ বাহিৰেও অন্য অঞ্চলসমূহত সংগ্ৰামৰ প্ৰসাৰ ঘটোৱা। তেওঁ পশ্চিমবংগৰ মহিলাসকলক একত্ৰিত কৰিবলৈ 'পশ্চিম বংগ মুছলিম মহিলা সংঘ' নামৰ এটা বৃহত্তৰ মঞ্চ গঢ়ি তোলাৰ বাবে কাম কৰি আছে।
যিটো আগতে অসম্ভৱ যেন লাগিছিল যদিও সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে। নীৰৱতাত বাস কৰা মহিলাসকলে এতিয়া মাত মাতিছে, তেওঁলোকৰ কণ্ঠস্বৰ দাঙি ধৰিব শিকিছে আৰু সন্মান দাবী কৰিব জানিছে।
হালিমাৰ যাত্ৰা হৈছে নীৰৱতাৰ বিৰুদ্ধে প্ৰতিৰোধৰ কাহিনী। ভয়ৰ সন্মুখত নত হ'বলৈ অস্বীকাৰ কৰা সাহসৰ কাহিনী। এক প্ৰত্যাহ্বানৰ মাজেৰে আৰম্ভ হোৱা পৰিৱৰ্তনৰ কাহিনী। তেওঁ প্ৰমাণ কৰিছে যে ভাৰতৰ দূৰ-দূৰণিৰ কোণত এগৰাকী মহিলাৰ সংকল্পই বহু লোকৰ জীৱন সলনি কৰিব পাৰে।